ভিটামিন এৰ অভাৱত দৃষ্টিহীনতা ভাল দৃষ্টিশক্তিৰ বাবে ভিটামিন এ অতি আৱশ্যক। শিশুসকলৰ ভিটামিন এৰ অভাৱত দৃষ্টিহীন হোৱা দেখা যায়। এই ভিটামিনৰ অভাৱে এজন লোকক স্থায়ীভাৱে অন্ধ কৰি পেলাব পাৰে। ভাৰতত প্ৰতি বছৰে ৩০,০০০ শিশুৱে ভিটামিন এৰ অভাৱত দৃষ্টিশক্তি হেৰুৱায়। ১ৰ পৰা ৫ বছৰ বয়সৰ শিশুৰ মাজত অতি মাত্ৰাত ভিটামিন এৰ অভাৱ দেখা যায়। ভিটামিন এৰ অভাৱৰ লক্ষণ ভিটামিন এৰ অভাৱৰ ফলত শিশুবোৰ হঠাতে অন্ধ হৈ নাযায়। এই ভিটামিনৰ অভাৱ প্ৰথম অৱস্থাতে নিৰ্ণয় কৰিব পাৰিলে বেছি পৰিমাণত ভিটামিন এ সমৃদ্ধ খাদ্য খুৱাই এই অভাৱ দূৰ কৰিব পৰা যায়। অতি মাত্ৰাত ভিটামিন এৰ অভাৱৰ লক্ষণ কুকুৰিকণা বা ৰাতি দেখা নোপোৱাতো ভিটামিন এৰ অভাৱৰ প্ৰথম লক্ষণ। কুকুৰিকণা শিশুৱে কম পোহৰ বা আন্ধাৰত একোৱেই দেখা নাপায়। চকুৰ বগা অংশ শুকাই যায় আৰু উজ্জ্বলতা/চিকমিকনি নোহোৱা হয়। এনে লক্ষণে দেখা দিলে লগে লগে চিকিত্সকক দেখুওৱা উচিত। সময়ত উপযুক্ত চিকিত্সা নকৰিলে ইয়াৰে পৰা স্থায়ী অন্ধত্বও হবগৈ পাৰে। ভিটামিন এৰ অভাৱৰ প্ৰতিৰোধ ভিটামিন এ সমৃদ্ধ আহাৰ গ্ৰহণ কৰা। গাখীৰ, কণী, মাছৰ তেল আদিত যথেষ্ট পৰিমাণৰ ভিটামিন এ থাকে। সেউজীয়া পাতৰ শাক-পাচলি, গাজৰ, অমিতা, আম আদিতো ভিটামিন এ ভাল পৰিমাণত থাকে। নেচনেল ইন্সটিটিউট অৱ নিউট্ৰিছন, হাইদ্ৰাবাদে কৰা গৱেষণাৰ মতে ১ৰ পৰা ৫ বছৰ বয়সৰ শিশুক প্ৰতি ছমাহৰ অন্তৰে অন্তৰে এচামুচকৈ ভিটামিন এৰ চিৰাপ খুৱালে ভিটামিন এৰ অভাৱ কিছু পৰিমাণে কমে। প্ৰতি ছমাহৰ অন্তৰে অন্তৰে এচামুচকৈ ভিটামিন এৰ চিৰাপ খুৱালে এই ভিটামিন যকৃতত জমাহৈ থাকে। পিছৰ বাৰ খুওৱালৈকে শিশুটিক প্ৰয়োজনীয় ভিটামিন শৰীৰে তাৰ পৰা পায়। ভাৰতত বৰ্তমান ভিটামিন এৰ অভাৱত হোৱা অন্ধতা ৰোধ কৰিবলৈ এই ব্যৱস্থা হাতত লোৱা হৈছে। গৰ্ভৱতী মহিলাই ভিটামিন এ সমৃদ্ধ পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে। ইয়াৰ ফলত গৰ্ভস্থ শিশুৱে মাকৰ পৰা পৰ্য্যাপ্ত পৰিমাণৰ ভিটামিন এ পাব পাৰে। উঠি অহা শিশুৰ বাবে পুষ্টিকৰ খাদ্য উঠি অহা বা বাঢ়ি অহা শিশুৰ বাবে পুষ্টিকৰ খাদ্য অতি প্ৰয়োজনীয়। যেতিয়া শিশুৰ শৰীৰত মাংসসাৰ আৰু কেলৰিৰ অভাৱ (অপুষ্টি) হয় তেতিয়া মাৰাচমাছ আৰু কোৱাৰ্ছিকৰ ৰোগ হয়। কাৰ এই ৰোগ দুবিধ হব পাৰে? ১-৫ বছৰ বয়সৰ ভিতৰৰ অপুষ্টিত ভোগা শিশুৰ এই ৰোগ হব পাৰে। মাৰাচমাছ লক্ষণ এই ৰোগত প্ৰথমে ভৰি উখহি উঠে। পিছলৈ শৰীৰৰ আন আন অংশবোৰো উখহিবলৈ ধৰে। ছাল শুকাই যায়, ছুলিবোৰ বাদামী ৰঙচুৱা বৰণ লয়। বিবৰ্ণ হৈ পৰে আৰু সকলো কামতে উৎসাহ কমি যায়। কোৱাৰ্ছিকৰ লক্ষণ এই ৰোগত আক্ৰান্ত শিশু অতি দূৰ্বল আৰু ক্ষীনাই যায়। ৰোগৰ প্ৰথম অৱস্থাত শিশুটিৰ ডায়েৰিয়া হ’ব পাৰে। ছাল শুকান হৈ পৰে। এই দুটা ৰোগৰ চিকিৎসাৰ পৰামৰ্শ কম সময়ৰ বিৰতিত বাৰে বাৰে মাংসসাৰ আৰু কেলৰী সমৃদ্ধ পুষ্টিকৰ খাদ্য পৰ্য্যাপ্ত খাবলৈ দিব লাগে। এই লক্ষণ ভয়াবহ ভাৱে দেখা দিলে অতি সোনকালে চিকিৎসকক দেখুৱাব লাগে। এই দুটা ৰোগৰ আক্ৰান্ত শিশুৰ বাবে খাদ্য নেচনেল ইন্সটিটিউট অৱ নিউট্ৰিছন, হাইদ্ৰাবাদে সকলো ধৰণৰ পুষ্টিকৰ আহাৰ লগ কৰি মিক্স নামৰ এক আহাৰ প্ৰস্তুত কৰিছে। এই আহাৰ ঘৰতো প্ৰস্তুত কৰি লব পৰা যায়। পুষ্টিকৰ মিশ্ৰণৰ উপাদানবোৰ ভাজি লোৱা গম ৪০ গ্ৰাম পুটনাল গ্ৰেইন ১৬ গ্ৰাম ভজা চীনা বাদাম ১০ গ্ৰাম গুৰ ২০ গ্ৰাম এই সকলো গুৰি কৰি মিহলাই ল’ব লাগে। এই মিশ্ৰণটোত ৩৩০ গ্ৰাম কেলৰী আৰু ১১.৩ গ্ৰাম মাংসসাৰ আছে। এই মিশ্ৰণটো গাখীৰ বা পানীৰ লগত খুৱাব লাগে। এই মিশ্ৰণটো ইতিমধ্যেই উক্ত ৰোগত আক্ৰান্ত শিশুক খুৱাই পৰীক্ষা কৰা হৈছে। উৎস: আইএনডিজি দল।