কেঞ্চাৰ ৰোগৰ মূল কাৰণ ধপাত সেৱনৰ ফলত শৰীৰৰ বিভিন্ন অংগ যেনে মুখ, কন্ঠনলী, হাওঁফাওঁ, পাকস্থলী, কিডনী, মুত্ৰথলী আদিত কেঞ্চাৰ হোৱাৰ মূল কাৰণ। সমাৰ্থক বাস্তৱ তথ্য ভাৰতত ধপাত সেৱনৰ বাবেই সকলোতকৈ অধিক সংখ্যক লোক মুখৰ ভিতৰ হোৱা কেঞ্চাৰত আক্ৰান্ত। ভাৰতত ধপাত সেৱনৰ বাবেই ক্ৰমে ৫৬.৪ শতাংশ আৰু ৪৪.৯ শতাংশ পুৰুষ আৰু মহিলাৰ কেঞ্চাৰ হয়। হাওঁফাওঁৰ কেঞ্চাৰৰ ৯০ শতাংশ হয় ধুমপান কৰাৰ ফলত। ধপাত সেৱন, হূদযন্ত্ৰ আৰু ধমনীৰ ৰোগ, হাৰ্ট এটেক, বুকুৰ বিষ, হাৰ্ট এটেকৰ বাবে হঠাত্ মৃত্যু, ষ্ট্ৰোক, পেৰিফেৰিয়েল ভাচকুলাৰ ৰোগ আদিৰ মূল কাৰণ। সমাৰ্থক বাস্তৱ তথ্য ভাৰতত দীৰ্ঘকালীন হোৱা হাওঁফাওঁৰ বাধাগ্ৰস্ত ৰোগৰ ৮২ শতাংশৰ মূল কাৰণ ধুমপান। ধপাতে পৰোক্ষভাৱে হাওঁফাওঁৰ যক্ষ্মাৰ বাবে দায়ী। যক্ষ্মা হোৱাৰ সম্ভাৱনা ধুমপায়ীসকলৰ তিনিগুণ বেছি। বিড়ি আৰু চিগাৰেট যিমান বেছি সেৱন কৰে যক্ষ্মাৰ সম্ভাৱনা সিমানে বাঢ়ি যায়। ধুমপান আৰু ধপাতে হঠাত্ ৰক্তপাত বঢ়াই দিয়ে আৰু হূদপিণ্ডত তেজৰ প্ৰবাহ কমাই দিয়ে। ভৰিত তেজৰ সঞ্চালন কমাই দিয়ে, ফলত ভৰি নিঠৰ হৈ পৰে। ধপাতে ধমনীৰ ভিতৰৰ আৱৰণৰ ক্ষতি কৰে। ধুমপানৰ ফলত পৰিয়াল আন সদস্যৰ লগতে শিশুসকলৰো ভয়াবহ ক্ষতি হয়। যিসকল লোকে ধুমপান নকৰে কিন্তু ধুমপান কৰা (দিনত ২০টা) ব্যক্তিৰ লগত থাকে- তেওঁ পৰোক্ষভাৱে তিনিটা চিগাৰেট খুৱাৰ দৰে ক্ষতি হয়। ধুমপান বা ধপাত সেৱন কৰিলে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি হোৱাৰ কথা প্ৰমাণিত হৈছে। তেজত থকা ভাল কলেষ্ট্ৰৰেলৰ পৰিমাণ ধুমপানৰ ফলত হ্ৰাস পায়। ধুমপান নকৰা সকলতকৈ ধুমপায়ীসকলৰ হাৰ্টৰ ৰোগ, পক্ষাঘাট আদি হোৱাৰ সম্ভাৱনা ২-৩ গুণ বেছি। ধপাত সেৱনৰ বাবে প্ৰতি ৮ ছেকেণ্ডত এজনৰ মৃত্যু হয় সমাৰ্থক বাস্তৱ তথ্য ভাৰতত প্ৰতি বছৰে ধপাত সেৱনৰ ফলত হোৱা ৰোগত ৮,০০,০০০ৰ পৰা ৯,০০,০০০ লোকৰ মৃত্যু হয়। কৈশোৰ অৱস্থাত ধুমপান নকৰিলে এজন মানুহে ২০ বছৰ বেছি জীয়াই থাকিব পাৰে। কৈশোৰ অৱস্থাত ধপাত সেৱন কৰাসকলৰ চাৰিভাগৰ এভাগৰ মাজবয়সতে