প্ৰকৃতিৰ অনুপম অৱদান বনৌষধি উদ্ভিদসমূহ। অসমত পৰ্যাপ্ত পৰিমাণে বনৌষধি উদ্ভিদ পোৱা যায় যদিও অৱহেলা, সংৰক্ষণৰ অভাৱত অনেক বনৌষধি গছ লুপ্ত হ’বলৈ ধৰিছে। সমগ্ৰ অসমতে বাঢ়ি অহা জনসংখ্যা আৰু বিস্তৃত জনবসতি, স্থায়ী খেতিৰ প্ৰসাৰতা আদিয়ে বহুতো আপুৰুগীয়া বনৌষধি গছ লুপ্ত হোৱাত অৰিহণা যোগাইছে। তেনে এবিধ এলাগী অথচ মূল্যবান ঔষধি ফুটকলা গছ। গুল্ম জাতীয় ফুটকলা গছ হাবি বা অনাবাদী মাটিত সহজে হ’লেও ইয়াৰ পুলি ৰুই সহজে কৰিব পৰা নাযায়। ফুটকলা গছৰ পাত তেজপাতৰ দৰে যদিও কম সেউজীয়া আৰু ৰসাল। ৰসস্বাদ সামান্য টেঙা। ফুটকলা গছৰ পাত পুৰণি গ্ৰহণী, পাতল শৌচ, শাওঁপৰা শৌচ, তেজ পৰা শৌচ, তেজ পৰা অৰ্শ ৰোগ বা কেঁচুমুৰীয়া ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ই কেঁচুমুৰীয়া বা অৰ্শ ৰোগৰ উত্তম ঔষধ। ডাক্টৰী চিকিৎসাতো আৰোগ্য নোহোৱা পুৰণি তেজপৰা অৰ্শ ৰোগত দীৰ্ঘদিন (প্ৰায় তিনি মাহ মান) ফুটকলা গছৰ পাতৰ ৰস নিয়মিত ব্যৱহাৰ কৰিলে ৰোগ সম্পূৰ্ণ আৰোগ্য হয়। অৱশ্যে কেতিয়াবা কেইপালি মান ঔষধ খালেই বেছি হোৱা ৰোগো নিৰাময় হোৱা দেখা যায়। সাধাৰণতে শৌচ কঠিনতা বা কোষ্ঠবদ্ধতাৰ কাৰণে অৰ্শ ৰোগ হয়। শৌচ কৰোতে বল প্ৰয়োগ কৰাৰ ফলত শৌচদ্বাৰৰ কোমল অংশত থকা সিওৰা সমূহ ফুলি উঠে। কেতিয়াবা বছিকৈ ফুলি টেমুনা হয়। এই টেমুনাবোৰ কঠিন শৌচৰ ঘৰ্ষণত ফাটি কেঁচা তেজ ওলায়। ৰোগ পুৰণা হ’লে এই টেমুনাবোৰ নিজে ফাটি তেজ ববলৈ ধৰে। এনে ৰোগত খাদ্যভ্যাস সলনি কৰি দীৰ্ঘদিন বনৌষধ ব্যৱহাৰ কৰা উচিত। কণী, মাংস, কলডিল, পুৰাকল, ভীমকল, নৰসিংহ, ভেদাইলতা, শুকান ভাজি খোৱা খাদ্যই শৌচ কঠিন কৰে। ধোৱামগু দাইল, কেঁচা অমিতা, কচু, আঁহযুক্ত শাক-পাচলি আদিয়ে শৌচ কোমল কৰে। শৌচ কোমল কৰা খাদ্য ব্যৱহাৰ কৰি ঔষধ খালে ৰোগ কেতিয়াও নিৰাময় নহয়। ঔষধ প্ৰস্তুতকৰণৰ পদ্ধতি ফুটকলা গছৰ ডাঙৰ পাত নখন মান (সৰু পাত হ’লে পোন্ধৰ খন মান), লগত জালুক বয়স অনুপাতে, ডাঙৰৰ বাবে সাতটা বা নটা মান দি বটি ৰস আৰু সিতাৰ সৈতে সামান্য পানী দি প্ৰতি দিনে এপালিকৈ খালী পেটত খাব লাগে। ৰোগ বেছি হ’লে দিনে দুবাৰ মান ঔষধ খাব লাগে। মনত ৰখা ভাল- এই ঔষধ সৰহকৈ খালেও অপকাৰ নকৰে। উপকাৰহে কৰিব। কেঁচুমতা পুৰি তাত পানী ঢালি শৌচ দ্বাৰত ভাপ ল’লেও শৌচ দ্বাৰ সোমাই যায়। বিহলঙনি গছৰ শিপা জালুকৰ লগত খুন্দি ৰস নিয়মিত খালেও তেজপৰা অৰ্শ ৰোগ নিৰাময় হয়। বিহলঙনি গছৰ শিপা খুন্দি শিঙি মাছ বা গৰৈ মাছৰ লগত সিজাই ৰস (জালুক দি) খালে অধিক উপকাৰ পোৱা যায়। লেখক: বিশ্বেশ্বৰ চুতীয়া, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন.