মেলেৰিয়া হৈছে মহৰ কামোৰৰ যোগেদি বিয়পা এবিধ গুৰুতৰ ৰোগ।বছৰি পৃথিৱীত ৩০০ ৰ পৰা ৫০০ নিযুত মানুহ মেলেৰিয়াত আক্ৰান্ত হয় আৰু প্ৰায় ১০ লাখ শিশুৰ মেলেৰিয়া ৰোগত মৃত্যু হয়। যিবোৰ ঠাইত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ আছে, তেনে ঠাইত ই শিশুৰ মৃত্যুৰ আৰু লেহেমীয়া বিকাশৰ অন্যতম কাৰণ। গৰ্ভৱতী নাৰীৰ কাৰণে মেলেৰিয়া অতি মাৰাত্মক। ই অত্যাধিক ৰক্তহীনতা, গৰ্ভপাত, মৃত সন্তান প্ৰসৱ, জন্মৰ সময়ত শিশুৰ ওজন কম হোৱা আৰু মাতৃৰ মৃত্যু আদিও ঘটাব পাৰে। মেলেৰিয়াৰ প্ৰতিৰোধ আৰু আৰম্ভণীতে চিকিৎসা কৰিলে বহুতো জীৱন বচাব পৰা যায়। মেলেৰিয়া ৰোগৰ মূল বক্তব্যসমূহ প্ৰতিটো পৰিয়াল, প্ৰতিজন লোকে তলৰ কথাকেইটা জনা দৰকাৰ। ১) মেলেৰিয়া ৰোগ মহৰ কামোৰৰ জৰিয়তে বিয়পে। নিৰ্দিষ্ট কীটনাশক দ্ৰব্য দিয়া বিশেষ আঁঠুৱাৰ ব্যৱহাৰেই মহৰ কামোৰ প্ৰতিৰোধ কৰাৰ শ্ৰেষ্ঠ উপায়। অতিৰিক্ত তথ্য শিশু আৰু গৰ্ভৱতী নাৰীকে আদি কৰি সমাজৰ সকলোকে মহৰ কামোৰৰ পৰা সুৰক্ষিত কৰিব লাগে। বিশেষকৈ সূৰ্য্যাস্ত আৰু সূৰ্যোদয়ৰ মাজত মহবোৰ বেছি সক্ৰিয় হয়। বিশেষ দ্ৰব্য দিয়া আঁঠুৱা, পৰ্দা আৰু দলিচা পাৰিলে মহৰ মৃত্যু হয়। এনে সামগ্ৰী নিয়মিতভাৱে ব্যৱহাৰ কৰিব লাগে। বিশেষ দ্ৰব্য দিয়া আঁঠুৱাবোৰ ছমাহত এবাৰ, বাৰিষাৰ আগে আগে আৰু প্ৰতি তিনিবাৰ ধোৱাৰ পাছত পুনৰ দ্ৰব্যত দিব লাগে। এইক্ষেত্ৰত প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যকৰ্মীয়ে বিশেষ সহায় কৰিব পাৰে। কেঁচুৱা আৰু শিশুক তেনে আঁঠুৱাৰ তলত শোৱাটো বাধ্যতামূলক কৰিব লাগে। যদি এনে আঁঠুৱাৰ দাম বেছি, তেনেহ’লে এখন ডাঙৰ আঁঠুৱা কিনি সকলো শিশুক একেলগে শুৱাব লাগে। স্তনপান কৰা কেঁচুৱা আৰু মাকজনীও এনে আঁঠুৱাৰ তলত শুব লাগে। বিশেষ আঁঠুৱাবোৰ গোটেই বছৰ ব্যৱহাৰ কৰিব লাগে। যদি আঁঠুৱা ব্যৱহাৰ কৰিব পৰা নাযায় তেতিয়া দুৱাৰ আৰু খিৰিকিত বিশেষ দ্ৰব্য দিয়া পৰ্দা, কাপোৰ বা