দিনে দুবাৰ (শুই উঠি আৰু ৰাতি শোৱাৰ আগতে) দাঁত মাজক। দাঁত যদি চক্চকীয়া উজ্জ্বল বগা কৰিবলৈ বিচাৰে তেন্তে দাঁত ঘঁহা ব্ৰাছৰ ওপৰত অকণমান খোৱা চৌদা লৈ দাঁত মাজক। নিয়মিতভাৱে ভিটামিন ‘চি’ আৰু ‘কেলচিয়াম’ যুক্ত আহাৰ খাব। সদায় ‘মাউথ ওৱাছ’ পানীত মিহলাই মুখ কুলিকুলি কৰক। নাইবা কুহুমীয়া গৰম পানীত নিমখ মিহলাই মুখ কুলিকুলি কৰক। মুখখন ফৰফৰীয়া লাগিব। মাজে মাজে অন্তত: বছৰত দুবাৰ দাঁতৰ ডাক্তৰৰ দ্বাৰা দাঁত পৰীক্ষা কৰাই থাকিব। জিভা সদায় পৰিষ্কাৰ ৰাখিব। দাঁতৰ কাৰণে ভিটামিন ‘ডি’ অতি আৱশ্যক। সেয়েহে গাখীৰ আৰু গাখীৰৰ বস্তু, কেঁচা শাক-পাচলি, বিশেষকৈ বিলাহী, মৌচম্বী, কমলা, ৰবাব টেঙা আদি যথেষ্ট পৰিমাণে খাব। ইয়াৰ বাহিৰেও দাঁতৰ সু-স্বাস্থ্যৰ বাবে কেলচিয়াম আৰু ফচফৰাচ অতি প্ৰয়োজন। অকণমান নিমখত নেমুৰ ৰস মিহলাই দাঁত ঘঁহক। দেখিব আপোনাৰ দাঁতৰ হালধীয়া বৰণ গুচি বগা উজ্জ্বল হৈ পৰিছে। কেতিয়াবা অকণমান মিঠাতেল মিহলাই দাঁত মাজিব। তেনে কৰিলে দাঁতৰ বিষ কমে আৰু দাঁতৰ গুৰি টান হ’ব। মুখৰ বেয়া গোন্ধ আঁতৰাবলৈ বাদামৰ বাকলি পুৰি গুৰি কৰি লৈ লগত নিম ঠাৰিৰ গুড়ি (পুৰি ল’ব) আৰু জালুকৰ গুড়ি মিহলাই দাঁতৰ মাজন হিচাপে ব্যৱহাৰ কৰক। ডাঙৰ ইলাচি মাজে মাজে খাই থাকিব। মহানিমৰ ছাল জুইত পুৰি তাৰ ছাইৰে দাঁত মাজিলে দাঁতৰ বিষ কমে আৰু দাঁতৰ গুৰিয়েদি তেজ ওলোৱা বন্ধ হয়। বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ বিষ আৰু দাঁতৰ যিকোনো ৰোগ নাশ হয়। কেঁচা হালধি জুইত পুৰি দাঁত মাজিলে বা দাঁতত প্ৰলেপ দি থ’লে দাঁতৰ পোক মৰে। উৎস: ইন্টাৰনেট।