প্ৰথমতে জানো আহক কেৰিজনো কি? বা কেভিটি(যিটো শব্দ বৰ্তমান টুথপেষ্টৰ বিজ্ঞাপনত বৰকৈ ব্যৱহৃত হয়।) কেৰিজ বা কেভিটি(মানে সাধাৰণ অৰ্থত গাঁত) হ’ল দাঁতৰ অতিকৈ সাধাৰণ (পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৩৬ শতাংশ লোক) ৰোগ। ই প্ৰধানত: বেক্টেৰিয়াৰ দ্বাৰা সৃষ্ট। আমি সহজ-সৰল ভাষাত ‘পোকে খোৱা’ বুলি যাক বৰ্ণনা দিওঁ। যদিও বিজ্ঞানে ইয়াক মানি নলয়, তথাপি সৰলভাৱে ক’বলৈ গ’লে ইয়াক আমি খালী চকুৰে নেদেখা পোক বুলিব পাৰো। আহাৰ গ্ৰহণৰ পিছত দাঁতত লাগি থকা অৱশিষ্টবোৰৰ ওপৰত (বিশেষকৈ মিঠাজাতীয়, শৰ্কৰাজাতীয়, কাৰ্ব’হাইড্ৰেট) মুখগহ্বৰত থকা বেক্টেৰিয়াবোৰে ক্ৰিয়া কৰি এচিডজাতীয় পদাৰ্থ নিৰ্গত কৰে। এই এচিডবোৰে দাঁতৰ কঠিনতম অংশবোৰৰ ওপৰত ৰাসায়নিক বিক্ৰিয়া কৰে। ফলত দাঁতৰ কঠিন অংশ (তৰপবোৰ) ধ্বংস হয় আৰু দাঁতৰ বগা ৰং সলনি হৈ ক্ৰমে হালধীয়া, ক’লা হয়। অধিক মাত্ৰাত হ’লে দাঁতত ক্ৰমান্বয়ে গাঁতৰ সৃষ্টি হয়। কেৰিজ বা কেভিটি মানুহকে আদি কৰি আন জীৱ-জন্তুৰো হোৱা দেখা যায়। কেঁচুৱাৰ(দাঁত গজাৰ পৰা) পৰা বুঢ়ালৈকে(দাঁত থকা অৱস্থা) কেৰিজ হ’ব পাৰে। নাৰ্ছিং বটল কেৰিজ সাধাৰণতে শিশুকালত, বিশেষকৈ মাকৰ গাখীৰ খোৱা অৱস্থাৰ পৰা দেখা যায়। যিবোৰ শিশুৰ নিশা টোপনি যোৱাৰ সময়ত মাকৰ গাখীৰ বা দুধদানিৰে গাখীৰ খোৱাৰ অভ্যাস গঢ়ি উঠে, তেওঁলোকে ইয়াৰ দ্বাৰা আক্ৰান্ত হয় বেছিকৈ। তলৰ পাৰি দাঁতত ইয়াৰ প্ৰভাৱ কম বা নোহোৱাৰ দৰে প্ৰায়, কিন্তু ওপৰৰ পাৰি সম্পূৰ্ণৰূপে নষ্ট হয়। শিশুসকল অবুজ, গতিকে ইয়াৰ বাবে আমি অভিভাৱকসকল জগৰীয়া। নিশা টোপনিৰ সময়ত মুখত উৎপন্ন হোৱা লেলাউটিৰ পৰিমাণ বহু কমি যায়। (লেলাউটিয়ে বেক্টেৰিয়া সৃষ্ট এচিডবোৰ নিস্তেজ কৰাত সহায় কৰে।) ফলত গাখীৰত থকা লেক্ট’জ (মিঠাজাতীয় পদাৰ্থ)ৰ ওপৰত বেক্টেৰিয়াই ক্ৰিয়া কৰি এচিড নিৰ্গত কৰে আৰু কেৰিজ হয়। আনহাতে ৰামপেণ্ট কেৰিজ শিশু আৰু কৈশোৰ দুই অৱস্থাতে দেখা যায়। ই মিল্ক টিটা আৰু পাৰ্মানেণ্ট টিটা দুয়োবিধত দেখা যায়। ৰামপেণ্ট আৰু নাৰ্ছিং বটলৰ মাজত পাৰ্থক্য ইমানেই যে ই তলৰ আৰু ওপৰ যিকোনো ঠাইত হ’ব পাৰে। সাধাৰণতে সকলো নাৰ্ছিং বটল কেৰিজে, ৰামপেণ্ট কেৰিজ কিন্তু সকলো ৰামপেণ্ট কেৰিজে নাৰ্ছিং বটল নহ’ব পাৰে। ল’বলগীয়া সাৱধানতা সৰ্বপ্ৰথমে শোৱাৰ আগৰ গাখীৰ খোৱা অভ্যাস এৰুৱাব লাগে। কেঁচুৱাবোৰক দুধদানিত পানী দি পিয়া অভ্যাস কৰিব পাৰি। অলপ বুজিব পৰা হোৱাৰ পিছত শিশুসকলক বুজাই-পৰাই এই অভ্যাস এৰুৱাব লাগে। বহুত চেষ্টাৰ অন্ততো এই অভ্যাস এৰুৱাব নোৱাৰিলে শিশুৱে টোপনি যোৱাৰ আগমুহূৰ্তত ভিজা কপাহেৰে যদি দাঁত গজা নাই, তেন্তে আলুবোৰ আৰু দাঁত গজিলে দাঁতবোৰ মচি দিব লাগে। দাঁত গজাৰ পিছত ছফ্ট বেবী টুথ ব্ৰাছেৰে ব্ৰাছ কৰি দিব লাগে। আনহাতে বুজন শিশুসকলক সঠিক ব্ৰাছ পদ্ধতি শিকাই অভিভাৱকে নিজৰ তত্ত্বাৱধানত ব্ৰাছ কৰিবলৈ দিব। তদুপৰি তেওঁলোকক চকলেট বা চিপ্ছ জাতীয় খাদ্য সামগ্ৰীবোৰ কমকৈ দিবলৈ যত্ন কৰিব। যিকোনো খাদ্য খোৱাৰ পিছতে পানীৰে কুলি কুলি কৰাৰ অভ্যাস এটা গঢ় দিয়াটো জৰুৰী। মনত ৰাখিব এপাৰি ভাল দাঁতেহে আপোনাৰ অমূল্য হাঁহিটোৰ পৰিপূৰকতা আনে। সেয়ে নিজৰ লগতে শিশুটিৰো দাঁতপাৰিৰ যত্ন লওক। লিখক: ডা° সুনীল দেৱ গোস্বামী, অসমীয়া প্ৰতিদিন।