মহে বিয়পোৱা অন্যতম আতংক সৃষ্টিকাৰী এটা ৰোগ হ’ল চিকুনগুণিয়া। কোনো ধৰণৰ বিশেষ চিকিৎসা নথকা ই এক প্ৰকাৰৰ ভাইৰাচজনিত ৰোগ। চিকুনগুণিয়াৰ সাধাৰণ লক্ষণবোৰ হ’ল সাতৰ পৰা দহ দিন পৰ্য্যন্ত একেৰাহে হোৱা অতি বেছি জ্বৰ। গাঁঠিবিলাকত প্ৰচণ্ড বিষ। মূৰৰ বিষ। বমি। ভাগৰুৱা আৰু বমিৰ ভাব। এডিচ ইজিপ্তি নামৰ মহবিধে এই ৰোগটো বিয়পায়। যদিও ৰোগটো সিমান বেছি মাৰাত্মক নহয়, অৰ্থাৎ ৰোগাক্ৰান্ত লোক বেছি সংখ্যকে আৰোগ্য হয়, তথাপি ৰোগটোৰ দ্বাৰা আক্ৰান্ত লোকসকল আৰ্থিক তথা শাৰিৰীকভাৱে অশেষ ক্ষতিৰ সন্মুখীন হয়। চিকুনগুণিয়া হোৱা বুলি সন্দেহ কৰা লোকৰ তেজ পৰীক্ষা কৰা এন.আই.চি.ডি. নামৰ প্ৰতিষ্ঠানটোৰ বিজ্ঞানীসকলে সন্দেহ কৰিছে যে পূব আফ্ৰিকাৰ ভাইৰাচ এবিধৰ সৈতে ভাৰতৰ ভাইৰাচবিধৰ সংমিশ্ৰণ ঘটিছে আৰু সেয়ে ৰোগটোৱে মহামাৰীৰ ৰূপ লৈছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডা: অন্বুমণি ৰামদছে প্ৰকাশ কৰা মতে, প্ৰতিৰোধ ব্যৱস্থাই এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়। চিকুনগুণিয়া নামৰ ৰোগটোৰ প্ৰতিৰোধৰ কাৰণে কোনো ধৰণৰ ছিটা আদি আৱিষ্কাৰ হোৱা নাই। একমাত্ৰ পেৰাচিটামল আৰু যথেষ্ট পৰিমাণে মুখেৰে খুওৱা পনীয়া দ্ৰব্যই মানুহক এই ৰোগৰ পৰা বচাব পাৰে। ডেংগুৰ দৰে এই ৰোগটোও কেৱল দিনত কামোৰা মহৰ কাৰণে হয়, সেয়ে আঁঠুৱা তৰি শুলেও এই ৰোগ প্ৰতিৰোধ নহয়। সেয়ে জনসাধাৰণ নিজে নিজে কিছু সাৱধান হোৱা দৰকাৰ। ৰাইজে নিজৰ ঘৰৰ চৌপাশে আৰু ঘৰৰ ভিতৰতো অব্যৱহৃত বা দীৰ্ঘদিন ধৰি পেলাই থোৱা পাত্ৰ, ফুলদানী আদিত কেতিয়াও পানী জমা হ’বলৈ নিদিব। আনকি কুলাৰ, এ.চি.চেম্বাৰ আদিতো কোনো কাৰণতো পানী জমা হ’বলৈ নিদিবৰ বাবে ৰাজ্য প্ৰশাসনবিলাকে জনসাধাৰণক সততে সোঁৱৰাই থাকিল। কাৰণ এনে ধৰণৰ পানী জমা হোৱা পাত্ৰবিলাকতে এডিচ জাতৰ মহে কণী পাৰি পোৱালি জগায়। দিল্লীৰ মূলচান্দ হস্পিতালৰ ডা: কে কে আগৰৱালে দিল্লীত পোন প্ৰথমবাৰৰ বাবে বি ৰবি ছন্দৰ নামৰ লোকজনৰ শৰীৰত চিকুনগুণিয়া ধৰা পেলায়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, চিকুনগুণিয়া ৰোগটো যদিও ভাৰতত বত্ৰিশ বছৰৰ পিছত পুনৰ দেখা দিছে, তথাপি এই ৰোগটোক বিশ্ব বেংকৰ অধীনস্থ ইন্টিগ্ৰেটেড ডিজিজ ছাৰ্ভিলেন্স প্ৰগ্ৰেমৰ অন্তৰ্ভুক্ত কৰা হৈছে। ৰোগটো নিৰ্মূলকৰণৰ বাবে ৰাষ্ট্ৰীয় পৰ্য্যায়ত কোনো ধৰণৰ আঁচনি এতিয়ালৈকে লোৱা হোৱা নাই। আই.