এজমা শব্দটো গ্ৰীকমূলীয়। ইয়াৰ অৰ্থ হেঁকনি বা মুখ মেলি জোৰ জোৰকৈ উশাহ লোৱা। এজমা হ’লে উশাহ লোৱাত কষ্ট হয়, হাওঁফাওঁ শ্বাসনলীসমূহ সংকুচিত হৈ ভিতৰৰ ফুটা সৰু হয়। ব্ৰংকাচ আৰু ব্ৰংকিউল (শ্বসনী আৰু শ্বসনিকা) এই বায়ু নলীবোৰত হোৱা সংক্ৰমণ আৰু প্ৰদাহৰ ফলতে এনে হয়। ফলত হাওঁফাওঁলৈ পৰ্যাপ্ত অক্সিজেন সৰবৰাহ বাধাপ্ৰাপ্ত হয়। এই পৰিস্থিতি উপশমৰ বাবে আক্ৰান্ত ব্যক্তিয়ে জোৰকৈ উশাহ লৈ অক্সিজেনৰ সৰবৰাহ বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। কিন্তু সেয়া সকলো সময়তে সহজভাৱে নহয়গৈ। এসময়ত উশাহ-নিশাহত কষ্ট হয় আৰু উশাহ বন্ধ হৈ যোৱা যেন অনুভৱ হয়। শিশুসকলৰ শতকৰা ১০ ভাগ আৰু প্ৰাপ্তবয়স্ক শতকৰা ৫ ভাগৰ এজমা হোৱাৰ সম্ভাৱনা থাকে। শিল্পোদ্যোগ থকা ঠাইবোৰত এনে সম্ভাৱনা অধিক। সমগ্ৰ বিশ্বজুৰি এজমাৰ প্ৰাবল্য লক্ষ্য কৰা যায়। যদিও সাধাৰণতে এজমাজনিত মৃত্যুৰ হাৰ কম, সম্প্ৰতি পাশ্চাত্যৰ দেশসমূহত এনে হাৰ বৃদ্ধি পাইছে।

এজমাৰ সাধাৰণ লক্ষণবোৰঃ

উশাহ চুটি হয়।

মাজে-সময়ে সেঁহসেঁহনি হয়।

শুকান কাহ, শিশুৰ ক্ষেত্ৰত নিশা কাহ।

বুকুখন টান হৈ থাকে।

এজমা তৰান্বিত কৰা কাৰণবোৰ এনেধৰণৰঃ

এলাৰ্জেন (এলাৰ্জী সৃষ্টিকাৰী উপাদান, যেনে- ঘৰৰ ভিতৰৰ ধূলি-বালি, ফুলৰ ৰেণু, পোহনীয়া জন্তুৰ শুকান ছাল আৰু নোম)।

প্ৰদাহী দ্ৰব্য (ধোঁৱা, ধূলি-বালি, প্ৰবল গোন্ধ, জুইৰ ধোঁৱা)।

ব্যায়াম, ঠাণ্ডা বতাহ, অত্যধিক হাঁহি, আবেগিক চাপ, বতৰৰ পৰিৱৰ্তন।

নাক, ডিঙি আৰু বুকুৰ সংক্ৰমণ আৰু প্ৰদাহ।

বৃত্তিজনিত (ৰাসায়নিক পদাৰ্থ, ৰং, মজিক দ্ৰব্য)।

দৰব (বিটাব্লকাৰ জাতীয় দৰব, বিষনাশক দৰব)।

ঋতুস্ৰাৱ, গৰ্ভাৱস্থা, থাইৰয়ড গ্ৰন্থিৰ বিকাৰ।

হাওঁফাওঁৰ পৰা সোঁসোঁৱনি শব্দ।

অধিক ফুলি উঠা, শিশিৰ ক্ষেত্ৰত পাৰ চৰাইৰ বুকুৰ দৰে হোৱা।

শৰীৰৰ অন্যান্য অংগত এলাৰ্জীজনিত ৰোগ হোৱা, যেনে- একজিমা, আদিকবিয়া (শৰীৰৰ বিভিন্ন ঠাইত ৰঙচুৱা আৰু খজুৱতি থকা ঘামচিৰ নিচিনা হোৱা), নাকৰ পলিপ।

এজমা চাৰি প্ৰকাৰৰ বুলি চিহ্নিত হৈছে-

(১) এলাৰ্জীজনিত এজমাঃ ঘাঁহ আৰু ফুলৰ ৰেণু, ঘৰৰ ধূলি-মাকতি, পোহনীয়া জন্তুৰ নোম, শুকান ছাল, ভেঁকুৰৰ ৰেণু ইত্যাদিৰ বাবে এলাৰ্জী হয় আৰু তাৰ ফলত এজমা হয়।

(২) এলাৰ্জী বহিৰ্ভূত এজমাঃ সাধাৰণতে প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত হয়। এলাৰ্জীৰ কোনো প্ৰমাণ নাথাকে। কেতিয়াবা এস্পিৰিণ, আইব্ৰুপ্ৰফেন আদি দৰবৰ বাবেও হয়।

(৩) বৃত্তিজনিত এজমাঃ কিছুমান বৃত্তিৰ স’তে জড়িত মানুহৰ এজমা হয়। এই ধৰণৰ এজমা কিছুমান ৰাসায়নিক পদাৰ্থৰ বাবে হয়। উদাহৰণস্বৰূপে, পলিউৰেথন ফোম তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰা টলুৱেন ডাই-আইচ’চাইলেট এনে এবিধ ৰাসায়নিক পদাৰ্থ। এণ্টিবায়’টিক তৈয়াৰী কাৰখানা, চাউল. ধান, গম আদি বিক্ৰী কেন্দ্ৰত কাম কৰা ব্যক্তিৰো এজমা হ’ব পাৰে।

(৪) ব্যায়ামজনিত এজমাঃ কিছুমান ব্যক্তিৰ ক্ষেত্ৰত জোৰদাৰ ব্যায়াম কৰাৰ বাবেও এজমা হ’ব পাৰে। এনে ব্যক্তিয়ে চিকিত্সকৰ পৰামৰ্শ লৈহে ব্যায়াম কৰিব লাগে। ব্যায়াম কৰাৰ সময়ত শৰীৰত কেতবোৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত হয় আৰু ইয়েই এজমা হোৱাত অৰিহণা যোগায়।

লেখকঃ ডাঃ জীৱন দত্ত বৰুৱা

উত্সঃ অসমীয়া খবৰ