দাঁত এটা যদিও কঠিন কলাৰে গঠিত তথাপি ইয়াৰ বিভিন্ন সমস্যা থাকে আৰু নানান ধৰণৰ ৰোগৰ ৰোগৰ দ্বাৰা ই আক্ৰান্ত হয়। মাতৃগৰ্ভত থাকোঁতে ভ্ৰূণ অৱস্থাতেই দাঁতৰ মুকুল অংকুৰিত হয়। গৰ্ভাৱস্থাৰে পৰা দাঁতৰ মুকুলৰ ক্ৰমবিকাশ ঘটি, জন্মৰ পাছত ছমাহমানৰ ভিতৰত মুখগহ্বৰৰ তলে-ওপৰে দুয়োপাৰি হনুত দেখা দি সম্পূৰ্ণকৈ গজি উঠালৈকে, দাঁত এটা গঠন প্ৰক্ৰিয়াৰ বিভিন্ন স্তৰৰ মাজেৰে পাৰ হয়। আমাৰ শৰীৰৰ আটাইতকৈ সুন্দৰ আৰু আকৰ্ষণীয় অংগ মুখমণ্ডলৰ সুন্দৰতাত সুৱগা চৰায় দুপাৰি সুস্থ-সবল, সমান, সুগঠিত, চিকচিকীয়া বগা দাঁতে। ১)এনামেল, ২)ডেন্টিন আৰু ৩)চিমেন্টাম নামৰ তিনি প্ৰকাৰৰ কঠিন কলাৰ দ্বাৰা আমাৰ দাঁতবোৰ গঠিত। শৰীৰৰ সকলো কলাৰ উপৰি উপৰিউক্ত তিনিবিধ দন্ত কলাৰ ভিতৰত এনামেল আটাইতকৈ কঠিন কলা। অৱশ্যে দাঁতৰ ভিতৰ অংশ অতি কোমল, জীৱন্ত আৰু বিশেষ ধৰণৰ কলা, যাক ‘ডেন্টেল পাল্প’ বা মজ্জা বোলা হয়, ই দাঁতৰ মূৰৰ পৰা গুৰিলৈকে বিয়পি থাকে। মুখগহ্বৰত দৃষ্টিগোচৰ হোৱা দাঁতৰ অংশক মূৰ বা ক্ৰাউন বোলা হয় আৰু যিখিনি অংশ চকুৰে দেখা পোৱা নাযায়, মানে মুখৰ হনুৰ হাড়ৰ ভিতৰত সোমাই থাকে, সেইখিনি অংশক ৰুট বা শিপা বা দাঁতৰ গুৰি বোলা হয়। দাঁত এটা যদিও কঠিন কলাৰে গঠিত তথাপি ইয়াৰ বিভিন্ন সমস্যা থাকে আৰু নানান ধৰণৰ ৰোগৰ দ্বাৰা ই আক্ৰান্ত হয়। মাতৃগৰ্ভত থাকোঁতে ভ্ৰূণ অৱস্থাতেই দাঁতৰ মুকুল অংকুৰিত হয়। গৰ্ভাৱস্থাৰে পৰা দাঁতৰ মুকুলৰ ক্ৰমবিকাশ ঘটি, জন্মৰ পাছত ছমাহমানৰ ভিতৰত মুখগহ্বৰৰ তলে-ওপৰে দুয়োপৰি হনুত দেখা দি সম্পূৰ্ণকৈ গজি উঠালৈকে, দাঁত এটা গঠন প্ৰক্ৰিয়াৰ বিভিন্ন স্তৰৰ মাজেৰে পাৰ হয়। এইখিনি সময়ৰ পৰা দাঁত এটা মুখগহ্বৰত গজি চোবাই খাব পৰাকৈ কাৰ্যক্ষম হোৱাৰ পৰৱৰ্তী কালছোৱাত দাঁতৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে। দাঁতৰ গঠন আৰু ক্ৰমবিকাশজনিত সমস্যা: মুকুল পৰ্যায়ত পৰা দাঁতৰ পূৰ্ণ গঠন আৰু ক্ৰমবিকাশৰ সময়ত বিভিন্ন ধৰণৰ খেলিমেলি হ’ব পাৰে। এইখিনি সময়ত দাঁতৰ আকাৰ সৰু-ডাঙৰ হোৱাৰ সমস্যাই দেখা দিব পাৰে নতুবা দাঁতৰ আকৃতি বা প্ৰকাৰ, মুখমণ্ডলৰ আকাৰ আৰু মুখৰ হনুৰ আকাৰৰ লগত সামঞ্জস্য নথকা হ’ব পাৰে। প্ৰাথমিক বা গাখীৰ খোৱা দন্ত বিন্যাসেই হওক নতুবা স্থায়ী দন্ত বিন্যাসেই হওক, কেতিয়াবা মুখৰ হনুত দাঁতৰ মুঠ সংখ্যাৰ কম-বেছি হ’ব পাৰে। কেতিয়াবা কিছুমান শৰীৰৰ আভ্যন্তৰীণ ৰোগ আৰু বংশগত ৰোগৰ বাবে মুখৰ হনুত এটাও দাঁত নথকা বা কমসংখ্যক দাঁত থকা দেখা যায়। কেতিয়াবা আকৌ স্থায়ী দন্ত বিন্যাসত সাধাৰণতে থকা ৩২ টা দাঁততকৈ বেছি সংখ্যক দাঁত থকা পৰিলক্ষিত হয়। জন্মগত দোষ, ক্ৰমবিকাশৰ খেলিমেলি বা সমস্যাৰাজিয়ে দেখা দিব পাৰে। এমিল’জেনেছিছ ইমপাৰফেক্টা ডেন্টিন’জেনেছিছ ইমপাৰফেক্টা, এনামেল হাইপ’প্লাছিয়া, ফিউছন, জেমিনেচন, ডেন্স ইন ডেন্টী, ডেন্স ইভাজিনেটাছ টৰ’ডন্টিজম আদি এনে কিছুমান ক্ৰমবিকাশজনিত দাঁতৰ বিসংগতি। ৰোগজনিত সমস্যা - দাঁতৰ সাধাৰণতে হোৱা দুবিধ ৰোগ হ’ল দন্তক্ষয় বা ডেন্টেল কেৰিজ আৰু পাইৰিয়া বা দাঁতৰ মাৰি বা আলুৰ ৰোগ। ডেন্টেল কেৰিজ বা দন্তক্ষয় ৰোগ, দাঁতৰ কঠিন কলা অংশ যেনে- এনামেল বা ডেন্টিল বা চিমেন্টামত হোৱা এবিধ ৰোগ। এই ৰোগ সংক্ৰামক আৰু কিছুমান বেমাৰ সংক্ৰমিত কৰিব পৰা সূক্ষ্ম জীৱাণু বা বেক্টেৰিয়াৰ পৰা হয়। ডেন্টেল কেৰিজ হ’লে দাঁতৰ কঠিন অংশৰ অজৈৱিক পদাৰ্থসমূহ গলি যায়। ফলস্বৰূপে দাঁতৰ ওপৰত কিছুমান সৰু সৰু গাঁত বা ছিদ্ৰৰ সৃষ্টি হয়, যাক দন্ত চিকিৎসা বিজ্ঞানত কেভিটী বোলা হয়। দাঁতৰ মাৰি বা আলুৰ ৰোগক পৰ্যায়ক্ৰমে জিঞ্জিভাইটিছ, পেৰিয়ডন্টাইটিছ বা পাইৰিয়া বুলিও কোৱা হয়। মুখগহ্বৰত থকা, বেমাৰ সৃষ্টি কৰিব পৰা