গ্ৰামাঞ্চলৰ জনসাধাৰণ আজি এশ এবুৰি সমস্যাত জৰ্জৰিত হৈ পৰিছে। এই সমস্যাবোৰৰ ভিতৰত এইবোৰেই প্ৰধান। ১) বৰ্দ্ধিত জনসংখ্যা। ২) স্বাস্থ্যৰ প্ৰতি সজাগতাৰ অভাৱ। ৩) যাতায়তৰ ব্যৱস্থাৰ অভাৱ। ৪) নিৰক্ষৰতা। ৫) স্বাস্থ্য শিক্ষাৰ অভাৱ। ৬) স্বাস্থ্য সেৱাৰ অভাৱ। ইয়াৰ উপৰি গ্ৰামাঞ্চলত জনসাধাৰণৰ মাজত অন্ধবিশ্বাস আৰু বেজ ওজালি আদিৰ দৰে কু-সংস্কাৰৰ দৰে কাৰকবোৰেও গ্ৰামাঞ্চলৰ ৰাইজক নিৰোগী হৈ থকাত বহু পৰিমাণে বাধা দিছে। গ্ৰামাঞ্চলৰ ৭৫ শতাংসহ লোজেই দুখীয়া খেতিয়ক আৰু শ্ৰমজীৱি। ইয়াৰে ৩৫ শতাংশ লোক হৈছে দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰা লোক। এওঁলোকৰ থকা খোৱা আৰু বাসস্থানৰো অভাৱ। এই লোক সকলে আকৌ স্বাস্থ্য শিক্ষা আৰু নিৰোগী শৰীৰৰ বাবে বিশেষ যত্ন লোৱাৰ অৱকাশ নাই। এই লোকসকলৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তি জ্ঞান, জনশিক্ষা, জন জাগৰণৰ অভাৱ বাৰুকৈ দেখা যায়। জন সচেতনতাৰ অভাৱৰ ফলত গ্ৰামাঞ্চলৰ বহুতো ৰোগৰ সৃষ্টি হয়। গ্ৰামাঞ্চলত বহুতো লোকৰ অকালতে বিভিন্ন বেমাৰত মৃত্যু হৈছে। জন শিক্ষাৰ উন্নতিৰ অভাৱত আমাৰ গ্ৰামাঞ্চলত খোৱা পানীৰ পৰা বহুতো বেমাৰ হোৱা দেখা যায়। গাঁৱত বাস কৰা শতকৰা ৬৫ শতাংশ জন লোকে নদী, খাল, দোং আদিৰ পানী খায়। নদ নদীৰ পানীত শৌচ-প্ৰস্ৰাৱ মিহলি হোৱাৰ ফলত ৰোগৰ জীৱাণু সেই পানীৰ যোগেদি বিয়পি পৰে। খাল-পুখুৰীত গা-ধোঁৱা কাম কৰে। পানীৰ পৰা যে বিভিন্ন বেমাৰ হ’ব পাৰে সেই বিষয়ে আজিও আমাৰ গ্ৰামাঞ্চলৰ মানুহৰ মাজত সজাগতাৰ অভাৱ। পানীৰ পৰা হোৱা ৰোগসমূহ হৈছে ডায়েৰীয়া, গেষ্ট্ৰ এন্টাৰটাইটিছ, হেপাটাইটিচ বা জণ্ডিচ, কলেৰা আদি। নলবাৰী জিলাৰ উত্তৰ অঞ্চলত ভূটান পাহাৰৰ নামনি অঞ্চলত মেলেৰিয়া ৰোগে ৰাইজক বাৰুকৈয়ে জুৰুলা কৰি আহিছে। ইয়াৰ উপৰি ৭৮ খন হস্পিতাল এলেকাত মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ আছে বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে। মেলেৰিয়া ৰোগত আক্ৰান্ত হৈ এই বৃহৎ অঞ্চলটোত বহুসংখ্যক