ফ্লুৰ লক্ষণঃ মূৰৰ বিষ, কঁপনি উঠা, জ্বৰ উঠা ইত্যাদি। ফ্লু হোৱা ব্যক্তিয়ে উশাহ-নিশাহ লোৱাত কষ্ট পায়। অনবৰতে নাকেৰে পানী অথবা শেঙুন ওলাই থাকে। নাক বন্ধ হৈ থাকে আৰু যথেষ্ট কষ্ট অনুভৱ হয়। ডিঙি শুকান শুকান লাগে। ডিঙিৰ ভিতৰভাগ খচখচাই থাকে আৰু ডিঙিৰ ভিতৰভাগত খজুৱতি লাগি থকা যেন লাগে। ডিঙিৰ ভিতৰভাগ ৰঙা পৰি ফুলি উঠে আৰু কেতিয়াবা ডিঙিৰ ভিতৰভাগত ৰঙচুৱা গুটি ওলায়। ঢোক গিলিলে অথবা কিবা খালে ডিঙি বিষায়। কেতিয়াবা আনকি একো নকৰিলেও ডিঙি বিষাব পাৰে। মাত বহি গৈ কণ্ঠস্বৰ সলনি হ’ব পাৰে। শুকান কাহ হ’ব পাৰে। ৰাতি শোৱাৰ সময়ত কাহ অধিক হোৱা দেখা যায়। চকু ৰঙা পৰা আৰু চকুৰে পানী ওলাব পাৰে। গা আৰু মূৰৰ বিষ হয়। ভোক কমি অহা আৰু দুৰ্বলতা অনুভৱ হয়। এলেহুৱা অনুভৱ হয়। ফ্লুৰ পৰা হ’ব পৰা জটিলতাঃ ফ্লুৰ প্ৰকোপ অধিক হ’লে জটিলতাই দেখা দিব পাৰে। ফ্লুৱে শিশুৰ মনসংযোগ ক্ষমতা হ্ৰাস কৰিব পাৰে। সঘনাই ফ্লুত আক্ৰান্ত শিশু তুলনামূলকভাৱে কম স্মাৰ্ট হয়। শ্ৰেণীৰ আন ছাত্ৰ-ছাত্ৰীৰ তুলনাত কামত মন্থৰ হয়। শৰীৰ সুস্থ নহয় বাবে শৰীৰ বৃদ্ধিত বাধাগ্ৰস্ত আৰু জীৱন ধ্বংসমুখী হ’ব পাৰে। কণ্ঠস্বৰ দীৰ্ঘদিনলৈ পৰিৱৰ্তিত হৈ থাকিব পাৰে। ফ্লু হোৱা ৰোগীয়ে চিকিৎসাত পলম কৰিলে ব্ৰংকাইটিছ, লেৰিঞ্জাইটিছ, নিউমোনিয়া আদি ৰোগ হ’ব পাৰে। হাঁপানী থকা ব্যক্তিৰ ফ্লু হ’লে গুৰুতৰ অৱস্থাৰ সৃষ্টি কৰি ব্যক্তিক মৃত্যুৰ মুখলৈও ঠেলি দিব পাৰে। ফ্লুৰ চিকিৎসাঃ ফ্লু হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। ফ্লু ৰোগীক এণ্টি এলাৰ্জীক ঔষধ, কাহৰ ঔষধ, জ্বৰ কমাবলৈ পেৰাচিটামল টেবলেট আৰু খাবলৈ মাল্টি ভিটামিন দিয়া হয়। সাধাৰণতে ফ্লুত কোনোধৰণৰ এণ্টিবায়’টিক দিয়া নহয়। যদিহে ফ্লুৰ লগতে অন্য কিবা ইনফেকচন থাকে তেতিয়া হয়তো এণ্টিবায়’টিক দিয়া হ’ব পাৰে। মেন্থলযুক্ত ষ্টিম ইনহেল কৰিলে ৰোগীয়ে আৰাম অনুভৱ কৰে। ফ্লু হোৱা ব্যক্তিৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথা হ’ল পৰ্যাপ্ত জিৰণি লোৱা, প্ৰচুৰ পানী আৰু ফলমূলৰ ৰস খোৱা, ফলমূল, শাক-পাচলি আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা। ফ্লু আৰু ভেকচিনঃ সঘনাই ইনফ্লুয়েঞ্জা হৈ নানা জটিল সমস্যাৰ সন্মুখীন হ’ব পৰা ব্যক্তিসকলে এই ৰোগ প্ৰতিৰোধ কৰাৰ বাবে প্ৰতিবছৰে গ্ৰীষ্মকাল অহাৰ লগে লগে আজিকালি বজাৰত উপলব্ধি হোৱা ইনএক্টিভেটেড ইনফ্লুয়েঞ্জা ভেকচিন অথবা Live attenuated ইনফ্লুয়েঞ্জা ভেকচিন ল’ব পাৰে। ২ৰ পৰা ৮ ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত ৰাখিব লগা ইনএক্টিভেটেড ইনফ্লুয়েঞ্জা ভেকচিন ০.