ৰোগী এজনৰ সঘনাই জ্বৰ হৈ থাকিলে অথবা মেলেৰিয়া হোৱা বুলি সন্দেহ থাকিলে তাতলিকে স্বাস্থ্য কেন্দ্ৰলৈ নিয়াৰ ব্যৱস্থা কৰি তেজ পৰীক্ষা কৰোৱাব লাগে।মেলেৰীয়া ৰোগীক বয়স অনুপাতে ক্ল’ৰ’কুইন টেবলেট খাবলৈ দিলে অধিক ফলপ্ৰসু হোৱা দেখা যায়।ৰোগীজন ক্ল’ৰ’কুইন টেবলেট খাই আৰোগ্য লাভ কৰাৰ পাছত আকৌ জ্বৰ উঠিবলৈ আৰম্ভ কৰে তেনেহ’লে ৰোগীজনে বেলেগ ধৰণৰ ঔষধ যেনে, প্ৰিমাকুইন খাব লাগে।প্ৰিমাকুইন খোৱাৰ পাছতো যদি ৰোগীয়ে আৰোগ্য পোৱা দেখা নাযায় তেনেহ’লে ৰোগীজনক বয়স অনুযায়ী আৰটিচুনেট আৰু চালফা পিৰামিঠামিন টেবলেট খুৱাই দিব লাগে। সম্ভৱ হ’লে ক্ল’ৰকুইনৰ বেজী দিব লাগে। কেতিয়াবা মেলেৰিয়া ৰোগীৰ ক্ষেত্ৰত Artesunate, Artemether, Arteethel, Artemisini আদি বেজী সমূহ দিয়া দেখা যায়। উল্লেখযোগ্য যে, গৰ্ভৱতী মহিলাক এই বেজী সমূহ দিয়া নহয়। মেলেৰিয়া আক্ৰান্ত ৰোগীসকলে ক্ল’ৰ’কুইন আৰু প্ৰিমাকুইন বয়স অনুযায়ী কেনেদৰে খালে অধিক ফলাদায়ক হ’ব তলত তালিকা দিয়া হ’ল ক্ল’ৰ’কুইন টেবলেট বয়স প্ৰথম দিন ক্ল’ৰ’কুইন টেবলেট ২য় দিন ক্ল’ৰ’কুইন টেবলেট ৩য় দিন ক্ল’ৰ’কুইন টেবলেট >১ ১/২ ১/২ ১/৪ ১-৪ ১ ১ ১/২ ৫-৮ ২ ২ ১ ৯-১৪ ৩ ৩ ১.৫ ১৫বা ১৫তকৈ বেছি ৪ ৪ ২ প্ৰিমাকুইনঃ বয়স বছৰ হিচাপত প্ৰিমাকুইন (7.5 mg Case) ১৪ দিনৰ কাৰণে ডেইলি ড’জ (প্ৰিমাকুইন2.5 mg) mg টেবলেটৰ সংখ্যা mg টেবলেটৰ সংখ্যা >১ - ০ - ০ ১-৪ ৭.৫ ১ ২.৫ ১ ৫-৮ ১৫ ২ ০.৫ ২ ৯-১৪ ৩০ ৪ ১০.০ ৪ ১৫বা ১৫তকৈ বেছি ৪৫ ৬ ১৫.০ ৬ মেলেৰিয়া ৰোগ নিৰ্মূল কৰাটো সম্ভৱপৰ নহ’লেও ইয়াক বহুলাংশে কমাব বা দমন কৰিব পৰা যায়। কিছুমান অতি পিছপৰা গাঁৱত তেতিয়াও মানুহে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ পূজা-পাতল কৰি মেলেৰিয়া ৰোগ নিৰাময়ৰ এটা বৃথা প্ৰচেষ্টা হাতত লোৱা দেখা যায়। যাৰ ফলত ৰোগীজনে মৃত্যুক সাৱতি ল’বলগীয়া হয়। স্বাস্থ্যকৰ্মী হিচাপে আমি গাঁৱে-ভূঞে মেলেৰিয়া ৰোগৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক মেলেৰিয়া ৰোগৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক মেলেৰিয়া ৰোগ সম্পৰ্কে আৰু ইয়াৰ ভয়াবহতাৰ কথা বুজাই দিব লাগে। এই ক্ষেত্ৰত স্বাস্থ্য কৰ্মীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। প্ৰত্যেকজন স্বাস্থ্য কৰ্মীয়ে নিস্বাৰ্থভাৱে ওলাই আহি ৰাইজৰ সেৱা কৰি গ’লে মেলেৰিয়া ৰোগৰ বিস্তাৰ বহুপৰিমাণে নিশ্চয় লাঘৱ হ’ব। গাঁৱৰ প্ৰতিজন মানুহ সুস্বাস্থ্যৰ অধিকাৰি হ’লে নিশ্চয় এখন সুস্থ-সবল সমাজ আমি আশা কৰিব পাৰিম। উৎসঃ স্বাস্থ্য সংবাদ(এনআৰএইচএম)