গাঁঠিনো কি ?

দুডাল হাড়ৰ সংলগ্ন স্থানকে গাঁঠি বুলি কোৱা হয়। গাঁঠিবোৰৰ বাবে আমাৰ শৰীৰৰ বিভিন্ন অংশ আৰামদায়কভাৱে লৰচৰ কৰিব পাৰোঁ।

অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ কি ?

আৰ্থ্ৰাইটিছ মানে হ’ল গাঁঠি হোৱা বিষ।

অষ্ট্ৰ’ আৰ্থ্ৰাইটিছৰ এটা সাধাৰণ ৰোগ হ’ল আৰ্থ্ৰাইটিছ। অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ হোৱাৰ কাৰণবোৰ কি ?

বয়স, লিংগ, মেদবহুলতা, গাঁঠিৰ আঘাতপ্ৰাপ্ত, গাঁঠিৰ সমস্যাসমূহ, বংশগত সমস্যা আৰু গাঁঠিৰ ৰোগ।

কোনবোৰ গাঁঠি অষ্ট্ৰ’ আৰ্থ্ৰাইটিছৰ দ্বাৰা আক্ৰান্ত হয় ?

যিকোনো গাঁঠিয়ে অষ্ট্ৰ’ আৰ্থ্ৰাইটিছৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে যদিও নিতম্ব, আঁঠু, আঙুলিৰ গাঁঠি আৰু ৰাজহাড়ৰ তলত বেছিভাগেই আক্ৰান্ত হয়।

অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ কেইপ্ৰকাৰৰ ?

প্ৰাইমাৰী অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ

ছেকেণ্ডাৰী অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ

অষ্ট্ৰ’ আৰ্থ্ৰাইটিছৰ লক্ষণবোৰ কি কি ?

বিষ, জঠৰতা আৰু লৰচৰ কৰাত অসুবিধা

সাধাৰণ অৱস্থাতকৈ আক্ৰান্ত গাঁঠিবোৰ বেছি ডাঙৰ দেখা যায়। হাড়ৰ গঠন বাঢ়ি যোৱা বাবে এনে হয়।

গাঁঠিৰ বিসংগতি সাধাৰণতে দেখা নাযায় যদিও মাজে-সময়ে দেখা যাবও পাৰে।

কোনো লক্ষণ নাথাকিবও পাৰে।

অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ কেনেদৰে নিৰূপণ কৰা হয় ?

এক্স-ৰে, এম আৰ আই।

অষ্ট্ৰ’ আৰ্থ্ৰাইটিছৰ চিকিত্সা কেনেদৰে কৰা হয় ?

অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ নিৰাময় কৰিব নোৱাৰি। কিন্তু উচিত চিকিত্সাৰ দ্বাৰা বিষ উপশম কৰাৰ লগতে গাঁঠিবোৰৰ চলাচল নিয়ন্ত্ৰণত ৰাখিব পাৰি।

গাঁঠিৰ বিষ কমোৱা, মাংসপেশীবোৰ শক্তিশালী কৰাৰ লগতে চলাচল বৃদ্ধি কৰাৰ বাবে নিতৌ ব্যায়াম বা যোগাসন কৰা।

বিষৰ পৰা উপশম পোৱাৰ বাবে চিকিত্সকৰ পৰামৰ্শ অনুসৰি ঔষধ সেৱন কৰা।

গুৰুতৰভাৱে ক্ষতি হোৱা গাঁঠিবোৰ মেৰামতি বা পুনৰ সংস্থাপনৰ বাবে অস্ত্ৰোপচাৰ কৰা।

অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ কেনেদৰে চিকিত্সা কৰা হয় ?

গাঁঠিৰ বিষ আৰু জঠৰতা কমোৱা।

গাঁঠিৰ চলাচল বৃদ্ধি কৰা।

শাৰীৰিক অক্ষমতাসমূহ নিয়ন্ত্ৰণ কৰা।

গাঁঠিৰ ক্ষতিৰ সীমিত বৃদ্ধি।

আঁঠু আৰু নিতম্বৰ অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ।

অস্ত্ৰোপচাৰৰ বিষয়ে আপুনি চিকিত্সকৰ পৰা জানিবলগীয়া-

অস্ত্ৰোপচাৰ কৰাৰ পাছত আপুনি কেনেদৰে আৰু কিমান দিনলৈ লাভান্বিত হ’ব ?

এই পদ্ধতিটোক কি বুলি কোৱা হয় ?

আকৌ সাধাৰণ কাম-কাজ কেতিয়া কৰিব পাৰিব।

এইটো কেনেদৰে কৰা হ’ব।

ফলাফল কেনে হ’ব।

সম্ভাৱ্য বিপদ।

আৰামদায়ক জীৱন কটোৱাৰ টিপ্ছ-

সুস্থ জীৱন অতিবাহিত কৰক।

জিনৰ অক্ষমতাবোৰতকৈ সক্ষমতাবোৰৰ ওপৰত বেছিকৈ মন দিয়ক।

নিজৰ দুৰ্বলতাবোৰৰ পৰিৱৰ্তে শক্তিশালী দিশবোৰৰ ওপৰত বেছিকৈ মন দিয়ক।

নিজে সমাধান কৰিব পৰাকৈ কামবোৰৰ তালিকা প্ৰস্তুত কৰি লওক

ষ্ট্ৰেচ দিব পৰা সকলো কামৰ পৰা বিৰত থাকিব।

ফিটনেছ আৰু খাদ্য আপোনাৰ দৈনন্দিন তালিকাত অন্তৰ্ভুক্ত কৰিব।

পৰিয়াল, বন্ধুবৰ্গ আৰু চিকিত্সকৰ লগত সুসম্পৰ্ক বজাই ৰাখিব।

ঔষধ আৰু ব্যায়ামেৰে গাঁঠিৰ বিষ কমাব নোৱাৰিলে অস্ত্ৰোপচাৰৰ সহায় লওক।

লেখকঃ ডাঃ শান্তনু শৰ্মা, অস্থিৰোগ বিভাগৰ মুৰব্বী বিশেষজ্ঞ, জি এন আৰ চি মেডিকেল

উৎস: অসমীয়া খবৰ