মৃত্যু হয় আৰু চাৰিভাগৰ এভাগ বৃদ্ধাৱস্থাত মৃত্যু হয়। ধপাত সেৱন জাতীয় ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে প্ৰতিবছৰে ভাৰতত বাঢ়িব ধৰিছে। ধুমপান আৰু ধপাত সেৱনে পুৰুষ/মহিলাৰ যৌন জীৱনত ভীষণ ক্ষতি কৰে। সমাৰ্থক বাস্তৱ তথ্য ধপাত সেৱন কৰিলে পুৰুষে যৌন ক্ষমতা হেৰুৱাই পেলাব পাৰে। মহিলাই ধপাত বা ধুমপান কৰাৰ ফলত শৰীৰত এষ্ট্ৰোজেনৰ পৰিমাণ কমি যায়। ফলত মহিলাগৰাকীৰ সময়তকৈ আগতে ঋতুস্ৰাৱ প্ৰক্ৰিয়া বন্ধ হৈ যায়। ধুমপান আৰু ধপাত সেৱনে মানুহৰ শক্তি, কৰ্মদক্ষতা আৰু সক্ষমতা কমাই দিয়ে। যিসকল মহিলাই গৰ্ভনিৰোধ ঔষধ খায়, তেনে মহিলাই ধুমপান কৰিলে ষ্ট্ৰক হোৱাৰ ভয় অতি বেছি থাকে। গৰ্ভৱতী মহিলাই ধুমপান কৰাৰ ফলত গৰ্ভপাতৰ সম্ভাৱনা বৃদ্ধি পায়, জন্মৰ সময়ত শিশুৰ ওজন কম হয়, শিশুৰ বৃদ্ধিত সমস্যাৰ সৃষ্টি হয়, কেতিয়াবা হঠাত্ শিশুৰ মৃত্যুও হব পাৰে (হঠাত্ ব্যাখ্যা কৰিব নোৱাৰা মৃত্যু)। ধপাত বাদ দিয়াৰ উপকাৰিতা শাৰিৰীক উপকাৰ ১) হাৰ্টৰ ৰোগ বা কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কমি যোৱা। ২) হাৰ্টৰ ওপৰত হেঁচা কমিব। ৩) আপোনাৰ ধুমপানৰ ধোঁৱাৰে আপোনাৰ প্ৰিয়জনৰ ক্ষতি নহব। ৪) ধুমপানৰ ফলত হোৱা কাঁহ কমি যোৱা। ৫) দাঁতবোৰ উজ্জ্বল আৰু পৰিস্কাৰ হৈ পৰিব। সামাজিক উপকাৰ ১) চিগাৰেটে আপোনাক নিয়ন্ত্ৰণ কৰাৰ পৰা আঁতৰি আহি আপুনি নিজেই নিজক নিয়ন্ত্ৰণ কৰিব। ২) আত্মবিশ্বাস আৰু নিজৰ প্ৰতি থকা ধাৰণাৰ উন্নত হব। ৩) আজি বা আগত দিনবোৰত আপুনি আপোনাৰ শিশুৰ সুস্থ পিতৃ-মাতৃ হব পাৰিব। ৪) আপোনাৰ হাতত আন কামৰ বাবে বহু ৰাহি ধন জমা হব। ধুমপান/ধপাত এৰিবলৈ সময় কেতিয়াও উকলি নাযায় মাজবয়সত ধপাত ত্যাগ কৰিলে কেঞ্চাৰ আৰু আন ৰোগৰ পৰা আঁতৰি থাকি ধপাতৰ বাবে হব পৰা মৃত্যুৰ পৰাও আঁতৰি থাকিব পৰা যায়। কম বয়সতে ধপাত এৰিব পাৰিলে অতি উত্তম। ধপাত সেৱন এৰি পেলোৱাৰ তিনি বছৰৰ পাছত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা কমি গৈ ধপাত সেৱন নকৰা লোকৰ পৰ্য্যায় পায়হি। ধুমপান/ ধপাত সেৱন এৰাৰ কিটিপ ১) চিগাৰেট, পান, জৰ্দা, ঘুটকা চকুত নপৰাকৈ লুকুৱাই থব লাগে। দেখা পাই নাথাকিলে খাবলৈয়ো মনত নপৰে। এইটো সহজ কিন্তু কাৰ্য্যকৰী ব্যৱস্থা। ২) এই সামগ্ৰীবোৰ এনে ঠাইত থোৱা উচিত যাতে সহজে পোৱা নাযায়। আনিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। যেনে, আন কোঠাত, এনেবোৰ ঠাইত, যলৈ সাধাৰণতে যোৱা নহয় অথবা তলাবন্ধ বাকচ বা আলমাৰিত। ৩) কি কাৰণত ধুমপান, পান, ঘুটকা আদি খাবলৈ মন যায় সেইটো ভালদৰে ভাবি উলিয়াব লাগে। সেয়া কি দৰে নোহোৱা কৰিব পাৰি সেয়াও চিন্তা কৰিব লাগে। পান চিগাৰেট খোৱাসকলৰ কাষত বাবে যদি খাবলৈ ইচ্ছা জন্মে তেন্তে তেনে লোকৰ পৰা আঁতৰি থাকিব লাগে। ৪) অনবৰতে মুখত চুইংগাম, মিঠা লজেঞ্চ, পিপাৰমিন্ট আদি লৈ থকাৰ অভ্যাস কৰিব লাগে। দীঘল উশাহ লৈ থাকিব লাগে। ৫) এনে সামগ্ৰী খোৱাৰ ইচ্ছা হ’লেই বহি থকা বা ঠিয় হোৱা অৱস্থাতে দীঘলকৈ উশাহ লব লাগে। এগিলাছ পানী বা সাধাৰণ ব্যায়াম কৰিলেও ইচ্ছাটো কমি যায়। ৬) এনে সামগ্ৰী খোৱাৰ ইচ্ছা হ’লেই নিজৰ সন্তানৰ কথা চিন্তা কৰিব লাগে। ধপাতজনিত কিবা ডাঙৰ ৰোগত মৃত্যু হ’লে সন্তান আৰু পৰিয়ালৰ কি অৱস্থা হ’ব চিন্তা কৰিব লাগে। ৭) এটা নিৰ্দিষ্ট দিনৰপৰা এইবোৰ ত্যাগ কৰাৰ সিদ্ধান্ত লব লাগে। ৮) এইবোৰ ত্যাগ কৰিবলৈ আনৰ সহায় লব লাগে। ৯) এইবোৰ এৰাৰ প্ৰথম দিনটো কেনেদৰে কটাব তাৰ পৰিকল্পনা কৰি লব লাগে। ১০)এইবাৰ খাবলৈ মন গ’লেই তলত দিয়া কামবোৰ কৰিব লাগে- আন কিবা কাম কৰা। পিছৰ চিগাৰেট সেৱনৰ সময় পিছুৱাই দিয়া। দীঘলকৈ উশাহ লোৱা। পানী খোৱা। ১১)নিজৰ যোগাত্মক কথা চিন্তা কৰা। ১২)নিজকে পুৰস্কৃত কৰা। ১৩)মন শান্ত ৰাখিবলৈ সদায় যোগ, খোজকঁঢ়া, ব্যায়াম, গান-বাজনা আদি কৰা। ১৪)চাহ, কফি আৰু মদ নিয়ন্ত্ৰণ কৰা। ১৫)সদাই কাৰ্য্যক্ষম আৰু স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা। প্ৰতি ৮ ছেকেণ্ডত ধপাত সেৱনৰ বাবে এজনৰ মৃত্যু হয়। ধপাত সেৱনে পুৰুষ মহিলাৰ যৌন জীৱনত ক্ষতিকাৰক প্ৰভাৱ পেলায়। উৎস: আইএনডিজি দল।