মস্তিষ্কৰ টিউমাৰ আনুষংগিক কথা অভিধানমতে টিউমাৰ হ'ল - শাৰীৰিক কাৰ্য্যকৰণত কোনো ধৰণৰ সহায় নকৰাকৈ দেহৰ কোনো অংশত কোষসমূহ অসাধাৰণভাৱে বাঢ়ি যোৱা এটা ৰোগ৷ সাধাৰণতে আমাৰ দেহৰ বিভিন্ন কোষসমূহ সময় অতিবাহিত হোৱাৰ লগে লগে এটা সময়ত মৃত্যুমুখত পৰে আৰু তাৰ ঠাই লয় নতুনকৈ জনম হোৱা কোষে৷ কিন্তু টিউমাৰৰ কোষবিলাক অস্বাভাৱিকভাবে বাঢ়িহে যায়, তাঁহাতৰ মৰণ নহয়৷ ফলত টিউমাৰ হোৱা অংশত অস্বাভাবিক বৃদ্ধি আমাৰ চকুত পৰে৷ সাধাৰণ লোকসকলে মস্তিষ্কৰ টিউমাৰৰ বিষয়ে বিশেষ কথা নাজানে৷ সেয়ে আজিৰ স্বাস্থ্য চৰ্চাত সেই বিষয়ে লাগতিয়াল কথাখিনি পাঠকক অৱগত কৰিব লৈছোঁ৷ মানৱ দেহৰ সমগ্ৰ স্নায়ুৰ ক্ৰিয়া কলাপ নিয়ন্ত্ৰণ কৰে কেন্দ্ৰীয় স্নায়ু তন্ত্ৰই (Central Nervous System )৷ ই গঠিত হৈছে মস্তিষ্ক আৰু ৰাজহাড়ৰ ভিতৰত থকা স্পাইনেল কৰ্ডৰে৷ মস্তিষ্কক লাওখোলাই আৱৰি ৰাখে৷ ইয়াৰ অংশখিনি হ'ল চেৰিব্ৰাম, চেৰিবেলাম আৰু ব্ৰেইন-ষ্টেম৷ ব্ৰেইন-ষ্টেম সংলগ্ন হৈ থাকে স্পাইনেল কৰ্ডৰ সৈতে৷ চেৰিব্ৰাম বা চেৰিব্ৰেল কৰটেক্স এই চাৰিটা ল'বত বিভক্ত - ফ্ৰন্টেল, টেম্পৰেল, পেৰাইটেল আৰু অচ্চিপিটেল৷ প্ৰত্যেকটো অংশ বা ল'বৰ কাম ভিন্ন ভিন্ন৷ মস্তিষ্ক আৰু স্পাইনেল কৰ্ডক আৱৰি থাকে তিনিতৰপীয়া আৱৰণীয়ে যাক মেনিঞ্জেজ (Meninges) বোলে৷ ডুৰা মেটাৰ, এৰাকনইড মেটাৰ আৰু পায়া মেটাৰ হ'ল সেই তিনিটা লেয়াৰৰ নাম৷ চেৰিব্ৰস্পাইনেল ফ্লোইড নামৰ এবিধ জুলীয়া পদাৰ্থ মস্তিষ্কৰ ক'ৰইড প্লেক্সাচৰ পৰা উৎপন্ন হয়৷ এইবিধ জুলীয়া পদাৰ্থ মেনিঞ্জেজৰ মাজেদি প্ৰবাহিত হৈ গোটেই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক আৱৰি ধৰি নানাধৰণৰ সুৰক্ষা প্ৰদান কৰে৷ স্নায়ুতন্ত্ৰৰ কোষক নিউৰণ ( Neurone) বোলে ৷ ইয়াৰ যোগেদি যি কোনো বাৰ্তা (Impulse) আন অংশলৈ প্ৰেৰিত হয় ৷ আকৌ গ্লায়েল চেল (Glial cell) নামৰ আন এবিধ কোষ স্নায়ুতন্ত্ৰত থাকে - যাৰ কাম হ'ল নিউৰণক সহায় কৰা বা সুৰক্ষা দিয়া ৷ চেৰিব্ৰেল কৰটেক্সত এটা নিউৰণৰ বিপৰীতে প্ৰায় চাৰিটাকৈ গ্লায়েল চেল থাকে ৷ কিছুমান তৰা সদৃশ্য (Star-shaped) গ্লায়েল চেলক এষ্ট্ৰচাইট (Astrocyte) বোলে ৷ এতিয়া চমুকৈ স্নায়ুতন্ত্ৰৰ বিভিন্ন অংশৰ কাম কি