কাণৰ পৰা পুঁজ জাতীয় তৰল ওলোৱাটো এটা সাধাৰণ কথা। এনে নতুনকৈও হ'ব পাৰে বা পুৰণিও হ’ব পাৰে। শিশু, কিশোৰ, বয়স্কলোক আৰু অপুষ্টিত ভোগা শিশুৰ মাজত আৰু অস্বাস্থ্যকৰ পৰিৱেশত থকা শিশুবোৰৰ মাজত এই ৰোগ বেছিকৈ হোৱা দেখা যায়। এই ৰোগৰ কাৰণ: সাধাৰণ পানী লগা অৱস্থাত বেক্টেৰীয়াই সংক্ৰমণ ঘটোৱাৰ ফলত এনে হয়। লক্ষণ এখন বা দুখন কাণতেই বিষ হয়। গোন্ধযুক্ত তৰল ওলায়। জ্বৰ উঠে। সতর্কতা: কাণত পানী বা তেল দিব নালাগে। গা ধোৱাৰ সময়ত দুয়োখন কাণতেই কঁপাহ ভৰাই থ'ব লাগে। তৰল পদাৰ্থবোৰ কঁপাহেৰে মছি পেলাব লাগে। উপযুক্ত চিকিৎসাৰ বাবে ই,এন,টি চিকিৎসকক দেখুৱাব লাগে। উৎস: আইএনডিজি দল।