‘এপল’ হাস্পতালৰ মূল উদ্দেশ্য হৈছে মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগীক চিকিৎসা কৰি নিৰাময় জীৱন দান কৰা। এই চিকিৎসাশৈলী এপল’ কেন্সাৰ হাস্পতালত উপলব্ধ’।– এই ভাষ্য এপল’ হাস্পতালৰ বিশিষ্ট চিকিৎসকএ, মূৰ আৰু ডিঙিৰ অংকো ছাৰ্জন, ৰব’টিক ছাৰ্জন ডাঃ এছ কান্নানৰ (ই এন টি)। গুৱাহাটীৰ হোটেল পাৰ্ক ৰিভিয়েৰাত সাংবাদিকৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত তেওঁ পুনৰ কয়- প্ৰায় ৩০ শতাংশ মানুহ এই ৰোগত ভুক্তভোগী। সেয়েহে এই ৰোগৰ সম্ভাৱনীয় কাৰণসমূহ জনসাধাৰণে জ্ঞাত হোৱা প্ৰয়োজন। ধঁপাত কেৱল এনে ৰোগৰ মূল কাৰক। শৰীৰৰ এই অংশত কৰ্কট ৰোগৰ প্ৰভাৱ ঘটাৰ কাৰণ হ’ল- এই অংশ সূক্ষ্ম আৰু কোমল টিছু, হাড়, ছাল আৰু বিভিন্ন প্ৰকাৰৰ মাংসগ্ৰন্থিৰে গঠিত। সেয়েহে ই এক শৰীৰৰ জটিল অংশ। এই অংশৰ বিভিন্ন অংগ, যেনে- ডিঙি, কণ্ঠনলী, চাইনাছ, থাইৰয়েড, নাক, মুখমণ্ডলত এই ৰোগে দেখা দিব পাৰে। ডিঙি আৰু মূৰৰ ক্লিনিক এপল’ হাস্পতালত অৱস্থিত। এই ৰোগ নিৰাময়ৰ বাবে যুটীয়াভাৱে বিভিন্ন উচ্চমানৰ চিকিৎসকৰ দ্বাৰা মূৰ আৰু ডিঙিৰ কৰ্কট চিকিৎসক, স্নায়ু অস্ত্ৰোপচাৰক, ৰিকনষ্ট্ৰাক্টিভ অস্ত্ৰোপচাৰক, দাঁতৰ অস্ত্ৰোপচাৰক, ৰশ্মি তথা মেডিকেল কৰ্কট চিকিৎসক আদিৰ জৰিয়তে চিকিৎসা কৰা হয়। ডাঃ কান্নানে কয়- মুখমণ্ডলত হোৱা ঘা তিনি সপ্তাহলৈকে নুশুকোৱা, মাতৰ সঘনাই সলনি হোৱা, খাদ্য চোবাওঁতে বা গিলিবলৈ কষ্ট পোৱা, ডিঙিত ফোঁহা হোৱা, নাক বা মুখৰ পৰা তেজ ওলোৱা, বিষ অনুভৱ কৰা, অৱশ হোৱা, মুখ মেলিবলৈ অসুবিধা পোৱা আৰু নাক, মুখ আৰু কাণত বিষ অনুভৱ কৰা লক্ষণসমূহ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। এপল’ হাস্পতালৰ জ্যেষ্ঠ কলছালটেণ্টগৰাকীয়ে পুনৰ কয়- ডিঙি আৰু মূৰৰ কৰ্কট ৰোগীৰ চিকিৎসা পদ্ধতিত প্ৰথমে এই অংশৰ স্কেন (চিটি, এম আৰ আই, আলট্ৰাছাউণ্ড) আদি কৰা হয়। ইয়াৰ জৰিয়তে এই ৰোগ কিমান দূৰলৈ বিস্তাৰিত হৈছে তাক জানি লৈ চিকিৎসা কৰা হয়। তদুপৰি এণ্ডোস্কপী কৰি টেমুনাৰ অৱস্থিতি আৰু ইয়াৰ বায়’প্সীৰ জৰিয়তে ৰোগ নিৰ্ণয় কৰি প্ৰকৃত চিকিৎসা আগবঢ়োৱা হয়। বিভিন্ন প্ৰকাৰৰ এই ৰোগৰ ৰোগীক বিভিন্ন ধৰণৰ চিকিৎসা কৰি ৰোগ নিৰাময় কৰিব পৰা যায়। য’ত নেকি ৰেডিঅ’থেৰাপী, কেম’থেৰাপী আদিৰ প্ৰয়োগৰ প্ৰয়োজন হয়। সাধাৰণতে মুখৰ অংশত ভোগা কৰ্কট ৰোগীক ৰেডিয়েশ্বন দিয়া হয়। কিন্তু এপল’ স্পেচিয়েলিটী হাস্পতালত ৰেডিয়েশ্বন ট্ৰু বিম এছ টি এক্সৰ জৰিয়তে দিয়া হয়। ই দ্ৰুতগতিত ৰোগৰ প্ৰকৃত অংশ নিৰ্ণয় কৰি চিকিৎসা কৰাত সহায় কৰে। এই হাস্পতালত সম্পূৰ্ণ নতুন পদ্ধতিৰে চিকিৎসা কৰা হয়। এই পদ্ধতি বিশ্বত অতি কম উপলব্ধ। ই হৈছে ট্ৰেন্স অ’ৰেল ৰব’টিক ছাৰ্জাৰী, দ্য ভিন্সি ৰব’টিক ছাৰ্জাৰী আদি পদ্ধতি ব্যৱহাৰ কৰা হয়। (উৎসঃ আমাৰ অসম)।