হাঁওফাঁওৰ কেন্সাৰ: স্তনৰ কেন্সাৰ: অতিসম্প্ৰতি মহিলাৰ স্তনৰ কেন্সাৰৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। এই কেন্সাৰ আৰম্ভণিতে চিনাক্ত হ’লে ফলপ্ৰসূ চিকিৎসা সম্ভৱপৰ। এই কেন্সাৰৰ শ্ৰেণীকৰণ কৰা হয় টেমুনাৰ আকাৰ, টেমুনাৰ বৃদ্ধিৰ গতি আৰু কিমান দ্ৰুতভাৱে শৰীৰৰ আন অংগলৈ বিস্তাৰিত হয়, তাৰ ওপৰত নিৰ্ভৰ কৰি। স্তনৰ কেন্সাৰ হৈছে নেকি সেই কথা মহিলাই নিজেই পৰীক্ষা কৰি চাব পাৰে(Breast self examination)। ৪০ বছৰ বয়সৰ পিচত মেম’গ্ৰাফী(Mammography) কৰা উচিত। যদি আপুনি লক্ষ্য কৰিছে যে স্তন ৰঙা পৰিছে, স্তনত টেমুনা আছে, স্তনৰ বৃত্তৰপৰা ৰস নিৰ্গত হৈছে, তেনেহ’লে কেন্সাৰৰ সম্ভাৱনা থাকিব পাৰে। যদি পৰিয়ালৰ কোনো মহিলাৰ স্তনৰ কেন্সাৰ হৈছে, তেনেহ’লে সঘনে স্তনৰ পৰীক্ষাসমূহ কৰিব লাগিব। চিকিৎসকে প্ৰথমে হাতেৰে পৰীক্ষা কৰিব, তাৰ পিছত আল্ট্ৰাছাউণ্ড, মেম’গ্ৰাফী, এম আৰ আই আদি পৰীক্ষা কৰাৰ পৰামৰ্শ দিব পাৰে। ফাইন নিডল এস্পিৰেচন চাইট’লজী(Fine Needle Aspiration Cytology, FNAC) এক প্ৰক্ৰিয়াৰে কেন্সাৰ নিৰ্ণয় কৰিব পাৰি। বায়’পসী কৰাৰো প্ৰয়োজন হ’ব পাৰে। স্তন কেন্সাৰ ২০ প্ৰকাৰৰ হ’ব পাৰে। সেইবাবে কেতবোৰ পৰীক্ষা কৰা প্ৰয়োজনীয়। বিশেষকৈ ইষ্ট্ৰোজেন ৰিচিপ্টৰ এছে,(Oestrogen Receptor Assay), প্ৰজেষ্টেৰ’ন ৰিচিপ্টৰ এছে, (Progesterone Receptor Assay) আদি পৰীক্ষা কৰাৰ প্ৰয়োজন হয়। স্তন কেন্সাৰৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰ, কেম’থেৰাপী, বিকিৰণ থেৰাপী আদি কৰা হয়। মনত ৰাখিব, স্তনৰ কেন্সাৰ বিষহীন, সেইবাবে ধৰা পৰোতে পলম হয়। মুখৰ কেন্সাৰ: বিভিন্ন ধৰণে সেৱন কৰা ধঁপাত, তামোল, পাণ মছলা, মদ্যপান আদি মুখৰ কেন্সাৰৰ কাৰক হ’ব পাৰে। ধঁপাত সেৱন আৰু মদ্যপান দুয়োটাই কৰিলে এই কেন্সাৰৰ সম্ভাৱনা অধিক হয়। লক্ষণসমূহ হ’ল- আহাৰ খোৱাত অসুবিধা, মুখৰ বিষ, ডিঙিৰ টেমুনা আৰু বিষ। যদি কেইবাসপ্তাহ ধৰি নিৰাময় নোহোৱা ঘা থাকে, মুখ বা ওঁঠত যদি বগা বা ৰঙা ডবৰা(Patch) উঠে, তেনেহ’লে কেন্সাৰৰ সম্ভাৱনা থাকে। এই কেন্সাৰ নিৰ্ণয় কৰিবলৈ বায়’পসী কৰাৰ প্ৰয়োজন হয়। প্ৰাথমিক চিকিৎসা হ’ল অস্ত্ৰোপচাৰ। লগতে কেম’থেৰাপী আৰু বিকিৰণ থেৰাপীৰো প্ৰয়োজন হ’ব পাৰে। প্ৰষ্টেট কেন্সাৰ: প্ৰষ্টেট গ্ৰন্থি পুৰুষৰ প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংগ। বিগত দশকত এই কেন্সাৰৰ প্ৰৱণতা বৃদ্ধি হৈছে। ইয়াৰ মূলতে হ’ল প্ৰষ্টেট স্পেচিফিক এন্টিজেন(Prostate specific Antigen, PSA)ৰ ক্ষেত্ৰত সজাগতা। বয়সৰ লগে লগে এই কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি পায়। বিশেষকৈ ৬০ বছৰৰ পিছত। লক্ষণসমূহ হ’ল মূত্ৰতন্ত্ৰৰ নিম্নভাগৰ প্ৰদাহ, সঘন প্ৰস্ৰাৱ হোৱা, প্ৰস্ৰাৱ কৰিব লাগিলে ৰ’ব নোৱৰা হোৱা, প্ৰস্ৰাৱ কৰি উঠাৰ পিছতো প্ৰস্ৰাৱ নিগৰি থকা, প্ৰস্ৰাৱ সম্পূৰ্ণৰূপে নিৰ্গত নোহোৱা আদি। কেন্সাৰ অগ্ৰগামী(Advanced) হ’লে পিঠিৰ নিম্নাংশৰ বিষ, ভৰিৰ দৌৰ্বল্য আদি হ’ব পাৰে। নিৰ্ণায়ক পৰীক্ষা হ’ল PSAৰ মাত্ৰা নিৰূপণ, আল্ট্ৰাছাউণ্ড, এম আৰ আই আৰু বায়’পসী। চিকিৎসাৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰ, বিকিৰণ থেৰাপী, হৰম’ন থেৰাপী আদি উপলব্ধ। সম্প্ৰতি লেজাৰ(Laser) অস্ত্ৰোপচাৰো উপলব্ধ হৈছে। ডিম্বাশয়ৰ কেন্সাৰ: ডিম্বাশয় হ’ল মহিলাৰ শ্ৰোণীৰ ভিতৰত থকা এটা ক্ষুদ্ৰ অংগ। ইয়াৰপৰাই ডিম্বকোষ নিঃসৰণ হয়। এই অংগৰ কায়িক(Physical) পৰীক্ষা কৰা সম্ভৱ নহয়। সেইবাবে কেন্সাৰ অগ্ৰগামী হোৱাৰ পিছতহে ধৰা পৰে। তেতিয়া ৰোগ নিৰাময় অসম্ভৱ হৈ পৰে। লক্ষণসমূহ হ’ল উদৰ ফুলি উঠা(Distension), তলপেটৰ বিষ, সঘনে প্ৰস্ৰাৱ হোৱা, ৰজোনিবৃত্তিৰ পিছত ৰক্তস্ৰাৱ হোৱা, আভোক হোৱা, সঘনে বদহজমী হোৱা আদি। ৰোগ নিৰ্ণয় কৰা হয় শ্ৰোণীৰ পৰীক্ষা, যোনিপথেৰে কৰা আল্ট্ৰাছন’গ্ৰাফী আৰু তেজৰ(A-125) পৰীক্ষা আদিৰ সহায়ত। এই কেন্সাৰৰ চিকিৎসা হ’ল অস্ত্ৰোপচাৰ, কেম’থেৰাপী আৰু বিকিৰণ থেৰাপী কাচিৎহে কৰা হয়। মনত ৰাখিব, এই কেন্সাৰ আনুবংশিক হ’ব পাৰে। সেইবাবে পৰিয়ালৰ কোনো মহিলাৰ এই কেন্সাৰ হৈছে নেকি, অনুসন্ধান কৰক। যদি আছে, কোনো লক্ষণ নাথাকিলেও পৰীক্ষাসমূহ কৰোৱা উচিত। জৰায়ুমুখৰ কেন্সাৰ: এই কেন্সাৰৰ প্ৰধান কাৰক হ’ল হিউমেন পেপিল’মা ভাইৰাছ(HPV) সংক্ৰমণ। এই ভাইৰাছ সংক্ৰমিত হয় যৌন সংগমৰ জৰিয়তে। অৱশ্যে পুৰুষ আৰু মহিলা উভয়ৰে যৌনাংগৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱেও এই ভাইৰাছ সংক্ৰমণত সহায় কৰে। ১৮ বছৰতকৈ কম বয়সৰ ছোৱালীৰ যৌন সংগম, বহু সন্তানৰ মাতৃ আৰু বহু পুৰুষগামী মহিলাৰ ক্ষেত্ৰত এই কেন্সাৰ হোৱাৰ আশংকা অধিক। ধূম্ৰপানেও এই কেন্সাৰত অৰিহণা যোগায়। এইচ আই ভি সংক্ৰমিত আৰু যৌন ৰোগত ভোগা মহিলাৰ এই কেন্সাৰ হোৱাৰ সম্ভাৱনা অধিক। লক্ষণসমূহ হ’ল- যৌন সংগমৰ সময়ত বা পিছত বিষ অথবা ৰক্তক্ষৰণ হোৱা, দীৰ্ঘম্যাদী অস্বাভাৱিক স্ৰাৱ হোৱা, যোনিৰপৰা ৰক্ৰক্ষৰণ হোৱা আদি। অৱশ্যে আৰম্ভণিতে এই লক্ষণসমূহ দেখা নাযাব পাৰে। ৰোগ নিৰ্ণয়ৰ বাবে ‘পেপ স্মীয়েৰ’(Pap smear), HPV ডি এন এ পৰীক্ষা আদি কৰাব লাগে। যদি কেন্সাৰ প্ৰাক আৰম্ভণি কালতে ধৰা পৰে, তেনেহ’লে ক্ৰায়’ছাৰ্জাৰী(Cryosurgery) চিকিৎসা কৰাব পাৰি। আৰম্ভণি কালত ধৰা পৰিলে অস্ত্ৰোপচাৰ আৰু বিকিৰণ থেৰাপী কৰা হয়। অগ্ৰগামী কেন্সাৰ হ’লে কেম’থেৰাপী আৰু বিকিৰণ থেৰাপী কৰিব লাগিব। সম্প্ৰতি এই কেন্সাৰ প্ৰতিৰোধৰ বাবে HPV ছিটা উপলব্ধ হৈছে। উপৰিউক্ত সচৰাচৰ হোৱা কেন্সাৰসমূহ প্ৰতিৰোধৰ বাবে নিম্নোল্লিখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰি- সকলোধৰণৰ ধঁপাত সেৱন, বিশেষকৈ ধূম্ৰপান পৰিহাৰ কৰক। ধূম্ৰপানে ভালেমান কেন্সাৰৰ কাৰক শৰীৰৰ ভিতৰলৈ লৈ যায়। মদ্যপান কম পৰিমাণে কৰিব। মদত নাইট্ৰ’ছামিন(Nitrosamine) থাকে। ই কেন্সাৰৰ কাৰক। অত্যাধিক মদ্যপান কৰিলে ফেৰিংছ, খাদ্যনলী, পাকস্থলী, যকৃৎ, মূত্ৰাশয়, তথা মলদ্বাৰ আদিত কেন্সাৰ সৃষ্টি কৰিব পাৰে। সতেজ ফল আৰু শাক-পাচলি যথেষ্ট পৰিমাণে খাব। এইবোৰত মুক্ত মূলক বিৰোধী দ্ৰব্য, ভোজ্য আঁহ আদি যথেষ্ট পৰিমাণে থাকে। কোজ্য আঁহে শৌচ খোলোচা কৰে, শৌচৰ লগত বীজাণু দ্ৰব্য শৰীৰৰ বাহিৰলৈ নিৰ্গত হয়। শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকক। নিয়মিতভাৱে ব্যায়াম কৰিলে হৰম’নৰ ওপৰত ধনাত্মক প্ৰভাৱ পৰে। সন্তুলিত হৰম’নে কেন্সাৰৰ বিৰুদ্ধে প্ৰতিৰক্ষা প্ৰদান কৰে। তদুপৰি ব্যায়ামে শৰীৰৰ ওজন সঠিক কৰি ৰাখে। অত্যধিক শৰীৰৰ ওজন কেন্সাৰৰ কাৰক হ’ব পাৰে বুলি প্ৰমাণ হৈছে। যথেষ্ট পৰিমাণে পানী খাব। পানী খালে মূত্ৰাশয়ৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। অধিক পানী খালে অধিক প্ৰস্ৰাৱ হ’ব আৰু প্ৰস্ৰাৱৰ সৈ শৰীৰত থকা কেন্সাৰৰ কাৰকসমূহ নিৰ্গত হ’ব। দিনে অন্ততঃ দুই লিটাৰ(আঠ কাপ) পানী খাব। স্তনপান: স্তনপান কৰালে জৰায়ু, জৰায়ুমুখ, ডিম্বাশয় আৰু স্তনৰ কেন্সাৰ ৰোধত সহায়ক হয় বুলি আমেৰিকাত কৰা এক অধ্যয়নৰপৰা জানিব পৰা গৈছে। লেখক: ডাঃ জীৱন দত্ত বৰুৱা(দৈনিক অসম)