কোষ্ঠকাঠিন্যতা কি? শৌচৰ অভ্যাসৰ সলনি হোৱা, শৌচৰ পৰিমাণ কমি যোৱা, শৌচ অতি টান হোৱা, শৌচৰ ব্যৱধান বাঢ়ি যোৱা আৰু শৌচ ত্যাগৰ সময়ত অতি বেছি জোৰ দিব লগা হোৱাটোকে কোষ্ঠকাঠিন্যতা বোলা হয়। ব্যক্তি বিশেষে শৌচ কৰাৰ সময়ৰ ব্যৱধান পৃথক পৃথক হয়। (সপ্তাহত তিনিবাৰৰ পৰা ১২ বাৰ শৌচ কৰাটো স্বাভাৱিকৰ ভিতৰত পৰে)। উপসৰ্গ পেটত অস্বস্তিভাৱ বা পেট ফুলি যোৱা কাৰণ কম আঁহযুক্ত খাদ্য। ডিহাইড্ৰেছন বা জলশূণ্যতা। কম খোজকঢ়া। কিছুমান বিশেষ ধৰণৰ ঔষধ সেৱন। মলনলীত ঘাঁ। মলনলীত কেঞ্চাৰ। হাইপ’থাইৰ’ডিজিম। কেলছিয়াম/পটাছিয়ামৰ মাত্ৰা কমি যোৱা। মধুমেহ জনিত গেষ্ট্ৰএন্টেৰ’পেথি। পাৰ্কিচন ৰোগ। সহজ প্ৰতিকাৰ আঁহযুক্ত খাদ্য বেছিকৈ খোৱা। সঁতেজ ফল-মূল আৰু শাক-পাছলি খোৱা। পৰ্য্যাপ্ত পৰিমাণৰ পানী গ্ৰহণ। চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰি প্ৰকৃত কাৰণটো বিচাৰি উলিয়াব লাগে। উৎস: আইএনডিজি দল।