শৰীৰৰ কিছুমান অংগৰ বিষে মানুহক বৰ দুৰ্বহ যন্ত্ৰণা দিয়ে। গাৰ বিষ, গাঁঠিৰ বিষ, কাণৰ বিষ, দাঁতৰ বিষ, মূৰৰ বিষ, আঁঠুৰ বিষ, পিঠিৰ বিষ আদি শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগৰে বিভিন্ন কাৰণতে বিষ হ’ব পাৰে। প্ৰত্যেকজন মানুহেই জীৱনৰ কোনোবা এটা সময়ত যি কোনো এটা অংগৰ বিষত ভোগে। অৱশ্যে এটা কথা ঠিক যে কিছুমান অংগৰ বিষ সহনীয় অৱস্থাতে থাকে আৰু তেনে বিষ সহ্য কৰি মানুহে দৈনন্দিন কাম-কাজ নিয়াৰিকৈ কৰি যাব পাৰে। কিন্তু পিঠি, কঁকাল, গাঁঠি আৰু আঁঠু আদি স্থানত হোৱা বিষে মানুহক জঠৰ কৰি পেলাব পাৰে আৰু তেনে ধৰণৰ বিষত মানুহৰ শয্যাশায়ী হোৱাৰ বাহিৰে গত্যন্তৰ নাথাকে। এই নিৱন্ধত আঁঠুৰ বিষৰ কথা আলোচনা কৰিবলৈ লোৱা হৈছে। কিছুমান ৰোগত সমগ্ৰ শৰীৰৰ গাঁঠি বা সন্ধিস্থানৰ লগতে আঁঠুৰো বিষ হয় আৰু তেনে ধৰণৰ সামগ্ৰিক বিষৰ বাবে কেৱল আঁঠুৰ বিষৰ চিকিৎসা অকলশৰীয়াকৈ কৰি লাভ নাই। কিন্তু কিছুমান বিশেষ ৰোগৰ ফলত বা বাহ্যিক আঘাতৰ ফলত কেৱল আঁঠু দুটা বা এটাতহে বিষ উদ্ভৱ হ’ব পাৰে। তেনে ধৰণৰ বিষত কেৱল আঁঠুৰ সন্ধিস্থলত চিকিৎসা কৰিলেই ৰোগ উপশম হয়। সৰ্বশৰীৰ গাঁঠিবিলাকত বিষ হ’লে আঁঠু দুটাতো স্বাভাৱিকতে বিষ হ’বই। এনে ধৰণৰ বিষত অন্যান্য সন্ধি বা গাঁঠিবিলাক ফুলি উঠে, বিষ হয় আৰু লৰচৰ কৰাৰ ক্ষমতা হ্ৰাস পায়। এনেধৰণৰ সামগ্ৰিক গাঁঠিৰ বিষ সাধাৰণতে তলত উল্লেখ কৰা কাৰণত হয়। ১) বীজাণুৰ দ্বাৰা আক্ৰান্ত হ’লে ২) গাউট বা বাতৰক্তৰ ফলত ৩) ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পৰ্কীয় কাৰণত ৪) ৰেইটাৰ্ছ চিনড্ৰম ৫) বাহ্যিক আঘাতৰ ফলত ৬) অষ্টিঅ’আৰ্থ্ৰাইটিচ হ’লে ৭) অন্যান্য। ১) বীজাণুৰ দ্বাৰা আক্ৰান্ত হ’লে: অন্যান্য গাঁঠিৰ লগতে আঁঠু দুটাও বিভিন্ন ধৰণৰ ৰোগ বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ আঁঠুত বিষ হ’লে সাধাৰণতে এটা আঁঠুতহে বিষ হয়। অৱশ্যে অন্যান্য গাঁঠিত হ’লে দুয়োটা আঁঠুতেই বিষ হ’ব পাৰে। ৰোগাক্ৰান্ত আঁঠু ফুলি উঠে, ৰঙা পৰে আৰু প্ৰচণ্ড বিষ হয়। ৰোগাক্ৰান্ত আঁঠুৰ মাংসপেশী শুকাই যায় আৰু লগতে আঁঠুৰ তলৰ অংশৰ মাংসপেশীও ক্ৰমে শুকাই গৈ ভৰি চিয়া হৈ পৰে। অন্যান্য