সকলোৱে নিজৰ দাঁত কেইটা উজ্জ্বল আৰু বগা কৰি ৰাখিবলৈ চেষ্টা কৰে। কিন্তু বেছিভাগৰে ক্ষেত্ৰত পাতল হালধীয়া দাঁতে মানসিক অশান্তিৰ লগতে বিব্ৰত কৰি তোলা দেখা যায়। দাঁত নো কেনেকৈ উজ্জ্বল বগা কৰি ৰাখিব পাৰি সেই বিষয়ে তলত কেইটামান উপায় দিয়া হ’ল: দাঁত বগা কৰি ৰাখিবলৈ বেকিং পাউদাৰ অতিশয় কাৰ্য্যকৰী। পানীত তিয়াই লোৱা ব্ৰাছত টুথ পেষ্টৰ লগত অকণমান বেকিং পাউদাৰ লগাই দাঁত মাজিলে কিছুদিনৰ ভিতৰতে দাঁত বগা হৈ পৰিব। নিশা শোৱাৰ আগতে অথবা ৰাতিপুৱা শুই উঠাৰ পিছতেই এনেদৰে দাঁত মাজিব লাগে। ষ্ট্ৰবেৰী ফলৰ সৰু সৰু গুটিবোৰ দাঁতৰ বাহিৰৰ অংশত ঘহিলে দাঁতৰ উজ্জ্বলতা বৃদ্ধি পায়। প্ৰতি সপ্তাহত কমেও দুবাৰকৈ ষ্ট্ৰবেৰীৰ গুটি ঘহিলে দাঁতত চামনি বন্ধা পদাৰ্থবোৰ আঁতৰি যায় আৰু দাঁত উজ্জ্বল হৈ পৰে। এচিকুট নিমখ নেমুটেঙাৰ ৰসৰ লগত মিহলাই দাঁত মাজিলে দাঁত বগা হয়। নেমুটেঙাৰ বাকলিয়েও দাঁত ঘঁহিব পাৰে। আমাৰ বহুতৰে চাহ আৰু কফিৰ প্ৰতি দুৰ্বলতা আছে। বহুলোকে দৈনিক পৰিমাণতকৈ অধিক এনে ধৰণৰ পানীয় গ্ৰহণ কৰে। চৌডা জাতীয় পানীয়ৰ ক্ষেত্ৰতো একে ধৰণৰ কথা প্ৰযোজ্য হয়। এই চাহ, কফি আৰু চৌডাজাতীয় পানীয়সমুহ হ’ল দাঁতৰ শত্ৰু। এইসমূহে দাঁতৰ স্বাভাৱিক ৰং নষ্ট কৰি পেলায়। দাঁত ৰক্ষাৰ বাবে এইসমূহ গ্ৰহণ কৰাটো সম্পূৰ্ণৰূপে বাদ দিব লাগে। যদি এইবোৰৰ পৰা বিৰত থকা সম্ভৱ নহয় তেন্তে বিকল্প ব্যৱস্থা হিচাপে ষ্ট্ৰ’ বা পাইপ ব্যৱহাৰ কৰিব পৰা যায়। ৰাতিপুৱা শুই উঠিয়েই প্ৰথমে পানীৰে দাঁত কেইটা ধুই লওক। ইয়াৰ পিছত কমলা টেঙাৰ বাকলিৰে দাঁত ঘহক। কমলা টেঙাৰ বাকলিত কেলছিয়াম আৰু ভিটামিন চি থকা হেতুকে ই দাঁতত থকা ক্ষতিকাৰক অনুজীৱবোৰক ধ্বংস কৰে আৰু দাঁত পৰিষ্কাৰ আৰু শক্তিশালী কৰি তোলে। কাঠফুলাত প্ৰচুৰ পৰিমাণে পলিচেকাৰাইড থাকে। ই বেক্টেৰিয়াসমূহ ধ্বংস কৰে আৰু দাঁতত ৰন্ধ্ৰ হোৱাত বাধা দিয়ে। সেইবাবেই কাঠফুলা গ্ৰহণ কৰিও দাঁত শক্তিশালী আৰু বগা কৰি ৰাখিব পাৰি। সেউজীয়া চাহত অধিক পৰিমাণত ফ্ল’ৰাইড থাকে তাৰোপৰি ই এন্টিএচিটিক হোৱাৰ বাবে এনেবিধ চাহ খালে দাঁতত হালধীয়া ৰঙ পৰাত বাধা দিয়ে। আগৰ দিনত মানুহে দাঁত উজ্জ্বল কৰি ৰাখিবলৈ ক’লা এঙাৰ ব্যৱহাৰ কৰিছিল। ই প্ৰকৃততে দাঁত চিকচিকিয়া কৰাত সহায় কৰে যদিও দাঁতৰ আলুৰ ক্ষতি কৰিব পাৰে। প্ৰতিবাৰ খোৱাৰ পিছত ভালদৰে মুখ কুলিকুলি কৰিব লাগে। এনেদৰে কুলিকুলি কৰাৰ ফলত দাঁতৰ ফাঁকত সোমাই থকা খাদ্য কণিকাবোৰ ওলাই আহে ফলত দাঁত পৰিষ্কাৰ আৰু উজ্জ্বল কৰি ৰখাত সহায়ক হয়। আমি বহুতেই নাজানো যে পিঁয়াজ দাঁতৰ বাবে অতি উপকাৰী। পিঁয়াজত এন্টিমাইক্ৰবিয়াল আৰু এন্টিচেপটিক উপাদান থাকে। এই দুটা উপাদানৰ বাবে কেঁচা পিঁয়াজ খোৱাৰ ফলত দাঁত উজ্জ্বল হয়। উৎস: ইন্টাৰনেট।