জাপানী এনকেফেলাইটিছ ৰোগটো বিস্তাৰ হোৱাত গাহৰিয়ে যথেষ্ট আগ-ভাগ লয়। কিছু ক্ষেত্ৰত অঞ্চলটোৰ ১০০ শতাংশ গাহৰিয়ে জে ই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। ৰোগাক্ৰান্ত গাহৰিয়ে এই বেমাৰৰ বিশেষ কোনো লক্ষণ নেদেখুৱায়। অথচ এই ৰোগৰ বীজাণু বহু পৰিমাণে বৃদ্ধি কৰি গোটেই শৰীৰটোত থকা তেজলৈ বীজাণু বিস্তাৰ কৰি দিয়ে। এই ধৰণৰ গাহৰিৰ পৰা কিউলেক্স নামৰ মহবিধে তেজ শোষণ কৰাৰ সময়ত ৰোগৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হয় আৰু ইয়াৰ ৯-১২ দিন পিছত বেলেগ ভাল গাহৰিলৈ বা মানুহ, গৰু, ম’হ, ছাগলী ইত্যাদিলৈ বীজাণু বিয়পাই দিয়ে। কোৱা হৈছে এই মহবিধে খেতিপথাৰত থকা পানীত কণী এৰি দিয়ে আৰু বংশ বৃদ্ধি কৰে। মানুহৰ ক্ষেত্ৰত জাপানী এনকেফেলাইটিছ জে ই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত মহে কামোৰৰ ৫-১৫ দিনৰ ভিতৰত এই ৰোগৰ লক্ষণ মানুহৰ গাত দেখা দিয়ে। অৱশ্যে যিমানখিনি মানুহক কামোৰে, সেই আটাইবোৰ মানুহ জে ই বেমাৰৰ দ্বাৰা আক্ৰান্ত নহয়। ১:৩০০ ৰ পৰা ১:১০০০ অনুপাতত বেমাৰত আক্ৰান্ত হ’ব পাৰে বুলি কোৱা হৈছে। মানুহৰ ক্ষেত্ৰত জে ই বেমাৰৰ তিনিটা পৰ্যায় আছে। (১) প্ৰোড্ৰ’মেল পৰ্যায় ৰোগীয়ে অতি সোনকালে দুৰ্বল হৈ জ্বৰ, মূৰৰ বিষৰ দ্বাৰা ভাৰাক্ৰান্ত হৈ পৰে। এই পৰ্যায়টো ১-৬ দিন পৰ্যন্ত হ’ব পাৰে। (২) এনকেফেলাইটিক পৰ্যায় জ্বৰৰ পৰিমাণটো বৃদ্ধি হয়(৩৮-৪০.৭)ডিগ্ৰীৰ চেলচিয়াছ পৰ্যন্ত, স্নায়ুতন্ত্ৰ দুৰ্বল, ৰোগীয়ে ভয়ংকৰভাৱে কঁপিবলৈ ধৰে আৰু দীঘলীয়া সংজ্ঞাহীন অৱস্থালৈ গুচি যায়। (৩) শেষৰ পৰ্যায় গাৰ উত্তাপ আৰু ই এছ আৰ অস্বাভাৱিক হয়। স্নায়ুতন্ত্ৰৰ লক্ষণবোৰ প্ৰকট হ’বলৈ ধৰে, কঁপনি আৰম্ভ হয় আৰু এই পৰ্যায়টো দীঘলীয়া হয়। ২০-৪০ শতাংশ ৰোগী বেয়া অৱস্থালৈ গতি কৰি ৯ দিনৰ ভিতৰত মৃত্যু হয়। ৰোগৰ নিয়ন্ত্ৰণ মহৰ বংশবৃদ্ধি হোৱাত বাধা প্ৰদানৰ বাবে তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱা। ইয়াৰ বাবে দৰকাৰী কীটনাশক দ্ৰব্য ফ’গিং কৰিব লাগে। যাতে মহবোৰ মৰি নাইকিয়া হয়। মহে কণী দিব পৰা সম্ভাৱনা থকা ঠাইবোৰতো ফ’গিঙৰ ব্যৱস্থা কৰিব লাগে। প্ৰতিষেধক হিচাপে যি ঠাইত বেমাৰটোৱে দেখা দিয়ে, তাৰ পৰা ২-৩ কি:মি: আঁতৰলৈ চাৰিওফালে আগতীয়াকৈ ফ’গিঙৰ ব্যৱস্থা কৰিব লাগে। যি ঠাইত বেমাৰটোৱে দেখা দিয়ে, সেই ঠাইডোখৰ নিৰীক্ষণত ৰাখিব লাগে। অঞ্চলটোৰ আটাইবোৰ মানুহকে নিশা শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰিবলৈ ক’ব লাগে। যিবোৰ ঠাইত বেমাৰটো নতুনকৈ হোৱাৰ আশংকা আছে, সেই ঠাইবোৰত ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই ক্ষেত্ৰত ছিটাৰ দুটা মাত্ৰা ব্যৱহাৰ কৰা হয়। এই মাত্ৰা ১ মি:লি: পৰিমাণত দিয়াৰ ৭-১৪ দিনৰ ব্যৱধানত আনটো মাত্ৰা ১ মি:লি: দিয়া হয়। ছিটাটো ছালৰ তলত দিয়া হয়। ৩ বছৰৰ তলৰ ল’ৰা ছোৱালীক ০.৫ মি:লি: মাত্ৰাত দিয়া হয়। দ্বিতীয়টো ছিটা দিয়াৰ কেইমাহমান পিছত অথচ এবছৰ হোৱাৰ আগে আগে আৰু এটা ছিটা দিয়া হয়, ইয়াক বুষ্টাৰ বুলি কোৱা হয়। ইয়াৰ দ্বাৰা সম্পূৰ্ণকৈ বেমাৰটো হোৱাত বাধা প্ৰদান কৰিব পৰা হয়। দ্বিতীয়টো ছিটা লোৱাৰ এমাহৰ পিছতহে বেমাৰটো মানুহৰ দেহত হোৱাত বাধা দিব পৰা হয়। ৩ বছৰৰ পিছত আকৌ ছিটা ল’ব পৰা যায়। মানুহ বসবাস কৰা ঠাইৰ একেবাৰে লগতে গাহৰি ৰাখিব নালাগে। পৰাপক্ষত গাহৰিক জে ই ৰোগৰ ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিহেতু ৰোগ বিস্তাৰত ইহঁতে যথেষ্ট আগ-ভাগ লয়। এই ৰোগ কেতিয়াবা ডাঙৰ মহামাৰী ৰূপত দেখা দিলে হয়তো গাহৰি বোৰ মাৰি পেলোৱাৰ নিচিনা সিদ্ধান্ত চৰকাৰে ল’ব লগা হ’ব পাৰে। কাৰণ ১৯৯৯ চনত মালয়েছিয়া চৰকাৰে এই ৰোগ নিয়ন্ত্ৰণৰ অৰ্থে লাখৰ ঘৰত গাহৰি নিধন কৰিবলগীয়া হৈছিল। লিখক: ডা° সুভাষ শৰ্মা, অসমীয়া প্ৰতিদিন।