বহু লোকৰে খং উঠিলে বা টোপনিতো দাঁতে দাঁত লাগি শব্দ হোৱা দেখা যায়। বহুতেই এইটো সাধাৰণ কথা বুলি বিশেষ ব্যৱস্থা নলয় যদিও ইয়াৰ বাবে ভয়াৱহ দাঁতৰ ক্ষতি হ’ব পাৰে। কিন্তু কিছু সচেতন আৰু মনোযোগ দি আমি নিজেই এই ক্ষতি ৰোধ কৰিব পাৰো। আমাৰ এনে কিছুমান অভ্যাস আছে যিবোৰে প্ৰত্যক্ষভাৱে দাঁতৰ ক্ষতি নকৰিলেও দাঁতৰ ৰোগ সৃষ্টি হোৱাত সহায় কৰে। এই সমস্যাটোক ব্ৰুক্সিং, গাইণ্ডিং বা ক্লিছিং ও বোলা হয়। অসচেতন অৱস্থাত ওপৰৰ পাৰি আৰু তলৰ পাৰি দাঁত পৰস্পৰে ঘৰ্ষণ কৰা কাৰ্য্যকে ব্ৰুক্সিং বোলা হয়। যি আমি কঠিত ভাষাত কৰমৰাই থকা বুলি কওঁ। অন্যমনস্ক অৱস্থাত, কিবা চিন্তাত বিভোৰ হৈ থকা অৱস্থাত অথবা খং উঠি থকা অৱস্থাত বহু ব্যক্তিয়ে এনে শব্দ কৰে। বহু ব্যক্তিৰ আকৌ টোপনিত থকা অৱস্থাতো এনে শব্দ কৰা দেখা যায়। এই বদ অভ্যাসটোৰ ক্ষতিকাৰক দিশসমূহ তলত দিয়া হ’ল: ক্ষতিকাৰক দিশসমূহ ব্ৰুক্সিং বা দাঁতে দাঁত লাগি শব্দৰ ফলত দাঁত ক্ষয়ৰ সম্ভাৱনা বৃদ্ধি কৰি তোলে। ওপৰৰ পাৰি দাঁত আৰু তলৰ পাৰি দাঁতৰ পৰস্পৰ ঘৰ্ষণৰ ফলত ক্ৰমাগতভাৱে দাঁত ক্ষয় হৈ গৈ থাকে। দাঁতৰ চিকিৎসা কৰি থকা অৱস্থাত এনে কাৰ্য্যৰ ফলত দাঁতৰ ভয়াৱহ ক্ষতি হ’ব পাৰে। দাঁত যদি ফিলিং কৰা হয় আৰু সেই সময়ত এনে দাঁতৰ পৰস্পৰ ঘৰ্ষণে দাঁতৰ বিভিন্ন অংশত ফাট মেলিব পাৰে আৰু সংক্ৰমণৰ আংশকা বৃদ্ধি কৰি তোলে। ব্ৰুক্সিং দাঁতৰ পেৰিঅ’ডেন্টেল ৰোগ বা প্লাগজনিত সমস্যাৰ বাবে অতি মাৰাত্মক। ইয়াৰ ফলত পেৰিঅ’ডেন্টেল লিগামেন্টৰ মাৰাত্মকভাৱে ক্ষতি হয় আৰু দাঁতত খোৱা বস্তুৰ অংশ দ্ৰুতভাৱে জমা হৈ গৈ থাকে। ব্ৰুক্সিঙৰ বাবে দাঁতৰ স্পৰ্শকাঁতৰতা বৃদ্ধি পায়। ফলত ঠাণ্ডা বা গৰম বস্তু খোৱাৰ সময়ত দাঁত সিৰসিৰাই উঠে। অনবৰতে ব্ৰুক্সিং হোৱাৰ ফলত দাঁতত ভয়াবহভাৱে বিষ অনুভূত হ’ব পাৰে। ব্ৰুক্সিঙৰ ফলত সাধাৰণ চকুৰে দেখা নোপোৱাকৈ দাঁতত অসংখ্য ক্ষতিকাৰক ফাঁটৰ সৃষ্টি হয়। ইয়াক ক্ৰেক টুথ চিনড্ৰম বোলা হয়। ফলত দাঁতৰ স্বাভাৱিক কামৰ সমতা হ্ৰাস পায় গৈ থাকে। অধিকভাৱে দাঁত কটকটাই থাকিলে এটা সময়ত গৈ দাঁত ভাঙি যায়। এয়া খুবেই মাৰাত্মক। দাঁত কটকটোৱাৰ ফলত দাঁতৰ আলুত চাৰিওফালে অতিৰিক্ত চাপৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত দাঁতৰ স্বাভাৱিক গঠনক ক্ষতিগ্ৰস্ত কৰি তোলে। ই দাঁতৰ আলুত বিভিন্ন সমস্যাৰ সৃষ্টি কৰাৰ বাবেই দাঁত ক্ৰমাৎ দুৰ্বল হৈ পৰে। এনে দুৰ্বল দাঁতত যেতিয়া দ্ৰুত গতিত ব্ৰাছ কৰা হয় তেতিয়া এই ক্ষতিৰ পৰিমাণ বৃদ্ধি পায়। কি কৰিব? ব্ৰুক্সিঙে দাঁতৰ স্বাভাৱিক উচ্চতাত ক্ষতিগ্ৰস্ত কৰে। এয়া প্ৰকৃততে কোনো ৰোগ নহয় কিন্তু ইয়াৰ ফলতেই টুথ ডিকে, প্লাগ, ক্ৰেক টুথ চিনড্ৰমসহ বিভিন্ন দাঁত আৰু আলুৰ ৰোগৰ কাৰণ হৈ পৰে। যিসকলে টোপনিত থকা অৱস্থাত এনে ব্ৰ্ক্সিং কৰে তেওঁলোকে দন্ত চিকিৎসকৰ লগত আলোচনা কৰি ব্ৰ্ক্সিং গাৰ্ড ব্যৱহাৰ কৰিব পাৰে। এইটোও একধৰণৰ প্লাষ্টিকেৰে প্ৰস্তুত কৰা আহিলা। অৱশ্যে এয়া কোনো স্থায়ী সমাধান নহয়। ইয়াৰ বাবে প্ৰথমে ব্ৰক্সিঙৰ বিষয়টোত ব্যক্তিজন সচেতন হোৱা উচিত। আমি যেনেকৈ প্ৰতিদিনে দাঁত ভালে ৰাখিবলৈ দাঁত ব্ৰাছ কৰো সেইদৰে ব্ৰক্সিংৰ অপকাৰিতাৰ কথাও মনত ৰাখিব লাগিব। এই বদঅভ্যাস ত্যাগ কৰিবলৈ মানসিকভাৱে চেষ্টা কৰা উচিত। আপোনাৰ পৰিয়ালৰ এনে বদঅভ্যাস থাকিলে আপুনি সচেতন কৰি দিয়া উচিত। উৎস: ইন্টাৰনেট।