আমাৰ কথা কোৱাৰ মাধ্যম হৈছে আমাৰ মুখখনি। কিন্তু মুখখনি দুৰ্গন্ধেৰে ভৰি থাকে তেতিয়া নিজৰ লগতে আনেও অসহ্য পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। ফলত কেতিয়াবা হাঁহিয়াতৰ পাত্ৰ হ’বলগীয়াও হ’ব পাৰে। সেইবাবে, মুখৰ এই দুৰ্গন্ধৰ কাৰণবোৰ বিচাৰি উলিয়াব লাগে আৰু তাৰ পিছত উপযুক্ত বিধি মানি চলিব লাগে। সাধাৰণ দৃষ্টিত তলৰ কাৰণবোৰৰ বাবে মুখৰ দুৰ্গন্ধ হয়- ভালকৈ দাঁত ব্ৰাছ নকৰিলে। জিভা লেতেৰা হ’লে। মুখৰ ভিতৰত ঘা হ’লে। জ্বৰ আদি ৰোগত ভুগিলে। সুৰাপান কৰিলে। অতিমাত্ৰা মছলা খালে। কোষ্ঠকাঠিন্যত ভুগিলে। দেখাত সৰু অথচ অতি গুৰুত্বপূৰ্ণ তলৰ দিশসমূহ মানি চলিব লাগে- পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰাটো কেৱল নিয়ম বুলি নাভাবি তাৰ পৰিষ্কাৰৰ ওপৰত গুৰুত্ব দিব লাগে আৰু দাঁতৰ কোনো ঠাইত যাতে খাদ্যকণা ৰৈ যাব নোৱাৰে তাৰ প্ৰতি নজৰ দিয়া দৰকাৰ। মুখৰ দুৰ্গন্ধ নহ’বলৈ জিভা নিতৌ চাফা কৰিব লাগে। যিহেতু সুৰাপানে মুখৰ দুৰ্গন্ধৰ কাৰণ; সেয়ে এনে বদভ্যাস থাকিলেও তৎকালে এৰিব লাগে। মুখৰ ভিতৰত ঘা হ’লে দন্ত চিকিৎসকক দেখুৱাই আৰোগ্যৰ ব্যৱস্থা কৰিব লাগে। মছলা জাতীয় খাদ্য পৰিত্যাগ কৰি নিৰামিষ আহাৰ খাবলৈ চেষ্টা কৰা ভাল। অৱশ্যে শুদা মুখে থাকিলেও মুখৰ দুৰ্গন্ধ ওলায়। তাৰ বাবে লং জাতীয় বস্তু খোৱা ভাল। ই মুখৰ দুৰ্গন্ধ আঁতৰ কৰে। মুখেৰে উশাহ লোৱা বদভ্যাস থাকিলেও মুখৰ গোন্ধ ওলায়। সময়ে সময়ে দন্ত চিকিৎসকৰ ওচৰলৈ গৈ দাঁত পৰীক্ষা কৰা উচিত। উৎস: দৈনিক অসম।