বিৱৰণ

কঁকাল বা ৰাজহাড়ত বিষ হয়, যন্ত্ৰণা বা বিষত উঠিব-বহিব নোৱাৰা হয়| কোষ্ঠকাঠিন্য, তিৰোতাৰ অনিয়মীয়া ঋতুস্ৰাৱৰ দোষ, প্ৰস্ৰাৱৰ দোষ, বাত ৰোগ, অধিক সময় তলমূৰ হৈ লিখি থাকিলে অথবা কোনো গধুৰ বস্তু দাঙিলেও হঠাৎ এনে ৰোগ হ’ব পাৰে|

উপকাৰী খাদ্য:- আদা, নৰসিংহ, নহৰু, পচতীয়া, কেঁচা অমিতা, শেৱালি ফুল, মাটিমাহ, ভেদাইলতা আদি

অপকাৰী খাদ্য:- মাটিকঁঠাল, কেহা বস্তু, জিকা, উৰহী, খেচাৰী দাইল আদি|

কঁকালৰ বিষত উপযোগী বন দৰৱ:

দুৱৰি বনৰ ৰস আৰু হেলচি শাকৰ ৰস সমানে মিহলাই তাৰ লগত অৰ্জুন গছৰ ছালৰ ৰস দুগুণ মিহলাই ৩ চামুচকৈ গৰম গাখীৰৰ সৈতে দিনে দুবাৰকৈ এমাহ খালে কঁকালৰ বিষ নিৰাময় হয়|

চেঙেৰীটেঙাৰ ৰস ৩ চামুচকৈ দিনে দুবাৰকৈ খালে কঁকালৰ বিষ কমে|

জাঁইফল পানীত তিয়াই বটি তিল তেল মিহলাই গৰম কৰি মালিচ কৰিলে কঁকালৰ বিষ কমে|

পুৰণি কোমোৰাৰ গুটি এক গ্ৰাম আৰু শোধিত গুগগুল এক গ্ৰাম ত্ৰিফলাৰ ক্কাথৰ লগত মিহলাই ৩ চামুচ দিনে দুবাৰকৈ খালে বিষ নাইকিয়া হয়|

শুকান জলফাইৰ গুটি নাইবা অৰ্জুনৰ গুটি এটা বিন্ধা কৰি কঁকালত বান্ধি ৰাখিলে বিষ লাহে লাহে কমি আহে|

আলু বটি কঁকালত কাপোৰ মেৰিয়াই বান্ধি ৰাখিলে বিষ উপশম হয়|

এৰা গুটি ২/৩ টা বটি এগিলাচ গৰম গাখীৰৰ সৈতে খালে বিষ-বেদনা নাইকিয়া হয়| নাইবা নহৰু এটা বটি পাতল কাপোৰেৰে বান্ধি ৰাখিলে বিষ নোহোৱা হয়|

বৰুণ গছৰ ছাল বা পাত বটি কঁকালত পাতল কাপোৰেৰে বান্ধি ৰাখিলে বিষ-বেদনা দূৰ হয়|

মাটিমাহ পিহি এখন পাতল কাপোৰেৰে বিষ হোৱা ঠাইত বান্ধি ৰাখিলে বিষ উপশম হয়|

মাংসপেশীৰ বিষত বছ তেলেৰে কঁকালৰ মালিচ কৰিলে আৰাম পোৱা যায়|

প্ৰস্ৰাৱ বন্ধ হৈ বিষ হ’লে পাতেগজাৰ পাতৰ ৰস ৪/৫ চামুচ দিনে ২/৩ বাৰকৈ খালে প্ৰস্ৰাৱ খোলা হয়, লগতে বিষ কমে|

ডিঙেৰীলতা (শাওঁলতা) ক্কাথ বা ৰস ৩ চামুচ দিনে দুবাৰকৈ খালে বাত ৰোগৰ কাৰণে হোৱা কঁকালৰ বিষ কমে|

কপৌফুলৰ শিপাৰ ক্কাথ ৩ চামুচৰ লগত গুগ্গুল এক গ্ৰাম মিহলাই দিনে দুবাৰকৈ খালে কঁকালৰ বিষ নাইকিয়া হয়|

চায়াটিকা বাত বিষত কাঁটা বেঙেনা, বেল, তিতাভেকুৰি আৰু এৰাৰ শিপাৰ ৰস সমানে লৈ সামান্য নিমখ মিহলাই ৩ চামুচকৈ দিনে দুবাৰকৈ খালে চায়াটিকা বাত বিষ ভাল হয়|

ববচা বনৰ শিপাৰ ৰস ৩ চামুচ গাখীৰৰ লগত মিহলাই দিনে দুবাৰকৈ খালে চায়াটিকা বাতবিষ নাশ হয়|

শেৱালি ফুলৰ পাতৰ কহ তৈয়াৰ কৰি ৩ চামুচ দিনে দুবাৰকৈ ১৫/২০ দিন খালে চায়াটিকা বাতবিষ ভাল হয়|

পচতীয়াৰ পাতৰ ৰস ৩ চামুচ দিনে দুবাৰকৈ খালে গ্ৰন্থিবাত, গাঁঠিবাত, মাংসপেশীৰ বাতবিষ ভাল হয়| টোপোলা কৰি সেক দিলে বা ক্কাথ কৰি খালে অথবা পাত বটি প্ৰলেপ দিলে ভাল উপকাৰ পোৱা যায়| ভেদাইলতাৰ পাত বটি টোপোলা কৰি সেক দিলেও একে উপকাৰ পোৱা যায়|

লেখক:- সত্যৰাম নাথ

উৎস:-সম্ভাৰ