লোক মৃত্যু মুখত পৰিছে। বিশেষকৈ তামুলপুৰ, কমাৰীকাটা বাক্সা অঞ্চল মেলেৰিয়া অধ্যুষিত অঞ্চল বুলি সমগ্ৰ দেশতে জনাজাত হৈছে। আমাৰ গ্ৰামাঞ্চলৰ মানুহৰ মাজত স্বাস্থ্য জ্ঞান সম্পৰ্কে সচেতনতাৰ অভাৱৰ কাৰণে মেলেৰিয়া ৰোগে এই অঞ্চলবিলাকত ব্যাপকভাৱে বিয়পিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে আমাৰ স্বাস্থ্য বিভাগে নিষ্ঠা আৰু একাগ্ৰতাৰে সেৱাৰ মনোভাৱেৰে কাম কৰা নিতান্ত প্ৰয়োজন। জনসচেতনতা বৃদ্ধি কৰাৰ কাৰণে আমি নিম্নোক্ত উপায়সমূহ গ্ৰহণ কৰিব লাগে বুলি অনুভৱ কৰোঁ। বিদ্যালয় সমূহত সভা-সমিতি পাতি মেলেৰিয়া প্ৰতিৰোধ সম্পৰ্কে জন সচেতনাতা বৃদ্ধি কৰিব লাগে। বিশেষকৈ মহিলা সমিতি, সংঘ, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু আত্মসহায়ক গোট সমূহে ৰাইজৰ মাজত স্বাস্থ্য সম্পকে অৰ্থাৎ মেলেৰিয়াৰ পৰা ৰক্ষা পোৱাৰ বাবে জন সচেতনতা গঢ়ি তুলিব লাগে। চিনেমা, বেনাৰ, বাতৰি কাকত, দূৰদৰ্শন আদিৰ জৰিয়তে মেলেৰিয়া ৰোগৰৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব পাৰি তাৰ প্ৰতি ৰাইজক সচেতন কৰিব লাগিব। গাঁও অঞ্চলত কোনো ঘৰকে বাদ নিদিয়াকৈ ডি ডি টি ছটিয়াব লাগে। মেলেৰীয়া নিৰ্মূল আঁচনিসমূহ কাগজৰ পাতত নাৰাখি ৰাইজৰ মাজলৈ নিব লাগে। গ্ৰামাঞ্চলৰ মানুহক আঁঠুৱাৰ ব্যৱহাৰ কৰাৰ বাবে আগ্ৰহী কৰি তুলিব লাগে। ঘৰৰ ভিতৰ বাহিৰ পৰিষ্কাৰ-পৰিচন্ন কৈ ৰাখি তাত ফেনাইল আদি ব্যৱহাৰ কৰাৰ ব্যৱস্থা ল’ব লাগে। ঘৰৰ ভিতৰত যথেষ্ট বতাহ চলাচল কৰিব পৰাৰ ব্যৱস্থা কৰিব লাগে। খোৱা পানী উতলাই চেঁচা কৰি খোৱাটো অভ্যাসত পৰিণত কৰাৰ বাবে প্ৰয়োজনীয় প্ৰচাৰ আদি দিব লাগে। জ্বৰ হ’লে তেজ পৰীক্ষা কৰাটো বাধ্যতামূলক হ’ব লাগে। স্বাস্থ্যকৰ্মীসকলে জ্বৰ হোৱা লোকৰ তেজ পৰীক্ষা কৰি তাৰ ফলাফল যথাসম্ভৱ সোনকালে জনাব লাগে। জ্বৰ হ’লে অৱহেলা নকৰি তৎকালে সুস্থ কেন্দ্ৰৰ দ্বাৰা চিকিৎসাৰ ব্যৱস্থাৰ গ্ৰহণ কৰিব লাগে। লিখক: ধনেশ্বৰ হুজুৰী, সাংবাদিক, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।