জীৱাণুবোৰৰ সংক্ৰমণৰ ফলত দাঁতৰ মাৰি বা আলুৰ ৰোগ হয়। অপৰিষ্কাৰ মুখগহ্বৰত, হৰম’নৰ তাৰতম্য আৰু কিছুমান শৰীৰৰ আভ্যন্তৰীণ ৰোগ, যেনে- ডায়েবেটিছ, পেটৰ ৰোগ, শ্বাস-প্ৰশ্বাসৰ ৰোগ, কিডনীৰ ৰোগ আদিত ভুগি থাকিলে দাঁতৰ মাৰি বা আলুৰ ৰোগ সততে হোৱা দেখা যায়। এই ৰোগত দাঁতৰ মাৰি ফুলি উঠে, দাঁতৰ মাৰিৰ পৰা তেজ ওলায় আৰু মুখ গোন্ধায়। দাঁতৰ অন্য কিছুমান ক্ষয়জনিত সমস্যা - দাঁত কঠিন কলাৰে গঠিত হ’লেও সময়ত ইয়াৰ ক্ষয়প্ৰাপ্ত হয়। টান খাদ্যবস্তু চোবাই গুড়ি কৰি খোৱাৰ ফলত দাঁতৰ ওপৰ পৃষ্ঠ ক্ষয়প্ৰাপ্ত হয়। টেঙা, এচিডজাতীয় খাদ্য খালেও দাঁতৰ এনামেলভাগ ক্ষয় হয়। সঠিক নিয়ম পালন কৰি দাঁত ব্ৰাছ নকৰিলে দাঁতৰ গুৰিভাগ কাটি যায়। মুখৰ কিছুমান বদ অভ্যাস, যেনে- পেন, পেঞ্চিল, পিন, বেজী আদি কামুৰি থকাৰ ফলতো দাঁত ক্ষয়প্ৰাপ্ত হয়। এনেধৰণৰ সমস্যাবোৰক এচিট্ৰন, এব্ৰেজন, এৰোছন আদি বোলা হয়। বেঁকা-বেঁকি বা উচলা দাঁত: সৌন্দৰ্য সম্পৰ্কীয় সমস্যাবোৰৰ ভিতৰত এটা প্ৰধান সমস্যা হৈছে বেঁকা-বেঁকি, অসমান, উচলা দাঁত। দাঁতৰ আকাৰ, আকৃতি আৰু মুখৰ হনুৰ হাড়ৰ মাজত যদি সামঞ্জস্য নাথাকে, তেতিয়াহ’লে স্থায়ী দাঁতবোৰ বেঁকা-বেঁকি হ’ব পাৰে। কিছুমান বদ অভ্যাস যেনে- আঙুলি চুপি থকা, ওঁঠ কামুৰি থকা, পেন, পেঞ্চিল বা নখ কামুৰি থকা, জিভা চুহি থকা, মুখেৰে উশাহ-নিশাহ লোৱাৰ ফলতো দাঁত উচলা বা বেৰিয়া হ’ব পাৰে। গাখীৰ খোৱা বা প্ৰাথমিক দাঁতবোৰ নিৰ্দিষ্ট সময়ৰ আগতে বা পাছত সৰিলেও স্থায়ী দাঁতবোৰ অসমান হ’ব পাৰে। কেতিয়াবা কিছুমান জন্মগত দোষ, যেনে- ক্লেফট লিপ বা পেলেট, ফটা ওঁঠ বা তালুৰ কাৰণে নতুবা কেতিয়াবা দুৰ্ঘটনাজনিত কাৰণতো দাঁত বেঁকা-বেঁকি বা উচলা হ’ব পাৰে। দূৰ্ঘটনাজনিত দাঁতৰ সমস্যা - যদিও এনামেল কঠিন কলা, কিন্তু ই বৰ ঠুনুকা। সেয়েহে আঘাতপ্ৰাপ্ত