গাঁঠিত হ’লেও আক্ৰান্ত অংশৰ লগতে নিম্নাংশৰ মাংসপেশী শুকাই যায়। অন্যান্য লক্ষণবোৰ হ’ল- আঁঠুৰ বিষৰ লগতে জ্বৰ হয়, খাবলৈ মন নোযোৱা হয় আৰু ৰোগী ক্ষীণাই যায়। বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱা আঁঠুৰ এক্সৰে কৰিলে আৰ্টিকুলাৰ কাৰ্টিলেজ ক্ষয়প্ৰাপ্ত হোৱাটো ধৰা পৰে। ২) গাউট বা বাতৰক্তৰ ফলত: ই এক প্ৰকাৰৰ বাত। শৰীৰৰ মেটাবলিজমৰ কাৰণে বিসংগতিৰ কাৰণে এই ৰোগ হয়। এই ৰোগ হ’লে প্ৰথমে ভৰিৰ বুঢ়া আঙুলি বিষায় আৰু ফুলি উঠে। পিছলৈ পানী গাঁঠি আৰু আঁঠুত বিষ হয়। গাউট বা বাত কোনো এক বিশেষ প্ৰকাৰৰ ৰোগ নহয়। ভালেকেইবিধ গাঁঠিৰ বিষৰ এক প্ৰকাৰৰ উপসৰ্গহে। ভৰিৰ বুঢ়া আঙুলি ৰঙা পৰি ফুলি উঠে আৰু প্ৰথমে তাতেই বিষ আৰম্ভ হয়। আঁঠুলৈ এই বিষ বিয়পিলে আঁঠুৰ মাংসপেশী জঠৰ হয়। চলাফুৰাত কষ্ট পায় আৰু ক্ৰমে বিষ বেছি হ’লে ৰোগী শয্যাশায়ী হ’ব লগা হয়। ৩) ৰিউমেটইড আথ্ৰাইটিচ: এই ৰোগৰ উৎপত্তিৰ কাৰণ সঠিককৈ জনা নাযায়। তথাপি এই ৰোগত সমগ্ৰ শৰীৰৰ গাঁঠিত বিষ হ’ব পাৰে। সকলো গাঁঠি ফুলি উঠে, ৰঙা পৰে আৰু প্ৰচণ্ড বিষ হয়। গাঁঠিবিলাকৰ লৰচৰ কৰাৰ ক্ষমতা কমি যায় আৰু জঠৰতা আহে। বিষ আৰম্ভ হ’লে জ্বৰ উঠে আৰু অৰুচি ভাৱ হয়। আহাৰ গ্ৰহণৰ পৰিমাণ কমি যোৱাৰ ফলত ৰোগী ক্ষীণাই যায় আৰু লাহে লাহে ৰক্তহীনতাই দেখা দিয়ে। সকলো বয়সৰ লোক এই ৰোগত আক্ৰান্ত হ’ব পাৰে। তথাপিও ২০-৫০ বছৰ বয়সৰ ভিতৰৰ লোক এই ৰোগত আক্ৰান্ত বেছিকৈ হয়। পৃথিৱীৰ প্ৰায় সকলো দেশৰ লোকৰ মাজত এই ৰোগৰ প্ৰাদুৰ্ভাৱ থকা দেখা যায়। পুৰুষতকৈ মহিলাসকলে এই ৰোগত বেছিকৈ ভোগাৰ প্ৰমাণ পোৱা গৈছে। দেহৰ অন্যান্য অংগৰ লগতে আঁঠু দুটাও এই ৰোগত আক্ৰান্ত হয়। ৰোগাক্ৰান্ত আঁঠু দুটা ফুলি উঠে আৰু কেতিয়াবা ফুটবল একোটাৰ দৰে গোলাকাৰ হৈ পৰা দেখা যায়। ফুলাৰ লগে লগে আঁঠুটো ৰঙা পৰি উঠে। প্ৰচণ্ড বিষ হয় আৰু লৰচৰ কৰিব নোৱাৰা অৱস্থা হয়। লৰচৰ কৰিলে বেছিকৈ হোৱা বিষত বহি পৰিব লগা হয়। প্ৰায়ে এটা ভৰিত এই বিষ হয় যাদিও কেতিয়াবা দুয়োটা আঁঠু আক্ৰান্ত হোৱা দেখা যায়। নহ’লে কিছুদিনৰ অগাপিছাকৈ এটাৰ পিছত আনটো আঁঠু আক্ৰান্ত হবও পাৰে। এই ৰোগ হ’লে চায়নোভিয়েল