আমাৰ শ্ৰৱণ ইন্দ্ৰিয় কাণৰ অন্যতম অংশ হৈছে কাণৰ পৰ্দাখন, যাক চিকিৎসা বিজ্ঞানৰ ভাষাত টিম্পেনিক মেমব্রেন (Tympanic membrane) বোলা হয়। কাণৰ পৰ্দানো কি? আমাৰ কাণৰ বহিঃকৰ্ণ আৰু মধ্যকৰ্ণৰ মাজত থকা পর্দাখনকে টিম্পেনিক মেমব্রেন (কাণৰ পৰ্দা) বোলা হয়। আমাৰ কাণৰ পর্দাখন অতি সংবেদশীল আৰু সূক্ষ্ম। ই (৯- ১০) মিঃ মিঃ ওখ, ৮ মিঃ মিঃ বহল আৰু ০.১ মিঃ ৮ মিঃ ডাঠ। কাণৰ পৰ্দাৰ কাম কাণৰ পৰ্দাখন খুব পাতল বাবে ই সহজে আন্দোলিত হ’ব পাৰে। ইয়াৰ মুখ্য কাম হৈছে শ্ৰৱণ। বায়ুমহলৰ শব্দ যেতিয়া বহি:কৰ্ণৰ সহায়ত আহি পৰ্দাত আঘাত কৰে, তেতিয়া পর্দাখন আন্দোলিত হয় আৰু শব্দ তৰংগ মধ্যকর্ণৰ পৰা অন্ত:কৰ্ণ হৈ মগজুলৈ গমন কৰে। কাণৰ পৰ্দাৰ আন এটা গুৰুত্বপূৰ্ণ কাম হৈছে বায়ুমণ্ডলৰ ধূলি-বালি আৰু বীজাণু মধ্যকৰ্ণ আৰু অন্তঃকৰ্ণত প্ৰৱেশত বাধা দিয়ে। কাণৰ পৰ্দাৰ ৰোগ মধ্যকর্ণত ইনফেকশ্বনৰ বাবে কামৰ পৰ্দা ৰোগত আক্ৰান্ত হ’ব পাৰে। কেতিয়াবা শিশু অৱস্থাৰ ল’ৰা-ছোৱালীৰ মধ্যকমত ইনফেকশন হৈ পানী জমা হ’লে পর্দাৰ চলাচলত বাধা হৈ ৰোগীৰ শুনাত অসুবিধা হ’ব পাৰে। ডাঙৰ মানুহৰ ক্ষেত্ৰত মধ্যকৰ্ণৰ ৰোগ পুৰণি হ’লে কাণৰ পৰ্দা ফুটি যাব পাৰে। কাণৰ পৰ্দাৰ ফুটা কেতিয়াবা সৰু হয়, কেতিয়াবা ডাঙৰ হয়। কেতিয়াবা আকৌ পৰ্দাৰ মধ্যভাগত আৰু আন কিছুক্ষেত্ৰত পৰ্দাৰ কাষৰ অংশত ফুটা দেখা যায়। ৰোগৰ বাহিৰেও কেতিয়াবা দুর্ঘটনা হ’লে কাণৰ পৰ্দা ফুটিব পাৰে। কেতিয়াবা হাই-কাজিয়া হ’লে গালত চৰ মাৰিলে পর্দা ফুটিব পাৰে। আজিৰ আধুনিক যান্ত্রিক যুগত শব্দ প্ৰদূষণে কাণৰ পৰ্দাত কৰা আঘাতৰ ফলত পৰ্দা ৰোগাক্ৰান্ত হোৱা দেখা যায়। উচ্চস্তৰত সংগীত শুনা, গাড়ী-মটৰ, মাইক, কল-কাৰখানাৰ শব্দই শ্ৰৱণহীনতাত অৰিহণা যোগায়। কাণৰ পৰ্দাৰ ৰোগৰ চিকিৎসা কাণৰ পৰ্দাৰ ৰোগৰ চিকিৎসা ই এন টি বিশেষজ্ঞসকলে ঔষধ আৰু শল্য চিকিৎসাৰ দ্বাৰা সম্পন্ন কৰে। আজিকালি চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ ফলত অত্যাধুনিক মাইক্ৰ’স্ক’পৰ সহায়ত কাণৰ পৰ্দাৰ ফুটাৰ শল্য চিকিৎসা কৰিব পৰা হৈছে। এনে শল্য চিকিৎসাক ‘মাইৰিংগপ্লাষ্টি' বোলা হয়। কাণৰ পৰ্দাৰ যতন কাণ দুখনত যিকোনো শলা, পিনে বা তেল আদি সুমুৱাব নালাগে। স্থানীয় কাণ চাফা কৰা লোকৰ হতুৱাই কাণৰ চাফা কৰাব নালাগে। কিয়নো, তেনে কৰিলে পৰ্দাত আঘাত লাগিব পাৰে। অপৰিষ্কাৰ পানী থকা পুখুৰী, নদী আদিত গা ধুলে পর্দা ৰোগাক্ৰান্ত হ’ব পাৰে। কাকো কাণৰ পৰ্দাত দুখ পোৱাকৈ আঘাত কৰিব নালাগে। উচ্চ প্ৰাবল্যৰ শব্দ, বোমা, ফটকা, উচ্চ শব্দৰ হেডফোনৰ ব্যৱহাৰে কাণৰ পৰ্দা ৰোগাক্ৰান্ত কৰিব পাৰে। উপসংহাৰ শ্ৰৱণ হৈছে মানৱ শৰীৰৰ অত্যাৱশ্যকীয় শক্তিসমূহৰ অন্যতম। সেয়েহে সাম্প্রতিক সময়ত কাণৰ পৰ্দাৰ যতন আৰু চিকিৎসা অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। লিখক: ডা: মৃদুল কুমাৰ নাথ।