দলিচা ওলোমাই দিব লাগে। দুৱাৰ আৰু খিৰিকিত জালি লগাব লাগে। মহ খেদা ধূপ জ্বলাব লাগে। আন্ধাৰ নমাৰ লগে লগে হাত-ভৰি ঢকা দীঘল কাপোৰ পিন্ধিব লাগে। গৰ্ভৱতী নাৰীৰ বিশেষ যত্ন ল’ব লাগে। ২) য’ত মেলেৰিয়া বেছিকৈ হয়, তাত শিশুৰ প্ৰতি ভাবুকি বেছি। জ্বৰ হ’লেই শিশুক প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যকৰ্মীৰ দ্বাৰা পৰীক্ষা কৰাই চিকিৎসা কৰাব লাগে। অতিৰিক্ত তথ্য জ্বৰ হ’লে সদায় মেলেৰিয়া বুলি সন্দেহ কৰিব লাগে। শিশুৰ বমি হ’লে, নোখোৱা হ’লে বা ফিট হৈ গ’লেও এই সন্দেহ কৰিব লাগে। মেলেৰিয়াৰ পৰা শিশুৰ জ্বৰ হোৱা বুলি সন্দেহ হ’লে ততালিকে চিকিৎসা কৰাব লাগে। এদিনৰ ভিতৰতে চিকিৎসা আৰম্ভক নহ’লে শিশুৰ মৃত্যু পৰ্য্যন্ত হ’ব পাৰে। এই ক্ষেত্ৰত স্বাস্থ্যকৰ্মীয়ে উপযুক্ত পৰামৰ্শ দিব পাৰে। মেলেৰিয়াৰ পৰা আৰোগ্য হ’লেও শিশুটোক চিকিৎসকে দিয়া আটাইখিনি ঔষধ খুৱাই শেষ কৰিব লাগে। চিকিৎসা বা ঔষধ সম্পূৰ্ণ নকৰিলে মেলেৰিয়াই ভয়ানক ৰূপ লৈ জটিলতাৰ সৃষ্টি কৰিব পাৰে। চিকিৎসাৰ পাছতো মেলেৰিয়াৰ লক্ষণসমূহ চলি থাকিলে শিশুক পুনৰ চিকিৎসালয়লৈ নিব লাগে। এই ক্ষেত্ৰত সমস্যাসমূহ এনেকুৱা হ’ব পাৰে- শিশুটোৱে পৰ্যাপ্ত ঔষধ পোৱা নাই। মেলেৰিয়াৰ উপৰিও তাৰ অইন ৰোগ আছে। নিৰ্দিষ্ট ঔষধে কাম নকৰিব পাৰে, সেয়ে অইন ঔষধৰ প্ৰয়োজন। ৩) গৰ্ভৱতী নাৰীৰ বাবে মেলেৰিয়া অতি বিপদজনক। য’ত মেলেৰিয়া বেছিকৈ হয়, তাত গৰ্ভৱতী নাৰীক স্বাস্থ্যকৰ্মীৰ পৰামৰ্শ লৈ মেলেৰিয়া টেবলেট খুৱাব লাগে। অতিৰিক্ত তথ্য আন নাৰীতকৈ গৰ্ভৱতী নাৰীৰ মেলেৰিয়া হোৱাৰ সম্ভাৱনা বেছি। গৰ্ভাৱস্থাত, বিশেষকৈ প্ৰথম গৰ্ভাৱস্থাত, ই অতি বিপদজনক হ’ব পাৰে। ই অত্যাধিক ৰক্তহীনতা, গৰ্ভপাত, অপৈণত প্ৰসৱ আৰু মৃত সন্তান প্ৰসৱ কৰাবও পাৰে। মেলেৰিয়াত ভোগা নাৰীৰ সন্তান জন্মতে ওজন কম হ’ব পাৰে আৰু সেয়ে সহজতে যিকোনো ৰোগে আক্ৰমণ কৰিব পাৰে। গৰ্ভাৱস্থাত সকলো মেলেৰিয়া টেবলেট