<p style="text-align: justify; ">উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বেলিকা ঔষধ পত্ৰৰ ব্যৱহাৰৰ সমান্তৰালভাৱে খাদ্যত নিমখৰ পৰিমাণ হ্ৰাস কৰি অনাৰ বিকল্প নাই। নিমখৰ পৰিমাণ হ্ৰাস কৰিলে ঔষধৰ দ্বাৰা ৰক্তচাপ সহজে নিয়ন্ত্ৰণলৈ আহে আৰু উচ্চ ৰক্তচাপজনিত মাৰাত্মক জটিলতা যেনে হাৰ্ট এটেক, চেৰিব্লেল থ্ৰম্ব’ছিছ জাতীয় সমস্যাবোৰ দেখা দিয়াৰ আশংকা হ্ৰাস পায়। গৱেষণাৰপৰা দেখা গৈছে যে প্ৰতিদিনে মাত্ৰ এক গ্ৰাম নিমখ খোৱাটো কমাব পাৰিলে হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ আশংকা যথেষ্ট পৰিমাণে কমে। কোনো অৱস্থাতে দৈনিক পাঁচ গ্ৰামতকৈ অধিক নিমখ খোৱাৰ অভ্যাস শৰীৰৰ বাবে ভাল নহয়। সৰু কালৰে পৰা কাঁহীত নিমখ লোৱাৰ অভ্যাস এৰাই চলিব পাৰিলে পিছৰ বয়সত বহু শাৰীৰিক জটিলতাৰ আশ্ংকা কমে।</p> <p style="text-align: justify; "><strong><i>উৎসঃ অসমীয়া প্ৰতিদিন</i></strong></p>