চুলি তিতি থকা অৱস্থাত ফণিয়াব বা ব্ৰাচ কৰিব নালাগে। চুলি শুকুৱাবলৈ হেয়াৰ ড্ৰাই ব্যৱহাৰ নকৰি বতাহত সাধাৰণভাৱে চুলি শুকুৱাবলৈ দিব লাগে। অত্যন্ত হেয়াৰ ড্ৰাই ব্যৱহাৰ কৰিব লগা হ’লে তাপমাত্ৰা ন্যূনতম কৰি লব লাগে। চুলি ফণিয়াবলৈ ডাঙৰ-বহল ফাক থকা প্লাষ্টিকৰ ফণী ধুইহে ব্যৱহাৰ কৰিব লাগে। চুলি বান্ধোতে ৰাবাৰ বেণ্ড বা টান ক্লিপ ব্যৱহাৰ কৰোঁতে লক্ষ্য ৰাখিব লাগে যাতে চুলিখিনিৰ গুৰিত টান নাখায়। চুলিৰ সেওতা আৰু ষ্টাইল মাজে মাজে সলনি কৰি থাকিব লাগে। চুলি সদায় চোকা ৰ’দ বা বেছি বতাহৰ পৰা বচাই ৰাখিব লাগে। ৰ’দত ওলাব লগা হ’লে মূৰটো চুলিখিনি ঢাক খোৱাকৈ এখন কাপোৰেৰে বান্ধি লব পাৰিলে ভাল। দিনে কমেও ৮-১০ গিলাচ পানী খাব লাগে। যিসকলে ৰাতি কাম কৰে বা পেচাৰাইডজ কেবিন (এয়াৰ হোষ্টেজ) কাম কৰে তেওঁলোকে পানীৰ পৰিমাণ বঢ়াই খাব লাগে যাতে শৰীৰ আৰু চুলিয়ে প্ৰয়োজনীয় আৰ্দ্ৰতা লাভ কৰে। চুলিত তেল লগালে ইয়াৰ দীঘল হোৱাৰ ক্ষমতা বৃদ্ধি পায় বুলি ভবাতো ভুল। প্ৰকৃততে তেল লগালে চুলি আৰু মূৰৰ ছাল কোমল হয়। তেলে চুলিখিনি আৱৰণ হিচাপে বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ, ধূলি আদিৰ পৰা বচাই ৰাখে। আনহাতে, গোটেই ৰাতি তেল লগাই থোৱা স্বভাৱে চুলিৰ ক্ষতি কৰে। মাজে মাজে চুলিৰ গুৰিবোৰ সামান্য তেল লৈ মালিচ কৰিলে চুলিৰ ৰুক্ষ ভাবটো নোহোৱা হয় আৰু চুলিৰ গুৰিত ৰক্ত সঞ্চালন বৃদ্ধি পায়। ই চুলিৰ উজ্জ্বলতাও বৃদ্ধি কৰে। উৎস: জিএনআৰচি স্বাস্থ্য।