নিৰাপদ নহ’বও পাৰে। এই বিষয়ে স্বাস্থ্যকৰ্মীৰ পৰামৰ্শ ল’ব। গৰ্ভৱতী নাৰী আঁঠুৱাৰ তলত শুব লাগে। মেলেৰিয়াৰ লক্ষণ দেখিলে গৰ্ভৱতী নাৰীয়ে স্বাস্থ্যকৰ্মীক আইৰণ আৰু ভিটামিন এ পৰিপূৰকৰ বিষয়ে সুধিব লাগে। ৪) মেলেৰিয়াত ভোগা বা ভাল পাবলৈ লোৱা শিশুক প্ৰচুৰ পৰিমাণে পনীয়া আৰু গোটা খাদ্যৰ প্ৰয়োজন। অতিৰিক্ত তথ্য মেলেৰিয়াই শক্তি ক্ষয় কৰে আৰু শিশুৰ ঘামৰ জৰিয়তে দেহৰ পানী ওলাই যায়। দেহৰ পানীৰ পৰিমাণ বজাই ৰাখিবলৈ শিশুক সঘনাই পনীয় আৰু গোটা খাদ্য দিব লাগে। সঘনাই স্তনপান কৰালে শিশুৰ দেহৰ পানীৰ পৰিমাণো ঠিকে থাকে, মেলেৰিয়াকে আদি কৰি বিভিন্ন ৰোগো প্ৰতিৰোধ হয়। মেলেৰিয়াত ভোগা শিশুক সঘনাই স্তনপান কৰাব লাগে। সঘনাই মেলেৰিয়া হোৱা শিশুৰ শৰীৰ আৰু মগজুৰ বিকাশ বাধাগ্ৰস্ত হ’ব পাৰে, লগতে ৰক্তহীনতাও হ’ব পাৰে। একাধিকবাৰ মেলেৰিয়াত ভোগা শিশুক সঘনাই স্তনপান কৰাব লাগে। সঘনাই মেলেৰিয়া হোৱা শিশুৰ শৰীৰ আৰু মগজুৰ বিকাশ বাধাগ্ৰস্ত হ’ব পাৰে, লগতে ৰক্তহীনতাও হ’ব পাৰে। একাধিকবাৰ মেলেৰিয়াত ভোগা শিশুৰ ৰক্তহীনতা পৰীক্ষা কৰাব লাগে। ৫) ৰাইজে মিলিজুলি মহে বংশবৃদ্ধি কৰা বন্ধ কৰি মেলেৰিয়া প্ৰতিৰোধ কৰিব পাৰে। অতিৰিক্ত তথ্য বন্ধ পানী পালেই মহে বংশবৃদ্ধি কৰে। পুখুৰী, পিতনি, বোকা, খাল, নৰ্দমা, আনকি গছপাতত জমা হোৱা পানীতো, পানীৰ টেংক, ধাননী পথাৰ আৰু জান-জুৰিতো সিহঁতে কণী পাৰে। মহৰ বংশবৃদ্ধি তলত দিয়া উপায়েৰে হ্ৰাস কৰিব পাৰি বন্ধ পানী নোহোৱা কৰি, খাল আদি পুতি বা পানী উলিয়াই দি। পানীৰ পাত্ৰ আৰু টেংকিত সাঁফৰ লগাই। ঘৰৰ ওচৰে পাজৰে থকা হাবি চাফা কৰি। মেলেৰিয়াই গোটেই সমাজ একোখনকে আক্ৰান্ত কৰিব পাৰে। সেয়ে ইয়াৰ বিৰুদ্ধে ৰাইজে মিলিজুলি কাম কৰা উচিত। উৎস: ইউনিচেফ, বিশ্ব স্বাস্থ্য সংস্থা, ইউনেস্কো, ইউ এন এফ পি এ, ইউ এন ডি পি, ডব্লিউ এফ পি, বিশ্ববেংকৰ দ্বাৰা প্ৰকাশিত ‘জীৱনৰ বাবে কিছু তথ্য’ নামৰ পুস্তিকাৰ পৰা।