গনৰিয়া কি? গনৰিয়া এবিধ যৌনসংগমৰ দ্বাৰা সংক্ৰমিত ৰোগ। নেচেৰিয়া গনৰিয়া নামৰ এবিধ বেক্টেৰিয়াৰপৰা এই ৰোগ হয়। জনন অংগৰ উত্তাপ আৰু আৰ্দ্ৰ ঠাইবোৰত ই অতি সোনকালে বৃদ্ধি পায়। ই মুখ, ডিঙি, চকু আৰু শৌচদ্বাৰতো বৃদ্ধি পাব পাৰে। মানুহৰ দেহত কিদৰে গনৰিয়া হয়? পুৰুষৰ লিংগ, যোনী, মুখ আৰু শৌচদ্বাৰৰ যোগেৰে গনৰিয়া সংক্ৰমিত হ’ব পাৰে। প্ৰসৱৰ সময়ত মাকৰ পৰা শিশুলৈ এই সংক্ৰমণ হ’ব পাৰে। গনৰিয়াৰ লক্ষণ আৰু উপসৰ্গ কি? যৌন কাৰ্য্যৰ বাবে উপযুক্ত লোকৰ গনৰিয়া হ’ব পাৰে। বেছিভাগ পুৰুষৰে গনৰিয়াৰ কোনো উপসৰ্গই দেখা নিদিয়ে। কিছুমানৰ সংক্ৰমণৰ ২-৫ দিনৰ ভিতৰত কিছুমান উপসৰ্গই দেখা দিব পাৰে। কিছুমানৰ ক্ষেত্ৰত উপসৰ্গ দেখা দিওঁতে ৩০ দিনো লাগিব পাৰে। প্ৰস্ৰাৱ কৰোতে জ্বলা পোৰা কৰা, লিংগৰে বগা, হালধীয়া বা সেউজীয়া পদাৰ্থ নিৰ্গত হোৱা, কিছুমানৰ অণ্ডকোষ উখহি উঠা, বিষোৱা আদি উপসৰ্গই দেখা দিয়ে। মহিলাৰ ক্ষেত্ৰত উপসৰ্গবোৰ স্পষ্ট নহয়। প্ৰস্ৰাৱ কৰোতে জ্বলা পোৰা বা বিষোৱা, যোনী স্ৰাৱৰ পৰিমাণ বাঢ়ি যোৱা, দুটা ঋতুস্ৰাৱৰ মাজত তেজ যোৱা ইত্যাদিও দেখা দিব পাৰে। গৰ্ভৱতী মহিলা আৰু শিশুৰ ওপৰত গনৰিয়াই কেনেকৈ প্ৰভাৱ পেলায়? গনৰিয়াত আক্ৰান্ত মাকৰপৰা প্ৰসৱৰ সময়ত শিশুটিলৈ গনৰিয়া সংক্ৰমণ হ’ব পাৰে। ইয়াৰ ফলত শিশুটি অন্ধ, যোৰাবোৰৰ বিসংগতি, বা প্ৰাণনাশক তেজ সংক্ৰমণ হ’ব পাৰে। গনৰিয়া নিৰ্ণয় কৰিব পাৰিলে চিকিৎসাৰদ্বাৰা এই জটিলতাবোৰ বহু পৰিমাণে কমাব পৰা যায়। প্ৰয়োজনীয় পৰীক্ষা-নিৰিক্ষা আৰু উপযুক্ত চিকিৎসাৰবাবে গৰ্ভৱতী মহিলাই চিকিৎসকৰ লগত পৰামৰ্শ কৰা উচিত। এই ৰোগ কেনেদৰে প্ৰতিৰোধ কৰিব পৰা যায়? যৌন সংক্ৰামক যি কোনো ৰোগ প্ৰতিৰোধ কৰাৰ একমাত্ৰ সহজ আৰু উত্তম উপায় হ’ল যৌনসংগম নকৰা। অথবা যৌন সংক্ৰমিত ৰোগ নথকা যৌন সংগী এগৰাকী বিচাৰি লোৱা। উৎস: আইএনডিজি দল।