মানুহৰ শৰীৰত তিনিযোৰ পেৰানেজেল ছাইনাছ থাকে। আমাৰ দুচকুৰ ওপৰত চকু আৰু নাকৰ সংযোগস্থলত এযোৰ আৰু নাকৰ দুয়োকাষত এযোৰ চাইনাছে উশাহত লোৱা বায়ু গৰম কৰি ইয়াক চলাচলত সহায় কৰে। মূৰৰ লাওখোলাৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে আৰু মাত-কথাৰ কম্পনাংক নিয়মিত কৰি ৰাখে। এই তিনিযোৰ পেৰানেজেল ছাইনাছৰ মিউকাছ যদি কিবা কাৰণত বীজাণুৰ দ্বাৰা সংক্ৰমিত হয় আৰু ফুলি উঠে, তেতিয়া তাক ছাইনাছাইটিছ বোলা হয়। পেৰানেজেল ছাইনাছ আৰু নাকৰ ভিতৰৰ শ্লেষ্মা জাতীয় আৱৰণ একেখনেই বাবে নাক আৰু ছাইনাছৰ প্ৰদাহ একেলগে দেখা যায়। সেই কাৰণে চিকিৎসা শাস্ত্ৰত নাক আৰু ছাইনাছৰ প্ৰদাহক একেলগে ৰাইনা ছাইনাছাইটিক বুলি কোৱা হয়। ছাইনাছাইটিক দুটা ভাগত ভাগ কৰা হৈছে- তীব্ৰ ছাইনাছাইটিছ, দীৰ্ঘকালীন ছাইনাছাইটিছ। তীব্ৰ ছাইনাছাইটিত ৰোগীয়ে এসপ্তাহৰ পৰা চাৰি সপ্তাহলৈ ৰোগত ভোগা দেখা যায়। এই সময় অতিক্ৰম কৰাৰ পিছত সাধাৰণতে ৰোগী সুস্থ হৈ উঠে। আনহাতে, দীৰ্ঘকালীন ছাইনাছাইটিছত ৰোগীয়ে চাৰি সপ্তাহৰ অধিক সময় ভুগি থকা দেখা যায়। কাৰণ নাকত কিবা বীজাণুৰ সংক্ৰমণ হ’লে, ফেৰিংছত বীজাণুৰ সংক্ৰমণ হ’লে বা টনছিলাইটিছ হ’লে। অত্যাধিক ঠাণ্ডা লাগি বা বুকুৰ কিছুমান ৰোগৰ বাবেও ছাইনাছাইটিছ হ’ব পাৰে; যেনে-ব্ৰংকাইটিছ, হাঁপানি আদি। নাকত আঘাত পালে বা নাকৰ ছেপ্টামৰ হাড় বেঁকা হৈ বন্ধ হৈ থাকিলেও এই ৰোগ হ’ব পাৰে। দাঁতৰ বীজাণু সংক্ৰমিত হ’লে। কেতিয়াবা লেতেৰা পানী জমা হৈ থকা অস্বাস্থ্যকৰ পানীত গা ধুলেও এই ৰোগ হ’ব পাৰে। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গ’লেও এই ৰোগ হ’ব পাৰে। লক্ষণ নাকত অস্বস্তিবোধ অনুভৱ হয়। চকু আৰু নাকৰ সংযোগস্থলত থকা ছাইনাছবোৰৰ সংক্ৰমণ হ’লে মূৰ, চকু, কপাল, কাণ, দাঁত আদিত বিষ হ’ব পাৰে। নাকৰ পৰা তেজ ওলোৱা, নাক বন্ধ হোৱা, নাকেদি পানী আৰু শেঙুন ওলাই থকা আদি লক্ষণ দেখা পোৱা যায়। কেতিয়াবা গাল ফুলে আৰু ৰঙা পৰিব পাৰে। ছাইনাছাইটিছ ৰোগৰ হোমিঅ’পেথিকত উন্নত মানৰ চিকিৎসা আছে। যেনে-Kali bichromic, Hepar Sulph, Nux Vomica, Pulsatilla আদি। এই ৰোগৰ আকুপাংচাৰ চিকিৎসাতো ভাল চিকিৎসা আছে। ইয়াৰ বিন্দুবোৰ হ’ল-G.B.14, L.I.4, St.2, L.I.20, ইন থাং, থাই ইয়াং আদি। প্ৰতিদিনে এই বিন্দুবোৰত বেজীৰে ফুটাই চিকিৎসা কৰা হয়। ইয়াৰ লগতে হাম্মাৰিং কৰা হয়। এই চিকিৎসা প্ৰতিদিনে ১৫-২০ মিনিট সময় কৰা হয়। এই চিকিৎসা কমেও তিনি মাহমান কৰিলে অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰিব। সাৱধানতা বতাহত থকা অসংখ্য ধূলি-মাকতি, ধোঁৱা আদি যেতিয়া উশাহৰ লগত নাকৰ ভিতৰলৈ সোমাই যায় আৰু নাকৰ পেৰানেজল ছাইনাছত লাগি ৰৈ যায়, লাহে লাহে তাত বীজাণুৰ দ্বাৰা সংক্ৰমণ ঘটে। সেয়ে যদি বতাহত থকা ধূলি মাকতি আদি উশাহত ভিতৰলৈ সোমোৱাত বাধা দিব পৰা যায়, তেতিয়া ইয়াৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি। এই বেমাৰৰ দ্বাৰা আক্ৰান্ত ৰোগীক মুকলি বতাহ সোমাব পৰা ঘৰত জিৰণি ল’বলৈ দিয়া হয়। স্কুটাৰ, মটৰ চাইকেল আদি চলাওঁতে নাকত মাস্ক পিন্ধি চলাব লাগে। দেহত অত্যাধিক ঠাণ্ডা লগাব নেলাগে। অফিচ, বজাৰ বা ধূলিময় পৰিৱেশত কাম কৰি আহি অলপ কুহুমীয়া গৰম পানীত নিমখ মিহলি কৰি নাকৰ ভিতৰখন চাফা কৰিব লাগে, তেতিয়াহে নাকটো ৰোগাক্ৰান্ত হোৱাৰপৰা বচাব পাৰি। এই ৰোগত প্ৰথম সপ্তাহত সাধাৰণতে গৰম পানীৰ ভাপ লোৱা, নাকৰ ভিতৰত ড্ৰপ দিয়া, লুণীয়া পানীৰে নাক পৰিষ্কাৰ কৰা, নাকৰ স্প্ৰে’ আদি। কেতিয়াবা ৰোগ পুৰণি হৈ নাকত পলীপ জাতীয় টেমুনা হ’ব পাৰে। এই ৰোগৰ পৰা স্থায়ী উপশম পাবলৈ ধূলি-ধোঁৱা, ঠাণ্ডা আদিৰ পৰা আঁতৰি থাকিব লাগিব। প্ৰতিৰোধেই ছাইনাছাইটিছ ৰোগৰ পৰা হাত সৰাৰ একমাত্ৰ উপায়। লেখিকা: ডা: ডুলুমণি দাস, দৈনিক অসম।