কাৰণ মুখৰ হাড়ৰ মাজত, নাকৰ চাৰিওকাষে আৰ্দ্ৰ বতাহ থকা ঠাইখিনিক চাইনাছ বোলা হয়। মুখ আৰু নাকৰ ভিতৰত পিছল যি আৱৰণ থাকে চাইনাছ অংশতো তেনে আৱৰণ থাকে৷ পানী লাগিলে বা এলাৰ্জি হ’লে চাইনাছৰ টিছুবোৰে অধিক হাৰত বীজলুৱা পদাৰ্থ সৃষ্টি কৰে আৰু অংশটো ফুলি উঠে। চাইনাছ অংশৰ পৰা এই পদাৰ্থ বাহিৰলৈ ওলোৱাৰ পথ বন্ধ হৈ যায়। সেই পদাৰ্থত বেক্টেৰিয়া, ভাইৰাছ আদিয়ে সংক্ৰমণ ঘটাব পাৰে। তেতিয়াই চাইনাছৰ বিষ আৰম্ভ হয়। লক্ষণ বিভিন্ন বয়সৰলোকৰ মাজত এই ৰোগৰ লক্ষণ বেলেগ বেলেগ হয়। শিশুবোৰৰ এই ৰোগ হ’লে সাধাৰণতে পানীলগাৰ দৰে লক্ষণবোৰে দেখা দিয়ে। নাকেৰে পানী ওলাই থকা, নাক বন্ধ হোৱা আৰু সামান্য জ্বৰ। শিশুৰ পানীলগাৰ লক্ষণ দেখাৰ তিনি বা চাৰি দিনলৈ যদি জ্বৰ হৈ থাকে, তেন্তে সেয়া চাইনাছৰ ৰোগ বা আন কিবা ৰোগ বা সংক্ৰমণ; যেনে, ব্ৰংকাইটিছ, নিউমোনিয়া বা কাণৰ সংক্ৰমণ হব পাৰে। প্রাপ্তবয়স্কসকলৰ ক্ষেত্ৰত পানীলগাৰ লক্ষণ আৰম্ভ হোৱাৰ সাতদিনৰ পাছতো যদি দিনৰ ভাগত শুকান কাঁহ, জ্বৰ, ক্ৰমান্বয়ে নাক বন্ধ হৈ গৈ থাকে, দাঁতৰ বিষ, কাণৰ বিষ আদি হোৱা দেখা যায়, পেটৰ অসুখ, বমি ভাৱ, মূৰৰ বিষ চকুৰ ভিতৰত বিষ আদি লক্ষণেও দেখা দিব পাৰে। সহজ পৰামর্শ শিশুৰ পানী লাগিলে যদি ১০ দিনলৈ ভাল নহয় বা ৭ দিনলৈ পানীলগা জ্বৰ থাকে তেন্তে শিশুটিক চিকিৎসাৰ বাবে নিব লাগে। নিজৰ চাৰিওকাষ পৰিষ্কাৰ কৰি ৰাখিব লাগে। চাইনাছৰ ৰোগ হ’ব পৰা পৰিস্থিতিৰ পৰা সদাই আঁতৰি থাকিব লাগে।