কাণ শীতকালত প্ৰচুৰ ঠাণ্ডা আৰু শুকান বতাহ কাণত সোমোৱাৰ বাবে কাণৰ নানা ধৰণৰ সমস্যাই দেখা দিব পাৰে। কাণৰ বিষ, কাণৰ স্ংক্ৰমণ আদি জহকালীতকৈ শীতকালত অধিক হোৱা দেখা যায়। ঠাণ্ডা বতাহ জোৰেৰে কাণৰ ভিতৰত সোমালে কাণৰ পৰ্দাত হেঁচা পৰে বাবে কাণৰ বিষ হ’ব পাৰে। শীতকালত কাণত বতাহ নোসোমাবৰ বাবে বহুতে কাণৰ নলীত প্লাগ ব্যৱহাৰ কৰে। ফলত সাধাৰণতে স্বয়ংক্ৰিয়ভাৱে কানৰ পৰা বাহিৰলৈ ওলাই যোৱা কাণৰ ভিতৰত নি:সৰিত মৃত কলা আৰু ৰসবোৰ কাণৰ নলীত জমা হৈ থাকে। শীতকালত বহুতে কাণ চাফাও নকৰে। ফলত এনেদৰে জমা হৈ থকা কাণৰ নি:সৰিত মৃত কলা আৰু ৰসবোৰ গোটমাৰি কাণৰ ৱাক্স হিচাপে কাণৰ নলীত জমা হয়। লাহে লাহে ই টান হৈ কাণৰ নলীত চাপ সৃষ্টি কৰি কাণৰ বিষ কৰাৰ উপৰি কাণৰ খজুৱতি, কাণেৰে কম শুন, মূৰ গধুৰ অনুভৱ হোৱা আৰু মূৰ ঘূৰণিৰ সৃষ্টি কৰিব পাৰে, হিয়াৰিং এইড ব্যৱহাৰ কৰা ব্যক্তিৰ ক্ষেত্ৰতো একেই সমস্যা হ’ৱ পাৰে। বহুতে কাণৰ খজুৱতিৰ বাবে মিঠাতেল আদি কাণৰ নলীত দিয়ে। এই মিঠাতেলৰ বাবেই কাণৰ ফাংগাছ স্ংক্ৰমণ হৈ বেছিকৈহে কাণৰ বিষ হয়। কাণত ৱাক্স জমা হ’লে মিঠাতেল আদি দিব নালাগে। ৱাক্স গলাব পৰা দৰৱ কাণত দি ৱাক্স লাহে লাহে চাফা কৰিব লাগে। বেছি কষ্ট হ’লে চিকিৎসকৰ কাষ চাপিব লাগে। চিকিত্সকে কাণৰ ৱাক্স উলিওৱাৰ ব্যৱস্থা কৰে। হিয়াৰিং এইড ব্যৱহাৰ কৰা ব্যক্তিয়ে সঘনাই কাণ চাফা কৰিব লাগে। শীতকালত বহুতে কেইবাদিনো গা নুধুৱে। ফলত কাণত মাল জমা হৈ কাণৰ খজুৱতি শীতকালত অধিক হোৱা দেখা যায়। সেয়েহে শীতকালত সঘনাই কাণ চাফা কৰি থাকিব লাগে। শীতকালত প্ৰচণ্ড ঠাণ্ডা, ঠাণ্ডা বতাহ, বায়ুত উৰি ফুৰা ধূলি-মাকতি নাক আৰু মুখেৰে সোমাই নাক আৰু ডিঙিৰ এলাৰ্জি কৰে আৰু বায়ুমণ্ডলত ঘুৰি ফুৰা বেক্টেৰিয়া, ভাইৰাছ আৰু ফাংগাছ আদিয়ে নাক আৰু ডিঙিৰ স্ংক্ৰমণ কৰে। এই এলাৰ্জিক অৱস্থা অথবা স্ংক্ৰমণে নাক, ডিঙি আৰু কাণ স্ংযোগী ইউষ্টেচিয়ান টিউবটোৰ স্ংক্ৰমণ হয়। ফলত কাণৰ প্ৰচণ্ড বিষ হোৱাৰ উপৰি ঢোক গিলিব নোৱাৰা, কথা ক’ব নোৱাৰা আৰু কাণেৰে কাণেৰে ৰস ওলোৱা হ’ব পাৰে। চৰ্দি লাগি এনেদৰে ইউষ্টেচিয়ান টিউবটো বন্ধ হৈ কাণ গধুৰ অনুভৱ হ’লে নাক আৰু মুখত হেঁচা দি কাণেৰে বায়ু জোৰকৈ উলিয়াই দিলে টিউবটো খোল খাই বহুখিনি সকাহ দিয়ে। এই টিউবটোৰ পৰা স্ংক্ৰমণ মধ্য কাণলৈ গৈ কাণৰ বিষ আৰু কাণেৰে পূজ ওলোৱা পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। শীতত কাণৰ এনেবোৰ অৱস্থা নহ’বৰ বাবে কাণখনৰ উপৰি নাক আৰু ডিঙিটোক ঠাণ্ডা আৰু ঠাণ্ডা বতাহৰ পৰা ৰক্ষা কৰিব লাগে। কাণ, নাক আৰু ডিঙিত ঠাণ্ডা বতাহ সোমাব দিব নালাগে। চাইকেল, স্কুটাৰ আদি চলালে এইবোৰত ঠাণ্ডা বতাহ নোসোমাবৰ বাবে টুপী অথবা মাফলাৰ ব্যৱহাৰ কৰিব পাৰে। নাক আৰু কাণৰ এলাৰ্জি আৰু স্ংক্ৰমণ হৈ যিহেতু কাণৰ নানা সমস্যা হ’ব পাৰে, সেয়েহে উশাহ-নিশাহ লওঁতে যাতে ধূলি-বালি আৰু বীজাণু সোমাব নোৱাৰে তাৰ বাবে সাৱধান হ’ব লাগে। ধূলি-বালি থকা ঠাইত যাব নালাগে আৰু গ’লেও মাস্ক ব্যৱহাৰ কৰিব লাগে। ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।