লক্ষণ অতিপাত মূৰৰ বিষ-ৰ’দত ওলালে, জুইৰ তাপত থাকিলে নতুবা চাই’নচাইটিছ আৰু মাইগ্ৰেনৰ কাৰণেও মূৰৰ বিষ হয়, চকু জ্বলা পোৰা কৰে, জ্বৰ হয়, মূৰটো গৰম আৰু গধূৰ লাগে, টোপনি নধৰে, শৰীৰ দূৰ্বল হোৱা ইত্যাদি হ’ল মূৰৰ বিষৰ লক্ষণ। চিকিৎসা কোমোৰা মাছৰ সৈতে আঞ্জা বনাই খাব। কোমোৰাৰ লগত জালুকৰ আঞ্জা বনাই খাব। গাজৰৰ ৰস প্ৰতিদিনে পুৱা-গধূলি খাব। চজিনা আৰু চজিনাৰ পাত সদায়ে খাওঁক। আমলখিৰ ৰসৰ লগত চেনি মিহলাই খাব লাগে। পিপলি বিশ গ্ৰামৰ লগত গুড় মিহলি কৰি খাব লাগে। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।