কাৰণ নাকত আঘাট পোৱা। অতি শুকান পৰিৱেশত নাকৰ ভিতৰখন শুকাই ফাটি যোৱা। অতিপাত শ্ৰম কৰা। উচ্চ ৰক্তচাপ। বেছি ওখ ঠাইলৈ গ’লে। খুব জোৰেৰে নাক চাফা কৰিলে৷ নাকেৰে তেজ ওলালে কি কৰিব লাগে? লগে লগে বহি দিব লাগে। তেজ যাতে ডিঙিলৈ নাযায় তাৰ বাবে আগৰফালে অকনমান হাউলি দিব লাগে৷ ঠাণ্ডা, ভিজা কাপোৰ নাকৰ ওপৰত দিব লাগে৷ ইয়াৰ ফলত তেজ গোট মাৰি তেজ ওলোৱা বন্ধ হয়৷ যদি এটা ফুটাৰে তেজ ওলায়, তেন্তে সেইটো ফুটা হেঁচি বন্ধ কৰি থব লাগে৷ যদি দুটা ফুটাৰেই তেজ ওলায়, তেন্তে দুয়োটা ফুটা ১০ মিনিট মান সময়ৰ বাবে চেপি ধৰি থাকিব লাগে৷ যদি তেজ ওলায়েই থাকে তেন্তে ১০ মিনিটৰ বাবে হেঁচা মাৰি ধৰি থাকিব লাগে৷ যদি নাকত আঘাট লগাৰ বাবে তেজ ওলায়, তেন্তে লাহেকৈ হেঁচা দি ধৰিব লাগে৷ যদি তেজ বৰ বেছিকৈ ওলায় আৰু প্ৰায়েই এনে হৈ থাকে তেন্তে চিকিত্সকক দেখুৱাব লাগে৷ উৎস: আইএনডিজি দল।