আৱৰণ খন ফুলি উঠে আৰু সন্ধি গহ্বৰত অপ্ৰয়োজনীয় বাবে বেছি পৰিমাণে Sinovial Fluid নামৰ তৰল পদাৰ্থ জমা হৈ পৰে। ফলত আঁঠুটো লাহে লাহে ফুলি গোলাকাৰ ফুটবল একোটাৰ ৰূপ লয়। সি যি কি নহওক কিয় এই ৰোগত আক্ৰান্ত হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। ৪) অষ্টিঅ আথ্ৰাইটিচ: এই ৰোগ সাধাৰণতে বয়সস্থ লোকৰ মাজতে বেছিকৈ হোৱা দেখা যায়। সাধাৰণতে ৫০ বছৰৰ ওপৰৰ বয়সৰ লোকৰ মাজত এই ৰোগৰ প্ৰৱণতা বেছি। দেহৰ ওজন বহন কৰিব লগা গাঁঠি যেনে আঁঠু, তপিনাৰ সন্ধি আদিত এই ৰোগ বেছিকৈ হয়। এই ৰোগ আঁঠুত হ’লে বিষ বেছি হয়। খোজৰ লগে লগে কট্ কট্কৈ হাড়ৰ ঘঁহনি খোৱাৰ দৰে একোটা শব্দ শুনা যায়। পিতৃ-মাতৃৰ কাৰোবাৰ এই ৰোগ থাকিলে সন্তানসকলৰ মাজতো পিছলৈ এই ৰোগ হোৱা দেখা যায়। অৰ্থাৎ বংশগত কাৰণতো এই ৰোগ হ’ব পাৰে। বেছি শকত মহিলাৰ আঁঠু দুটাই অনবৰতে দেহৰ অধিক ওজন বহন কৰিবলগীয়া হয় আৰু তাৰ ফলত আঁঠু দুটাৰ ওপৰত অধিক হেঁচা পৰে। ফলত আঁঠু দুটাত অষ্টিআথ্ৰাইটিচ নামৰ বাৰ্ধক্যজনিত বিসংগতিয়ে দেখা দিয়ে। তদুপৰি বয়স বঢ়াৰ লগে লগে সন্ধিস্থলত থকা মিউকোপলিচেকাৰইড নামৰ তৰল পদাৰ্থবিধ শুকাই যায় আৰু তাৰ ফলতো এই বিসংগতিৰ সৃষ্টি হয়। বিষটো প্ৰথমে খোজ কাঢ়িলে বা ব্যায়াম কৰিলে আৰম্ভ হয়। বহু সময় ধৰি শুই বা বহি থাকি হঠাৎ উঠি গ’লেও বিষটো হ’ব পাৰে আৰু তেনে অনুভৱ কৰিলেই যিমান পাৰি সোনকালে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। এই বিষ সাধাৰণতে এদিন বাদে এদিনকৈ হৈ পিছলৈ সদায় হোৱা দেখা যায়। ৰাতি টোপনি ব্যাঘাত হোৱা দেখা যায়। বিষ বেছি হোৱাৰ বাবে ৰোগীয়ে আঁঠু বেছিকৈ লৰচৰ কৰিব নোখোজে। সেয়ে জঠৰতা আহে অৰ্থাৎ সন্ধিস্থলত পেশী টানি ধৰে, আৰু হাড়ৰ উপৰিভাগত Osteophytes গঠন হয়। প্ৰথমে শুই উঠাৰ সময়ত জঠৰতা বেছিকৈ থাকে, পিছত খোজ কাঢ়িলে জঠৰতা কমে। ৫) ৰেইটাৰ্ছ চিনড্ৰম: এই বিসংগতিৰ কাৰণ জনা নেযায়। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হ’লে উদ্ভৱ হোৱা ৰোগ। এই ৰোগ সাধাৰণতে ডেকা বয়সত আৰু পুৰুষৰহে হোৱা দেখা যায়। এইটো সাধাৰণতে যৌন সংসৰ্গৰ যোগেদি বিয়পা ৰোগ। এসপ্তাহৰ পৰা ৪ সপ্তাহৰ ভিতৰত ৰোগাক্ৰান্ত সংগীৰ সৈতে যৌন সংসৰ্গৰ পিছত এই ৰোগ দেখা দিয়ে। খুব সঘনাই পেচাব হয় আৰু জ্বলা পোৰা হয়। তিনি সপ্তাহৰ পিছত চকু ৰঙা পৰে আৰু চকুৰ পৰা পানী ওলায়। চকু ৰঙা পৰাৰ এসপ্তাহৰ পিছত বাত বিষৰ লক্ষণ প্ৰকাশ পায়। সৰু আৰু মধ্যমীয়া সন্ধিবিলাক সোনকালে আক্ৰান্ত হয় আৰু বিষায়। কেইমাহমানলৈ এই ৰোগ থাকে। মুখত ঘা হয়,ছালত ফোঁহা হয়, ভৰিৰ তলত বিষ হয়, গা বিষায় ইত্যাদি। ওপৰোক্ত লক্ষণবোৰ দেখা পোৱাৰ লগে লগে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। ৰোগটো কি ধৰণৰ বীজাণুৰ দ্বাৰা উৎপত্তি হৈছে, সেইটো নিৰ্ণয় কৰি চিকিৎসা কৰিব লাগে। এইবাবে তেজৰ পৰীক্ষা আৰু বিষত আক্ৰান্ত হোৱা সন্ধিৰ এক্সৰে কৰোৱা দৰকাৰ। মাছ,মাংস, কণী, ঘি আদি দ্ৰব্য খোৱাত বাধা আৰোপ কৰা হয়। আয়ুৰ্বেদিক চিকিৎসা ক) সকলো ধৰণৰ বাত বিষৰ বাবে স্নেহন স্বেদন (সেক) আৰু প্ৰলেপ (মলম বা বনৌষধিৰ প্ৰলেপ) আক্ৰান্ত স্থানত দিয়া হয়। খ) বনৌষধিৰ প্ৰয়োগ গুগুলো, এক গ্ৰামকৈ দিনে দুবাৰ খাব দিয়া হয়। কেঁচা হালধিৰ ৰস চাৰি চামুচকৈ দিনে দুবাৰ খাব লাগে। ৰাস্না ক্কাথ-চাৰি চামুচকৈ দিনে দুবাৰ খাব লাগে। দশমূল ক্কাথ-চাৰি চামুচকৈ দিনে দুবাৰ খাব লাগে। গুৰুচি-স্বৰস দুই চামুচকৈ পানীৰ লগত দিনে দুবাৰ খাব লাগে। পূণৰ্ণৱা স্বৰস-চাৰি চামুচকৈ দিনে দুবাৰ খাব লাগে। মিশ্ৰিত ঔষধ অগ্নিতুণ্ডি বটি যোগৰাজ গুগুলো মহাযোগৰাজ গুগুলো আমবটাৰী ৰস সিংহনাদ গুগুলো কৈশোৰ গুগুলো ৰসৰাজ ৰস বৃহৎ বাত চিন্তামণি ত্ৰৈয়োদশাংগ গুগুলো ইত্যাদি মিশ্ৰিত ঔষধ খাব দিয়া হয়। স্নেহন: মহাবিষগৰ্ভ তেল, ৰুমাদেৱ তেল, গন্ধপ্ৰসাৰী তেল, সৈন্ধৱাদি তেল ইত্যাদি আক্ৰান্ত সন্ধি স্থানত লগাই মালিচ কৰি সেক দিয়া হয়। প্ৰলেপ: চজিনাৰ চাল বটি আঁঠুত প্ৰলেপ দি গৰম সেক দিয়া হয়। কেঁচা হালধি বটি আক্ৰান্ত ঠাইত লগাই সেক দিয়া হয়। নিগন্দি বটিও প্ৰলেপ দিয়া হয়। আসবাৰিষ্ট-দশমূলাৰিষ্ট, অশ্বগন্ধাৰিষ্ট, বলাৰিষ্ট আদি চাৰি চামুচকৈ দিনে দুবাৰকৈ খাব লাগে। লিখক: ডা: বিষ্ণু প্ৰসাদ শৰ্মা, কায় চিকিৎসা, চৰকাৰী আয়ুৰ্বেদিক কলেজ, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।