হ’লে বা খুন্দা লাগিলে, বল বা হেঁচাৰ ফলত দাঁত ভাগি যাব পাৰে। কেতিয়াবা আকৌ টান খোৱা বস্তু জোৰেৰে কামুৰি চোবালেও অতিৰিক্ত বল প্ৰয়োগৰ ফলত দাঁত ফাটি যোৱা বা ভাগি যোৱা দেখা যায়। বিভিন্ন কাৰণত দাঁত ভাগিব পাৰে- খুন্দা খায়, ক্ৰিকেট বল লাগি, দমকলৰ হেণ্ডেল লাগি, পথ দুৰ্ঘটনা, কাজিয়া-পেচাল বা মাৰপিটৰ ফলত, ঘুচিয়াঘুচিৰ কাৰণে, কিছুমান খেল খেলোঁতে দূৰ্ঘটনাগ্ৰস্ত হৈ আৰু কেতিয়াবা কিছুমান বেমাৰত আকস্মিকভাৱে মূৰ ঘূৰাই বা জ্ঞান লোপ পায় বা ক’ব নোৱাৰা হৈ পৰি গৈ মুখমণ্ডলত বা দাঁতত দুখ পালে। মানুহৰ দাঁত আকৌ কেইবাটাও স্তৰত ভাগিব পাৰে। দাঁতবোৰৰ কেৱল পৃষ্ঠভাগ বা এনামেল ভাগিব পাৰে, এনামেল আৰু ডেন্টিন দুয়োবিধ কলা সামৰি ভাগিব পাৰে, এনামেল ডেন্টিন ভগাৰ লগতে দাঁতৰ মজ্জা অংশ ওলাই পৰিব পাৰে, দাঁতটো সম্পূৰ্ণৰূপে হাড়ৰ ভিতৰলৈ সোমাই যাব পাৰে, নাইবা কেতিয়াবা হাড়ৰ ভিতৰৰ দাঁতৰ ৰুট অংশও ভাগিব পাৰে। সাধাৰণতে চুটি ওঁঠৰ, মানে যাৰ ওঁঠ দুটি লগ নালাগে, তেনেকুৱা ব্যক্তিৰ দাঁত বেছিকৈ ভগা দেখা যায় আৰু উচলা বা উজলা দাঁত সততে দূৰ্ঘটনাগ্ৰস্ত বা আঘাতপ্ৰাপ্ত হয়। মুখৰ দুৰ্গন্ধ - দাঁত-মুখৰ আন এটা প্ৰধান সমস্যা হৈছে মুখৰ দুৰ্গন্ধ। মুখৰ দুৰ্গন্ধ দুটা কাৰণত হ’ব পাৰে- ক)মুখগহ্বৰৰ ৰোগৰ পৰা নতুবা, খ)শৰীৰৰ আভ্যন্তৰীণ ৰোগৰ পৰা। মুখৰ দুৰ্গন্ধৰ প্ৰধান কাৰণ হ’ল- দাঁতৰ আলুৰ ৰোগ। আমাৰ মুখগহ্বৰ অসংখ্য জীৱাণুৰ ভঁৰাল। যদিহে আমি মুখগহ্বৰ ভালদৰে পৰিষ্কাৰ কৰি নাৰাখোঁ। তেনেহ’লে বেমাৰ সৃষ্টি কৰিব পৰা জীৱাণুবোৰে আমি খোৱা খাদ্যবস্তুবোৰৰ লগত ক্ৰিয়া কৰি কিছুমান ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্যৰ সৃষ্টি কৰে। এই ৰাসায়নিক বিক্ৰিয়াৰ ফলত ক্ৰমশঃ মুখগহ্বৰত বা দাঁতৰ ওপৰত ‘বেক্টেৰিয়েল প্লাক’ নামৰ এখন স্বচ্ছ চামনিৰ সৃষ্টি হয়, যি দন্ত ক্ষয় বা দাঁতৰ আলুৰ ৰোগৰ প্ৰধান কাৰক। দাঁতৰ আলুৰ ৰোগ হ’লে দাঁতৰ গুৰিত পাথৰ বা কংকৰ জমা হয়, তেনে অৱস্থাত দাঁতৰ গুৰি ফুল উঠে, বিষায়, দাঁতৰ গুৰিৰ পৰা তেজ ওলায় আৰু বেমাৰ পুৰণা হ’লে কেতিয়াবা দাঁতৰ গুৰিৰ পৰা পূঁজ ওলায় আৰু মুখৰ দুৰ্গন্ধ হয়। দাঁতৰ সিৰসিৰণি - দাঁতৰ সমস্যাৰ ভিতৰত এক অন্যতম সমস্যা হৈছে দাঁতৰ সিৰসিৰণি। ঠাণ্ডা, গৰম, টেঙা, মিঠা যিকোনো ধৰণৰ খাদ্য খালেই দাঁতত সিৰসিৰণি অনুভৱ কৰা যায়। ইয়াৰ মুখ্য কাৰণ হৈছে দাঁতৰ কঠিন কলা এনামেলৰ ক্ষয়প্ৰাপ্ত হোৱা আৰু জীৱিত কলা ডেন্টিন উন্মুক্ত হোৱা। এট্ৰিচন, এব্ৰেজন, ইৰোজন আদিৰ দ্বাৰা দাঁতৰ কঠিন কলাভাগ ক্ষয় গ’লে দাঁতৰ সিৰসিৰণি আৰম্ভ হয়। সঠিক পদ্ধতিৰে দাঁত ব্ৰাছ নকৰিলে। দাঁতৰ গুৰি কাটি গৈ সিৰসিৰণি অনুভৱ হয়। দাঁতৰ এনামেলত অতি সূক্ষ্ম ফাট থাকিলেও দাঁতত সিৰসিৰণি হয়। দাঁতৰ সিৰসিৰণিৰ এটা প্ৰধান কাৰণ ডেন্টেল কেৰিজ বা দন্তক্ষয় ৰোগ। সৌন্দৰ্য সম্পৰ্কীয় দাঁতৰ সমস্যা - দাঁতৰ সৌন্দৰ্য সম্পৰ্কীয় সমস্যাৰ ভিতৰত দাঁতৰ ৰং বা বৰণ সলনি হোৱাটো অন্যতম। দুটা কাৰণত দাঁতৰ ৰং বা বৰণ সলনি হ’ব পাৰে- সাধাৰণ শাৰীৰিক প্ৰক্ৰিয়াৰ কাৰণে আৰু শৰীৰতন্ত্ৰৰ আসোঁৱাহ বা বেমাৰৰ কাৰণে। যি কাৰণতেই নহওক কিয়, দাঁতত দুই ধৰণে ৰং ধৰিব পাৰে- ক)দাঁতৰ পৃষ্ঠভাগত বা বাহ্যিক ধৰণে আৰু খ)আন্তঃ বা আভ্যন্তৰীণ গাঁথনি মানে দাঁতৰ কঠিন কলা এনামেল বা ডেন্টিনত ৰং সংযোজিত হৈ। খোৱা বস্তুত থকা বিভিন্ন ধৰণৰ ৰঙীন পদাৰ্থই দাঁতত ৰং ধৰাত সহায় কৰে। তামোল, বিড়ি, চিগাৰেট, চাহ, কফী বা ৰঙীন পানীয় ইত্যাদিয়ে দাঁতত ৰঙীন দাগ বহায়। শৰীৰৰ কিছুমান বেমাৰৰ বাবেও দাঁতৰ বৰণ সলনি হয়। কেতিয়াবা কিছুমান ঔষধ সেৱন কৰাৰ ফলতো দাঁতত ৰং ধৰা দেখা যায়। দাঁতৰ ফাঁক - সন্মুখৰ ছেগ বা আগ দাঁতবোৰৰ মাজত থকা ফাঁকবোৰক দন্ত চিকিৎসা বিজ্ঞানত ডায়েষ্টিমা বোলা হয়। ডায়েষ্টেমা বা দাঁতৰ ফাঁকবোৰ দেখাত বৰ দৃষ্টিকটূ, ই এজন ব্যক্তিৰ সামগ্ৰিক সৌন্দৰ্যত নেতিবাচক প্ৰভাৱ পেলায়। তদুপৰি এই ফাঁকবোৰত খাদ্য বস্তু সোমাই ৰৈ অস্বিস্ত বা আহুকালৰ সৃষ্টি কৰাৰ লগতে দাঁতৰ বিভিন্ন ৰোগৰো সৃষ্টি কৰিব পাৰে। এনেধৰণৰ আসোঁৱাহৰ চিকিৎসাৰ আগতে চিকিৎসকে দাঁতৰ মাজৰ ফাঁকবোৰ কিয় বা কি কাৰণে হৈছে, সেইটোসঠিককৈ নিৰ্ণয় কৰি ল’ব পাৰে। বহুতো কাৰণত দাঁতৰ মাজত ফাঁকৰ সৃষ্টি হয়। সন্মুখৰ আগ দাঁত দুটা গজি থকাৰ সময়ত যদি দাঁতৰ মাৰি বা আলু আৰু ওপৰ ওঁঠৰ ভিতৰভাগ সংযোগী লেবিয়েল ফ্ৰেনাম নামৰ ইলাষ্টিক ধৰণৰ আঁহখিনি ওলাই অহা বা আগবঢ়া ধৰণৰ হয়, তেতিয়া সাধাৰণতে সন্মুখৰ দাঁত দুটাৰ মাজত ফাঁক থকা দেখা যায়। তদুপৰি দুই হনুত যদি জন্মগতভাৱে কিছুমান দাঁত নগজাকৈ থাকে, দাঁতৰ আকাৰ যদি সৰু হয়, গঠন যদি সঠিক নহয়, মুখৰ হনু আৰু দাঁতৰ আকাৰৰ মাজত যদি সামঞ্জস্য নাথাকে, দাঁতৰ হনুত বিশেষকৈ ওপৰৰ হনুৰ সন্মুখভাগত যদি অতিৰিক্ত দাঁত থাকে, তেতিয়া দাঁতৰ মাজত ফাঁকৰ সৃষ্টি হয়। কেতিয়াবা আকৌ একো কাৰণ নথকাকৈয়ে বংশগতভাৱে দাঁতৰ মাজত ফাঁক থকা দেখা যায়। জিভা চুহি থকা, দাঁতে দাঁতে ভালদৰে লগ নলগা, দাঁতৰ মাৰি বা আলুৰ ৰোগৰ বাবেও দাঁতবোৰ ফাঁক ফাঁক হয়। অস্থায়ী বা গাখীৰ খোৱা দাঁতৰ মাজত কিছু ফাঁক থাকিলে ভাল। কিয়নো অস্থায়ী দাঁতবোৰৰ আকাৰ সৰু সৰু। যেতিয়া অস্থায়ী দাঁতবোৰ সৰি স্থায়ী দাঁত গজে, তেতিয়া স্থায়ী দাঁতবোৰৰ আকাৰ ডাঙৰ হোৱা হেতুকে এই ফাঁকবোৰৰ ঠাইবোৰ সমানে ব্যৱহৃত হয় আৰু দাঁতবোৰ বেঁকা-বেঁকিকৈ গজাৰ সম্ভাৱনা কম হয়। কিন্তু স্থায়ী দাঁতবোৰৰ মাজত ফাঁক থাকিলে দাঁতৰ বিন্যাস বা গাঁথনি কিছু পৰিমাণে দুৰ্বল হয়। লেখিকা: ডাঃ ৰুবী কটকী(নিয়মীয়া বাৰ্তা)