কেন্সাৰ বা কৰ্কট ৰোগৰ বিষয়ে বৰ্তমান বিশ্বৰ প্ৰতিজন ব্যক্তিয়েই অৱগত বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। জৰায়ুৰ কৰ্কট ৰোগৰ পাছতেই মহিলাৰ স্তন কেন্সাৰৰ ব্যাপকতা আটাইতকৈ বেছি। স্তনৰ কৰ্কট ৰোগৰ লক্ষণসমূহ তথা চিকিৎসা পদ্ধতি। আধুনিক যুগৰ প্ৰতিগৰাকী মহিলাই জনাটো নিতান্ত প্ৰয়োজনীয়। প্ৰাৰম্ভিক অৱস্থাত ৰোগ ধৰা পৰিলে চিকিৎসা লাভদায়ক হোৱা দেখা যায়। কিন্তু পৰিতাপৰ বিষয় এয়ে যে লাজ আৰু সংকোচৰ বাবে অনেক মহিলা চিকিৎসকৰ ওচৰ নাচাপে, যাৰ ফলত ৰোগে শেষ পৰ্য্যায় পায়গৈ আৰু চিকিৎসা কৰাটো জটিল হৈ পৰে। কৰ্কট ৰোগ বা কেন্সাৰ কি? আমাৰ শৰীৰৰ অংগ-প্ৰত্যংগসমূহ গঠিত হৈছে অতি ক্ষুদ্ৰ ক্ষুদ্ৰ কোষৰ দ্বাৰা, যাক আমি খালী চকুৰে নেদেখো। কোষবোৰ এক নিৰ্দিষ্ট হাৰত বৃদ্ধি হোৱাৰ ফলতেই আমাৰ শৰীৰৰ বৃদ্ধি বিকাশ ঘটে। কিন্তু কেতিয়াবা কোনো কাৰকৰ প্ৰভাৱত কোষৰ বিভাজন প্ৰক্ৰিয়াত আউল লগা দেখা যায়। এনে অৱস্থাত কোষৰ বৃদ্ধিৰ হাৰ অতি বেছি হয় আৰু কোষবোৰে শৰীৰৰ সেই অংশত একোটা টেমুনাৰ সৃষ্টি কৰে। এনেদৰে কোষৰ বিভাজন প্ৰক্ৰিয়া স্বাভাৱিক হাৰতকৈ বেছি হৈ যোৱাকে কৰ্কট বা কেন্সাৰ বোলে। মানৱ দেহত কেন্সাৰ হোৱাৰ সম্ভাৱনা স্তন, হাওঁফাওঁ, গৰ্ভাশয়, স্বৰযন্ত্ৰ, তেজ, মুখ, হাওঁফাওঁ, গৰ্ভাশয়, স্বৰযন্ত্ৰ, তেজ, মুখ আদিত বেছি। স্তন কেন্সাৰৰ কাৰকসমূহ স্তনৰ কৰ্কট ৰোগ হোৱা-নোহোৱাৰ লগত মহিলাৰ বয়সৰ এক নিবিড় সম্পৰ্ক আছে। বয়স বঢ়াৰ লগে লগে এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও বেছি হয়। সাধাৰণতে ৩০ বছৰ বয়সৰ পিচত এই ৰোগৰ সম্ভাৱনা বৃদ্ধি হয়। বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে ৪০-৫৫ বছৰ বয়সৰ ভিতৰত ‘স্তন কেন্সাৰ’ৰ প্ৰাদুৰ্ভাৱ আটাইতকৈ বেছি। নি:সন্তান মহিলা এই ৰোগত সহজে আক্ৰান্ত হ’ব পাৰে। আনহাতে, ২০ বছৰ বয়সৰ আগতে সন্তান জন্ম দিয়া মহিলাৰ ক্ষেত্ৰত স্তনৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ তুলনামূলকভাৱে কম। চিকিৎসা বিজ্ঞানীসকলৰ মতে আহাৰেও স্তনৰ কৰ্কট ৰোগ হোৱাত অৰিহণা যোগায়। অধিক চৰ্বি জাতীয় খাদ্য খোৱা মহিলাৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। সেয়েহে চিকিৎসকসকলে মাছ, মাংস আদি খাদ্য খোৱাৰ বিপৰীতে শাক-পাচলি জাতীয় খাদ্য অধিক পৰিমাণে খাবলৈ পৰামৰ্শ প্ৰদান কৰা পৰিলক্ষিত হৈছে। হৰম’ন আৰু স্তন কেন্সাৰ ঋতুস্ৰাৱ বন্ধ হোৱাৰ পিচৰ কালছোৱাক মেন’পজ বোলা হয়। এই সময়ছোৱাত শৰীৰত এষ্ট্ৰ’জেন হৰম’নৰ পৰিমাণ কমি যায়। এনে সময়ত অনেক মহিলাই শৰীৰৰ ক্ষতিকৰ প্ৰক্ৰিয়াসমূহ বাধা দিবলৈ এষ্ট্ৰ’জেন হৰ’মন ব্যৱহাৰ কৰে। দীঘলীয়া সময়ৰ বাবে এইবিধ হৰম’ন ব্যৱহাৰ কৰিলে ‘ব্ৰেষ্ট কেন্সাৰ’ হোৱাৰ সম্ভাৱনা বেছি। গৰ্ভনিৰোধক হৰম’ন বড়িৰ ব্যৱহাৰৰ ফলত ‘স্তন কেন্সাৰ’ হোৱা নোহোৱাক লৈও বিভিন্ন মত-প্ৰতিবাদ হোৱা দেখা গৈছে। চিকিৎসা বিজ্ঞানীসকলে মত পোষণ কৰিছে যে গৰ্ভনিৰোধক বড়িৰ ব্যৱহাৰে স্তন কেন্সাৰৰ সম্ভাৱনা হ্ৰাসহে কৰে। স্তন কেন্সাৰৰ লক্ষণসমূহ স্তন কেন্সাৰ হ’লে নিপল দুটাৰ অৱস্থানৰ পৰিৱৰ্তন ঘটিব পাৰে। স্বাভাৱিক অৱস্থাত মহিলাৰ স্তনৰ নিপল দুটাৰ অৱস্থান একে লেভেলত থাকে। নিপলৰ সংকোচন হোৱা দেখা যায়। চাৰিওকাষৰ ডাঠ ৰঙীন অংশত ঘাঁৰ সৃষ্টি হয়। নিপলৰ পৰা নি:সৰণ হোৱা ৰস সাধাৰণতে ৰঙচুৱা হ’ব পাৰে। স্তনৰ শিৰাবোৰ অধিক স্পষ্ট হ’ব পাৰে। স্তনৰ আকাৰ সৰু হ’ব পাৰে। স্তনৰ ছালত ঘাঁ হ’ব পাৰে। কাষলতিৰ তলৰ গ্ৰন্থিবোৰ ক্ৰমান্বয়ে ডাঙৰ হ’বলৈ ধৰে। ৰোগীৰ হাত উখহে আৰু হাতত বিষ অনুভৱ কৰে। স্তন কেন্সাৰৰ চিনাক্তকৰণৰ বাবে বিভিন্ন উন্নতিমূলক পৰীক্ষা-নিৰীক্ষাৰ প্ৰক্ৰিয়া আছে। এইবোৰ হ’ল বায়’পছি, মেম’গ্ৰাফি, এফ এন এ বি চি অৰ্থাৎ Fine Needle Aspiration Biopsy Cytology আৰু আল্ট্ৰাছ’ন’গ্ৰাফী। লেখিকা: পূৰ্ণিমা দেৱী।