চি.এ.আৰে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ সহযোগত ৰোগটো প্ৰতিৰোধৰ কাৰণে প্ৰতিষেধক ছিটা উদ্ভাৱন গৱেষণা কৰি আছে বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। চিকুনগুণিয়াৰ কিছু তথ্য চিকুনগুণিয়া জ্বৰ মহামাৰী ৰূপত ভাৰতত প্ৰথম দেখা দিছিল কলকাতাত ১৯৬৩ চনত। ১৯৬৫ চনত তামিলনাডু, অন্ধ্ৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত। ১৯৭৩ চনত মহাৰাষ্ট্ৰৰ ৱাৰ্ছি নামৰ ঠাইখনত। ৩২ বছৰৰ আগতে দেখা দিয়া ভাৰতৰ চিকুনগুণিয়াৰ ভাইৰাচবিধ যথেষ্ট দুৰ্বল আছিল বাবে ৰোগটোত বেছি লোকৰ মৃত্যু হোৱা নাছিল। কিন্তু এইবাৰৰ ভাইৰাচবিধ মাডাগাস্কাৰৰ পৰা বিয়পা আফ্ৰিকীয় প্ৰজাতিৰ। এইবিধ ভাইৰাচ অতি দ্ৰুত গতিত বিয়পে আৰু অতি মাৰাত্মক। কেনেকৈ বিয়পে চিকুনগুণিয়া এই ৰোগ এডিচ ইজিপ্তি নামৰ মহবিধৰ দ্বাৰা বিয়পে। এই ৰোগত ভুগি থকা এজন ৰোগীক কামুৰি আহি আন এজন সুস্থ লোকক কামুৰিলে, সুস্থ লোকজনৰ দেহত ৰোগটোৰ বীজাণু প্ৰৱেশ কৰে। মহে কামোৰাৰ দুদিনৰ পৰা দহ দিনৰ ভিতৰত ৰোগৰ লক্ষণ প্ৰকাশ পায়। বান্দৰ আৰু অন্য বনৰীয়া জন্তুৰ শৰীৰতো এই ৰোগৰ বীজাণু সঞ্চিত হৈ থাকিব পাৰে। মহে এই জন্তুবিলাকৰ শৰীৰৰ পৰা মানুহৰ গালৈ ৰোগটো বিয়পায়। চিকিৎসা বিশেষ ধৰণৰ কোনো চিকিৎসা নাই। সাধাৰণতে পেৰাচিটামল জাতীয় ঔষধ প্ৰয়োগ কৰা হয়। কোনো ধৰণৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ হোৱা নাই। প্ৰতিৰোধ ব্যৱস্থা কীট-পতংগ নাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে। দীঘল হাতৰ চোলা আৰু লংপেন্ট পিন্ধিব লাগে। মহে কণী পৰা ঠাইবোৰ চিনাক্ত কৰি শুকানকৈ ৰাখিব লাগে। কুলাৰ, ফুলদানী, টাব, অব্যৱহৃত টায়াৰ, বাল্টি আৰু ড্ৰাম আদি সম্পূৰ্ণকৈ খালি কৰি শুকানকৈ ৰাখিব লাগে। চিকুনগুণিয়াত আক্ৰান্ত লোকজনে পৰাপক্ষত নিজকে মহৰ কামুৰণিৰ পৰা বচাই ৰাখিব যাতে, তেওঁক কামুৰি মহে ৰোগৰ বীজাণু আনৰ গালৈ বিয়পাব নোৱাৰে। এই ৰোগ পূব আফ্ৰিকাৰ স্বাহিলি নামৰ ঠাইৰ পৰা উৎপত্তি হৈছিল। ৰোগটোৱে পূব আফ্ৰিকাত মহামাৰীৰ ৰূপ লৈছিল ১৯৫২-৫৩ চনত। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।