৫ মিলিলিটাৰ ডোজত বয়সিয়াল লোকক আৰু ০.২৫ ডোজত তিনিবছৰ বয়সৰ শিশুক বেজী হিচাপে মাংসপেশীত দিয়া হয়। আন বেজীৰ দৰে বিষ হোৱা, জ্বৰ, মূৰৰ বিষ আদি পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। ই এবিধ ত্ৰাইভেলেণ্ট ভেকচিন য’ত ইনফ্লুয়েঞ্জা ‘এ’ৰ দুটা আৰু ‘বি’ৰ এটা ছাব টাইপ থাকে। Live attenuated ইনফ্লুয়েঞ্জা ভেকচিন নেজেল স্প্ৰে’ হিচাপে ব্যৱহাৰ কৰা হয়। ভেকচিনে এশ শতাংশই ফ্লু প্ৰতিৰোধ নকৰে, মাত্ৰ ৰোগৰ আশংকাহে কমায়। হাৰ্ট আৰু শ্বাসতন্ত্ৰৰ ৰোগ থকা শিশু, এইচ আই ভি, হাঁপানী, ডায়েবেটিছ আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ কমোৱা অৱস্থা থকা ব্যক্তিসকলে এই ভেকচিন ল’ব পাৰে। শিশুসকলক ছয় মাহৰ পৰা আঠ বছৰ বয়সৰ ভিতৰত দুটা ডোজ বয়সিয়ালসকলক এটা ডোজ প্ৰাইমাৰী ভেকচিন হিচাপে দিব লাগে। তাৰ পাছত প্ৰতি বছৰে গ্ৰীষ্মকাল অহাৰ লগে লগে এটা ডোজ ভেকচিন ল’ব লাগে। ফ্লু হ’লে কি কৰিবঃ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। আক্ৰান্ত ব্যক্তিয়ে পৰিয়ালৰ আন সুস্থ ব্যক্তিবোৰৰ পৰা নিলগত থাকিব লাগে। আন লোকৰ সৈতে সীমিত সম্পৰ্ক ৰাখি মানুহৰ ভিৰ থকা ঠাইৰ পৰা পৰাপক্ষত আঁতৰি থাকি ঘৰতে থাকিব লাগে। কাহোঁতে বা হাঁচিয়াওতে নাক আৰু মুখ ৰুমালে বা টিছু পেপাৰেৰে ঢাকিব লাগে। এনে কৰাৰ ফলত ৰোগাক্ৰান্ত ব্যক্তিৰ ওচৰে-পাঁজৰে থকা লোকসকল সংক্ৰমণৰ পৰা ৰক্ষা কৰে। মাস্ক ব্যৱহাৰ কৰা উচিত। পৰ্যাপ্ত জিৰণি ল’ব লাগে আৰু ভালকৈ প্ৰতিদিনে অতি কমেও ৮ ঘণ্টামান টোপনি যাব লাগে। প্ৰচুৰ পৰিমাণে কুহুমীয়া পানী, ডাবৰ পানী আৰু ফলৰ ৰস খাব লাগে। পনীয়া আহাৰ গ্ৰহণ কৰিব লাগে। যিহেতু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সাময়িকভাৱে হ্ৰাস পায়, গতিকে খোৱা-বোৱাত সতৰ্ক হ’ব লাগে। ফলমূল, সেউজীয়া শাক-পাচলি আৰু পুষ্টিকৰ ভিটামিনযুক্ত আহাৰ খাব লাগে যাতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। খোৱা-বোৱাৰ আগতে হাত ধুই ল’ব লাগে। নিতৌ কুহুমীয়া পানীৰে গা ধুই পৰিষ্কাৰ হৈ থাকিব লাগে। গৰম কাপোৰ ব্যৱহাৰ কৰিব লাগে। মুকলি ঠাইত ব্যায়াম, খেল-ধেমালি আদি কৰিব লাগে। বিছনাপত্ৰ ৰ’দত শুকুৱাই ল’ব লাগে। ফ্লু হ’লে কি নকৰিবঃ পৰিয়ালৰ অইন সুস্থ ব্যক্তিৰ সৈতে মিলামিছা নকৰিব। একেলগে থকা-মেলা, একেটা পাত্ৰতে খোৱা-বোৱা নকৰিব। আক্ৰান্ত শিশুক স্কুললৈ পঠাব নালাগে। ৰোগাক্ৰান্ত ব্যক্তি স্কুল-কলেজ বা কাৰ্যালয়লৈ যাব নালাগে। ঠাণ্ডা পানী ফ্ৰীজত ৰখা বস্তু নাখাব। শীত-তাপ নিয়ন্ত্ৰিত আৰু বন্ধ কোঠাত সোমাই থাকিব নালাগে। এলাৰ্জী হোৱা খাদ্য খাব নালাগে। সুৰা আৰু জাংফুড আদি খাব নালাগে। য’তে-ত’তে থু, খেকাৰ আদি পেলাব নালাগে। সুস্থ ব্যক্তিৰ সৈতে হাত মিলোৱা, সাৱটি ধৰা, সামাজিক চুম্বন আৰু আন অভিনন্দনমূলক স্পৰ্শ আদি কৰিব নালাগে। কাৰণ ইয়াৰ দ্বাৰা আন ব্যক্তিৰ দেহলৈ ভাইৰাছ বিয়পিব পাৰে। ফ্লু নহ’বলৈ ল’ব লগা সাৱধানতাঃ ফ্লু হোৱাৰ পৰা হাত সাৰি থাকিবলৈ হ’লে লেতেৰা প্ৰদূষিত ঠাইত বাস কৰিব নালাগে। ধূলি-বালি আৰু প্ৰদূষিত ঠাইত ওলালে অথবা বাহন চলালে মাস্ক পৰিধান কৰিব লাগে। সাধাৰণ সুস্বাস্থ্য বজাই ৰাখিব লাগে। শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিব লাগে। মানসিক হেঁচাৰ পৰা আঁতৰি থাকিব লাগে। যথেষ্ট পৰিমাণে ফলমূল, সেউজীয়া শাক-পাচলি আৰু পুষ্টিকৰ ভিটামিনযুক্ত আহাৰ খাদ্য গ্ৰহণ কৰিব লাগে। সঘনাই শৰীৰৰ উত্তাপ পৰিৱৰ্তন কৰিব নালাগে। গৰমৰ পৰা আহিয়েই তৎক্ষাণাত ঠাণ্ডা পানীৰে স্নান কৰা অথবা শীত-তাপ নিয়ন্ত্ৰিত কোঠাত থকা উচিত নহয়। ফ্ৰীজৰ ঠাণ্ডা পানী উলিয়াই তৎক্ষাণাত সেৱন কৰিব নালাগে। ফ্লু হোৱা ব্যক্তিৰ পৰা আঁতৰি থাকিব লাগে। আৱাসত থকা কেতবোৰ বীজাণু ক’ত বেছি থাকেঃ পাকঘৰৰ বাচন-বৰ্তন ধোৱা প্ৰক্ষালন পাত্ৰত সবাতোকৈ অধিক বেক্টেৰিয়া থাকে। প্ৰতি বৰ্গ ইঞ্চিত ১৮,০০০ মান বেক্টেৰিয়াই বাহ লয়। আনহাতে প্ৰক্ষালন পাত্ৰৰ সন্মুখৰ মজিয়াত থাকে প্ৰায় ৮৩০টা বেক্টেৰিয়া। মাইক্ৰ’ৱেভ যদি পৰিষ্কাৰ কৰি ৰখা নহয়, তেতিয়া তাত ৰন্ধা খাদ্যত বেক্টেৰিয়া প্ৰৱেশ কৰে। মাইক্ৰ’ৱেভৰ ভিতৰফালে থকা ঠাইখিনিত কেতিয়াও উত্তাপ বৃদ্ধি নহয়, গতিকে তাত থকা বেক্টেৰিয়া নমৰে। ৰন্ধন কৰা খাদ্যহে মাইক্ৰ’ৱেভত গৰম হয়। ইলেক্ট্ৰিকেল অ’ভেন ব্যৱহাৰ কৰিলে পাছত ভিতৰখন ভালদৰে পৰিষ্কাৰ কৰি ল’ব লাগে। তুলনামূলকভাৱে কম’ডৰ ঢাকনিত মাইক্ৰ’ৱেভতকৈ কম বেক্টেৰিয়া থাকে। কাপোৰ ধোৱা যন্ত্ৰত অধিক পৰিমাণৰ অপমাৰ্জক ব্যৱহাৰ নকৰিব। এনে কৰিলে অপমাৰ্জকৰ অৱশিষ্ট থাকি যায় আৰু বেক্টেৰিয়াই বংশ বৃদ্ধি কৰিব পাৰে। বেক্টেৰিয়াৰ উপৰি মেচিনৰ ভিতৰত ভেঁকুৰৰো সৃষ্টি হ’ব পাৰে। গতিকে মেচিনত কাপোৰ ধোওঁতে কম পৰিমাণৰ অপমাৰ্জক ব্যৱহাৰ কৰা উচিত। চাবোনৰ টুকুৰা বনাম দুৰ্গন্ধনাশক দ্ৰব্যঃ গৱেষণাৰ পৰা জানিব পৰা গৈছে যে চাবোনৰ টুকুৰাত ই-কলাই, ষ্টেফলক’ক্কাচ অৰিয়াছ আদি বেক্টেৰিয়াই বংশ বৃদ্ধি কৰিব পাৰে, কিয়নো ব্যৱহাৰ কৰাৰ পাছত চাবোন টুকুৰা ভালদৰে নুশুকায়। তদুপৰি চাবোনত ভেঁকুৰৰো সৃষ্টি হ’ব পাৰে। অৱশ্যে এইবোৰ বেক্টেৰিয়া বা ভেঁকুৰ মানুহৰ শৰীৰত প্ৰৱেশ নকৰে, তথাপি আনে ব্যৱহাৰ কৰা চাবোন ব্যৱহাৰ নকৰাই ভাল। আনহাতে দুৰ্গন্ধনাশক দ্ৰব্য মাথোন ছাল আৰু চুলিতহে লাগি থাকে, ই বেক্টেৰিয়াৰ বংশবৃদ্ধিত সহায় কৰে। গা মচা টাৱেল বনাম পাকঘৰৰ হাত মচা টাৱেলঃ গা মচা টাৱেলত কিছু পৰিমাণৰ বেক্টেৰিয়া থাকিব পাৰে, কিন্তু পাকঘৰৰ হাত মচা টাৱেলত যথেষ্ট পৰিমাণৰ ৰোগ সৃষ্টিকাৰী বীজাণু থাকে। এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে পাকঘৰৰ হাত মচা টাৱেলৰ মাত্ৰ ৫ শতাংশহে পুনৰ ব্যৱহাৰযোগ্য হৈ থাকে। সেমেকি থকা পাকঘৰৰ টাৱেলত ই-কলাই আৰু চিউডমনাচে বংশ বৃদ্ধি কৰিব পাৰে আৰু হাত মচোতে হাতত লাগি থাকিব পাৰে। দেখা যায়, গা মচা টাৱেলতকৈ পাকঘৰৰ হাত মচা টাৱেল অধিক বীজাণুযুক্ত হয়। সেইবাবে পাকঘৰৰ হাত মচা টাৱেল সঘনে ধুই পৰিষ্কাৰ কৰিব লাগে। মাখি বনাম পঁইতাচোৰাঃ মাখি পঁইতাচোৰাতকৈ দুগুণ লেতেৰা। আমেৰিকাত কৰা এক অধ্যয়নৰ পৰা এই তথ্য পোৱা গৈছে। দুয়োবিধ পতংগই ৰোগৰ বীজাণু কঢ়িয়াই, কিন্তু মাখিয়ে অধিক ৰোগ সৃষ্টিকাৰী বীজাণু কঢ়িয়াব পাৰে আৰু উৰি গৈ বিভিন্ন ঠাইত পৰিব পাৰে। ইহঁতে বিষ্ঠা, আৱৰ্জনা, জন্তুৰ মৰাশ আদিত বংশ বৃদ্ধি কৰে। ইহঁতৰ শৰীৰ আৱৰি থকা নোমবোৰত নানা ৰোগৰ বীজাণু লাগি থাকে, সেইবোৰে খাদ্যদ্ৰব্য দূষিত কৰে। পঁইতাচোৰা সাধাৰণতে বগাই ফুৰে, বেছিকৈ উৰিব নোৱাৰে। ইহঁতেও ৰোগৰ বীজাণু কঢ়িয়াব পাৰে যদিও মাখিৰ দৰে নহয়। (উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।