জানি ললে পৰৱৰ্তী কথা বুজিবলৈ সুবিধা হব ৷ ফ্ৰন্টেল ল'ব ঘাইকৈ ভবা-চিন্তা, যুক্তি, ব্যৱহাৰ,ব্যক্তিত্বৰ সৈতে জড়িত ৷ টেম্পৰেল ল'ব শ্ৰৱণ আৰু কথনৰ বাবে ঘাইকৈ দায়বদ্ধ ৷ পেৰাইটেল ল'ব স্পৰ্শ, বিষৰ অনুভূতি আদিৰ সৈতে জড়িত ৷ অচ্চিপিটেল ল'ব দৃষ্টিৰ সৈতে জড়িত ৷ চেৰিবেলামৰ মূল কাম হ'ল- শৰীৰৰ সন্তুলন বৰ্তাই ৰখা আৰু মাংসপেশীক লৰচৰ কৰাৰ দিহা দিয়া ৷ ব্ৰেইনষ্টেমৰ কাম হ'ল- ৰক্তচাপ, হৃদগতি আৰু খোৱা-গিলাৰ প্ৰক্ৰিয়া সচাৰুৰূপে সম্পন্ন কৰা ৷উৎপত্তিৰ প্ৰাথমিক স্থান অনুসৰি মস্তিষ্কৰ টিউমাৰ দুই ধৰণৰ হব পাৰে - প্ৰাইমেৰী অৰ্থাৎ মস্তিষ্কত পোনতে উৎপন্ন হোৱা ৷ দ্বিতীয়তে চেকেন্দেৰী বা মেটাষ্টেটিক (Metastatic) অৰ্থাৎ শৰীৰৰ আন অংশত পোনতে অসুখটো হৈ পৰৱৰ্তী পৰ্য্যায়ত মস্তিষ্কলৈ বিয়পা ৷ উদাহৰণ হাওফাওঁৰ কেন্সাৰৰ পৰা মস্তিষ্কৰ টিউমাৰ হোৱা ৷ আন এটি উদাহৰণ শিশুৰ একিউট লিম্ফব্লাষ্টিক লিউকেমিয়া ৷ সংখ্যাগত দিশৰ পৰা মস্তিষ্কৰ চেকেন্দেৰী টিউমাৰৰ সংখ্যা প্ৰাইমেৰীৰ তুলনাত বেচি ৷ আনহাতে বিশ্বত বছৰি আঢ়ৈ লাখ লোক মস্তিষ্কৰ প্ৰাইমেৰী টিউমাৰত আক্ৰান্ত হয় ৷ এই সংখ্যা সকলো কেন্সাৰৰ প্ৰায় দুই শতাংশ ৷ মস্তিষ্কৰ টিউমাৰ দুই ধৰণৰ গুণগত হিচাবে মস্তিষ্কৰ টিউমাৰ দুই ধৰণৰ হব পাৰে - বিনাইন টিউমাৰ আৰু মেলিগনেন্ট টিউমাৰ৷ বিনাইন টিউমাৰ হ'ল নিৰীহ, কৰ্কট ৰোগৰ দৰে ই ক্ষিপ্ৰ ভাবে নাবাঢ়ে৷ এনে টিউমাৰৰ নিৰ্দিষ্ট পৰিসীমা থাকে৷ মস্তিষ্কৰ বেচি গভীৰলৈ ব্যপ্ত নোহোৱাত সহজে অপাৰেচন কৰি এনে টিউমাৰক আতৰ কৰিব পাৰি৷ এক'ষ্টিক নিউৰ'মা (Acoustic neuroma) হ'ল বিনাইন টিউমাৰৰ এটা উদাহৰণ ৷ আনহাতে মেলিগনেন্ট টিউমাৰ হ'ল ক্ষিপ্ৰভাবে মস্তিষ্কত বাঢ়ি অহা কৰ্কট ৰোগ ৷ বিপদজনকভাবে এই ৰোগ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ আন অংশলৈ খৰতীয়াকৈ বাঢ়িব ধৰে৷ সাধাৰণতে হাওঁফাওঁ, ক'লন, কিডনি, বক্ষৰ কেন্সাৰ আৰু মেলিগনেন্ট মেলানমা মস্তিষ্কলৈ বিয়পে৷ আমেৰিকাৰ এটি সমীক্ষাত দেখা গৈছিল - দেশখনত হোৱা মস্তিষ্কৰ টিউমাৰৰ ৬৩শতাংশ বিনাইন টিউমাৰৰ বিপৰীতে ৩৭শতাংশ হ'ল মেলিগনেন্ট টিউমাৰ৷ আমাৰ দেশতো প্ৰায় এনেকুৱা তথ্যই পোৱা যাব ৷ আটাইতকৈ বেচিকৈ হোৱা মস্তিষ্কৰ টিউমাৰ হ'ল - গ্লায়োমা আৰু এষ্ট্ৰচাইটোমা৷ এই দুয়োবিধ টিউমাৰৰ অধিকাংশই হ'ল মেলিগনেন্ট প্ৰকৃতিৰ ৷ দ্বিতীয় স্থানত থকা টিউমাৰ হ'ল মেনিঞ্জিয়োমা ৷ ইয়াৰ অধিকাংশই হ'ল বিনাইন টিউমাৰ ৷ শিশুৰ ক্ষেত্ৰত বেচিকৈ দেখা দিয়া টিউমাৰ হ'ল- মেলিগনেন্ট মেডুলোব্লাষ্ট'মা ৷ টিউমাৰৰ সম্ভাৱনাত ভোগা বিপদসংকুল ব্যক্তিসকল হ'ল : - মস্তিষ্কৰ টিউমাৰ কিয় হয় জনা নাযায় ৷ তথাপিও গবেষকসকলে চিনাক্ত কৰা বিপদত থকা লোকসকল হ'ল - ৰেডিয়েচনৰ সঘনাই সন্মুখীন হৈ থকা লোকসকল৷ এক্সৰেৰ বিকিৰণ বেচিকৈ পোৱা লোকৰ গ্লায়োমা বা মেনিঞ্জিয়মা হোৱাৰ সম্ভাৱনা বেচি থাকে৷ জন্মগত বা বংশগতিসূত্ৰে নিউৰোফাইব্ৰমেটচিচ, মাল্টিপল এণ্ডোক্ৰাইন নিয়'প্লেচিয়া, ভন-হিপল-লিণ্ডো ডিজিজ, লি-ফ্ৰাউমেনি চিনড্ৰম আদি ৷ কাচিৎ একে পৰিয়ালৰ দুজনৰ মস্তিষ্কৰ টিউমাৰ হব পাৰে ৷ বয়স- ৬৫ৰ উৰ্ধ সীমা অতিক্ৰম কৰা লোকৰ মস্তিষ্কৰ টিউমাৰ হোৱাৰ সম্ভাৱনা বেচি দেখা যায় ৷ম'বাইল ফোনৰ বিকিৰণৰ পৰা সম্ভাব্য বিপদৰ বিষয়ে গহন অনুসন্ধান চলি আছে ৷ ইয়াক বিশ্ব স্বাস্থ্য সংস্থাই কাৰচিন'জেনিকৰ তালিকাৰ (IARC scale Group 2B) অন্তৰ্ভুক্ত কৰিছে ৷ সানমিহলি - পূৰ্বৰ মূৰত পোৱা আঘাত, কিছুমান ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ, মেগনেটিক ফিল্ডৰ প্ৰভাৱ,ভিনাইল ক্লৰাইড, এপষ্টিনবাৰ ভাইৰাচ আদিও মস্তিষ্কৰ টিউমাৰৰ কাৰক হব পাৰে বুলি বিজ্ঞানীসকলে সম্ভাৱনা ব্যক্ত কৰিছে ৷ মস্তিষ্কৰ টিউমাৰৰ লক্ষণসমূহ : মূৰৰ বিষ গুৰুতৰ ধৰণৰ মূৰৰ বিষ যি সাধাৰণ ঔষধত নকমে আৰু বিষটো একেলেথাৰিয়ে চলি থাকে৷ লগত সাধাৰণতে বমি আৰু ওকালি থাকে৷ পুৱাৰ ভাগত বিষটো বেচি হোৱা দেখা যায়৷ মস্তিষ্কৰ ভিতৰত প্ৰেচাৰ বঢ়াৰ বাবে মূৰৰ বিষ উৎপন্ন হয়৷ যি কোনো মূৰৰ বিষেই মস্তিষ্কৰ টিউমাৰৰ লক্ষণ বুলি পাঠকে ভয় খাব নালাগে৷ ইতিপূৰ্বে মূৰৰ বিষৰ সম্পৰ্কে মোৰ এটি সুদীৰ্ঘ প্ৰৱন্ধ এই গোটত প্ৰকাশিত হৈ গৈছে৷ নপঢ়াসকল বাবে "মূৰৰ বিষৰ বিষয়ে আমি কিমান জানোঁ"? - নামৰ সেই প্ৰৱন্ধৰ লিংকটো হ'ল : https://www.facebook.com/groups/axomiyakothabotora/search/… মস্তিষ্কৰ টিউমাৰৰ আন আন গুৰুত্বপূৰ্ণ লক্ষণ কিছুমান হ'ল ফিট হোৱা বমি হোৱা, ওকালি অহা শ্ৰৱণ, কথন, দৃষ্টিৰ বিসংগতি হোৱা সন্তুলন হেৰুৱা, খোজ কঢ়াত বিসংগতি দেখা দিয়া মনোযোগ দিব নোৱৰা হোৱা, ব্যৱহাৰ, ব্যক্তিত্ব সলনি হোৱা স্মৃতিশক্তি লোপ পোৱা ডিঙিৰ জঠৰতা (Neck rigidity) দেখা দিয়া হাত ভৰি অৱশ হোৱা, জিণজিননি, পেৰালাইচিচ হোৱা মস্তিষ্কৰ কোন অংশত টিউমাৰটো হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি এই লক্ষণসমূহ প্ৰস্ফুটিত হয়৷ সাধাৰণতে মস্তিষ্কৰ মেলিগনেন্ট টিউমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ বাহিৰলৈ অৰ্থাৎত শৰীৰৰ আন অংশলৈ বিয়পি নাযায়৷ চিনাক্তকৰণ পোনতেই ৰোগীৰ বিতং হিষ্টি ৰোগী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত লোৱাটো আৱশ্যকীয়৷ ইয়াৰ পিছত আহিল শৰীৰৰ পৰীক্ষা, বিশেষকৈ স্নায়ুতন্ত্ৰৰ ৷সুক্ষ্মভাবে নাক-কাণ-ডিঙি আৰু শ্ৰৱণ শক্তিৰ পৰীক্ষা, চকুৰ দৃষ্টি শক্তি আৰু আনুসংগিক চকুৰ আন আন লাগতিয়াল পৰীক্ষা, মাংসপেশীৰ জোৰ, ক্ৰেনিয়েল নাৰ্ভসমূহৰ সুস্থতা আদি গুৰুত্ব সহকাৰে নিৰীক্ষণ কৰিব লাগিব৷ তাৰ পিছত চিটি স্কেন বা এম আৰ আই পৰীক্ষা - য'ত প্ৰয়োজন সাপেক্ষে ডাই বা Contrast প্ৰয়োগ কৰিবলগীয়া হব পাৰে ৷ ই ই জি (Electroencephalography) নামৰ এক লাগতিয়াল পৰীক্ষাই মস্তিষ্কৰ অভ্যন্তৰত টিউমাৰৰ উপস্থিতিৰ সম্ভেদ দিয়ে ৷ মস্তিষ্কৰ ৰক্তপ্ৰবাহী নলীৰ ৰোগৰ সম্ভেদ পাবলৈ এঞ্জিয়গ্ৰাম (Angiogram) এক্সৰে কৰা হয় ৷ চেৰিব্ৰস্পাইনেল ফ্লুইডৰ পৰীক্ষা লোকেল এনাচথেচিয়া দি ৰাজহাড়ৰ তলৰ অংশৰ পৰা সামান্য পৰিমাণৰ চেৰিব্ৰস্পাইনেল ফ্লুইড ওলিয়াই পৰীক্ষা কৰি বহুখিনি তথ্য আহৰণ কৰিব পাৰি ৷ বায়স্পি চিকিৎসাৰ প্ৰয়োজনত অপাৰেচনৰ পিছত নাইবা অপাৰেচনৰ আগতো টিউমাৰৰ বায়স্পি কৰিবলগীয়া হয়৷ বায়স্পিৰ যোগেদি টিউমাৰৰ প্ৰকাৰ আৰু ৰোগৰ পৰ্য্যায়ৰ বিষয়ে অনুধাৱন কৰিব পাৰি৷ অপাৰেচনৰ আগতে বায়স্পি লবলৈ হলে লাওখোলাত বাৰ হোল কৰি (Burr hole) চিটি বা এম আৰ আই স্কেনৰ সহায়ত নিৰ্দিষ্ট অংশৰ পৰা বেজীৰ সহায়ত বায়স্পি সামগ্ৰী সংগ্ৰহ কৰিব লাগিব ৷ টিউমাৰৰ গ্ৰেড টিউমাৰ চিনাক্ত হোৱাৰ পিছত ৰোগৰ গভীৰতাৰ ওপৰত ভিত্তি কৰি একৰ পৰা চাৰিলৈ গ্ৰেড নিৰ্ণয় কৰা হয় ৷ গ্ৰেড-১ হ'ল লাহে লাহে বৰ্ধিত হব ধৰা নিৰীহ টিউমাৰ, যাৰ কোষবিলাকত বেচি অস্বাভাবিকতা দেখা নাযায় ৷ গ্ৰেড-২ হ'ল মেলিগনেন্ট টিউমাৰ, ইয়াৰ কোষবিলাক হ'ল গ্ৰেড-১ৰ তুলনাত অস্বাভাবিক ৷ গ্ৰেড-৩ হ'ল মেলিগনেন্ট টিউমাৰ যাৰ কোষবিলাক হ'ল বেচ অস্বাভাবিক ৷ গ্ৰেড-৪ হ'ল অস্বাভাবিক কোষসহ ক্ষিপ্ৰতাৰে বাঢ়িব ধৰা মেলিগনেন্ট টিউমাৰ ৷ চিকিৎসা অস্ত্ৰোপচাৰ বা অপাৰেচন হ'ল মস্তিষ্কৰ টিউমাৰৰ সৰ্বোত্তম চিকিৎসা পদ্ধতি ৷ অপাৰেচনৰ বাবে লাওখোলাৰ এটা অংশ কাটি ওলিওৱা হয়, এই ক্ৰিয়াক Craniotomy বোলে ৷ তাৰ পিছত নিউৰোচাৰ্জনে সতৰ্কতাৰে টিউমাৰৰ অংশটো কাটি ওলিয়ায় ৷ কিন্তু কিছুমান ৰোগীৰ ক্ষেত্ৰত অপাৰেচন সম্ভৱপৰ নহব পাৰে ৷ তেতিয়া বিকল্প চিন্তা কৰা হয় ৷ ৰেডিয়েচন থেৰাপি : ৰেডিয়েচনৰ দ্বাৰা টিউমাৰ কোষবিলাকক ধংস কৰা হয় ৷ এনে চিকিৎসাত সাধাৰণতে সপ্তাহত ৫দিন দৈনিক কেইমিনিটমানৰ বাবে বিটা বা গামা ৰে প্ৰয়োগ কৰা হয় ৷ দুই ধৰণৰ ৰেডিয়েচন থেৰাপি ব্যৱহৃত হব পাৰে ৷ সেই দুবিধ হ'ল- এক্সটাৰনেল ৰেডিয়েচন আৰু ইন্টাৰনেল ৰেডিয়েচন ৷ শেহতীয়াকৈ Stereotactic radiosurgery নামৰ চিকিৎসাৰ এক নতুন উন্নত মানৰ পদ্ধতিৰ উদ্ভাৱন কৰা হৈছে ৷ যাৰ দ্বাৰা টিউমাৰৰ কোষসমূহক পোনপটীয়াকৈ তীক্ষ্ন ৰে দি বিনাশ কৰা হয় ৷ ৰোগীয়ে চিকিৎসালয়ত ভৰ্তি নোহোৱাকৈয়ে এনে চিকিৎসা গ্ৰহণ কৰিব পাৰে ৷ কেমোথেৰাপি : টিউমাৰৰ কোষ বিনষ্ট কৰিবলৈ ঔষধ মুখেৰে বা তেজৰ নলীৰ যোগেদি (Intravenous ) প্ৰয়োগ কৰা হয়৷ চিকিৎসাঘৰতে হওঁক বা কোনো চিকিৎসালয়তেহওঁক - চিকিৎসকে দৰবৰ যি কোনো সম্ভাব্য পাৰ্শ্বক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব৷ আকৌ বহুৰোগীক ওপৰত উল্লেখিত তিনিওবিধ চিকিৎসাই প্ৰয়োগ কৰিবগীয়া হয় ৷ ঔষধৰ প্ৰয়োগ : লক্ষণ অনুসৰি সাধাৰণতে ৰোগীক ফিট নোহোৱা ঔষধ (Anticonvulsant ) যেনে ফেনিটইনচ’ ডিয়াম, ফেনবাৰ্বিটন, কাৰ্বামেজেপিন দিবলগীয়া হয় ৷ মস্তিষ্কৰ ফুলা কমাবলৈ সচৰাচৰ ব্যৱহৃত হয় - ডেক্সামিথাচন আৰু ফ্ৰূচেমাইড ৷ পুনৰ সংস্থাপনৰ ব্যৱস্থা : ৰোগীৰ প্ৰয়োজন অনুসৰি ঘাইকৈ কথা কোৱাৰ প্ৰশিক্ষণ (Speech therapy), পেৰালাইচিচৰ ৰোগীক ফিজিঅথেৰাপি, মানসিক বিকাশৰ বাবে পৰামৰ্শ, যোগাভ্যাস –ধ্যান আদিৰ প্ৰয়োজন হব পাৰে ৷ লেখক: ডা০ ভূপেন শইকীয়া