ইয়াক নেমাট’ড সংক্ৰমণ বুলিও জনা যায়। বিৱৰণ পৰজীৱিবোৰে বেলেগৰ দেহৰ বাহিৰত বা ভিতৰত আশ্ৰয় লয় আৰু আশ্ৰয়দাতাৰ শৰীৰৰ পৰা পুষ্টিসমূহ শুহি লয়। টিছু আৰু বিভিন্ন অংগত এইবোৰে থিতাপি লয়। কিছুমান পৰজীৱিয়ে আশ্ৰয়দাতাৰ শৰীৰটো দূৰ্বল কৰি পেলায় আৰু ইয়াৰ ফলত ৰোগ আৰম্ভ হয়। পেলু (নেমাট’ড) সাধাৰণতে দীঘল, হাড়হীন, কণীৰ পৰা জন্ম হোৱা এবিধ জীৱাণু। ছাল, পেশী, হাওঁফাওঁ, পাচনতন্ত্ৰ আদিত সংক্ৰমণ ঘটাই তাতে বংশ বৃদ্ধি কৰে। উপসৰ্গ এইবোৰে বাহ লোৱা ঠাইৰ ওপৰত ভিত্তি কৰি উপসৰ্গবোৰ দেখা যায়। কোনো উপসৰ্গই দেখা নিদিয়ে বা নিছেই কম দেখা দিব পাৰে। লগে লগেই দেখা দিব পাৰে নতুবা ২০ বছৰৰ পাছতো দেখা দিব পাৰে। শৌচৰ লগত এইবোৰ ওলাই যাব পাৰে বা মাজে মাজে ওলাই থাকিব পাৰে। পৰিপাকতন্ত্ৰ (পেট, পাকস্থলী, যকৃত, অগ্নাশয় আৰু মলদ্বাৰ)পাকস্থলীত হোৱা পেলুবোৰৰ বাবে পেটৰ বিষ, দূৰ্বলতা, ডায়েৰিয়া, আভোক, বমি, ৰক্তশূণ্যতা, অপুষ্টি-ভিটামিন বি ১২, মিনাৰেল, আইৰণ), চৰ্বি আৰু প্ৰটিনজনিত আদি হয়। মলদ্বাৰ আৰু যোনীত খজুৱতী, শুৱ নোৱাৰা, বিচনাত পেচাব কৰা, পেটৰ বিষ আদি পিন পেলুৰ সংক্ৰমণত দেখা যায়। ছাল: ছালত পানী জোলা, মুখমণ্ডল বিশেষকৈ চকুৰ চাৰিওকাষ উখহি উঠা। এলাৰ্জীক প্ৰতিক্ৰিয়া: ছালত ফোডা, ছালত আৰু শৌচদ্বাৰৰ চাৰিওকাষে খজুৱতি হোৱা। য্কৃত: যকৃত ডাঙৰ হৈ পৰা, জ্বৰ, পেটৰ বিষ, ডায়েৰিয়া, ছাল হালধীয়া পৰা। লিম্ফোটিক ইনভলবমেন্ট: হাতীৰ দৰে ভৰি ফুলি উঠা বা টেষ্টিকেল। কাৰণ ১) টিছুত নেমাট’ডেছ বা ঘূৰণীয়া পেলু। ২) পাকস্থলীৰ নেমাট’ডেছ এছকাৰিয়াছিছ বা ঘূৰণীয়া পেলু এই পেলুৰ কণী শৌচত থাকে। দূষিত মাটি বা শাক-পাছলিৰ যোগেৰে ই মানুহৰ শৰীৰলৈ আহে। ই পাকস্থলীত জন্ম হয় আৰু প্ৰৱাহিত তেজৰ সহায়ত দেহৰ আন ঠাই যেনে হাওঁফাওঁ আদিলৈ বিয়পি পৰিব পাৰে। এইবোৰ ৪০ ছেন্টিমিটাৰ পৰ্য্যন্ত দীঘল হব পাৰে। ৩) ফিটা পেলু এই পেলুৰ কেইবাটাও খণ্ড আছে। ই সাধাৰণতে পাচন নলীত আক্ৰমণ কৰে আৰু ইয়াৰ পৰা পুষ্টি সংগ্ৰহ কৰে। ৪) ফিলাৰিয়াছিছ আন ধৰণৰ পেলুৰ গোট। এইবোৰে ছাল আৰু লিম্ফোটিক টিছুবোৰক আক্ৰমণ কৰে। ভয়ৰ কাৰণ পানী শৌচ আদিৰে দূষিত হোৱা। অপৰিচন্ন অৱস্থা। কেঁচা মাছ বা মাংস খোৱা। পশু আদিক অপৰিষ্কাৰ অৱস্থাত ৰখা। এন্দুৰ আৰু আন পোক-পতংগৰ উপদ্ৰব হোৱা। অপুষ্টি আৰু ৰোগত ভোগা লোক। মহ-মাখিৰ উপদ্ৰব। শিশুৰ খেলা ঠাই য’ত তেওঁলোকে খোৱা-বোৱা কৰে বা মাটি স্পৰ্শ কৰে। সাধাৰণ প্ৰতিকাৰ তৰল পদাৰ্থ। বিশ্ৰাম। পৰিয়ালৰ সকলোৰে পৰীক্ষা আৰু চিকিত্সা কৰা। অন্তৰ্বাস, কাপোৰ, বিচনা-চাদৰ আদি চিকিত্সা সম্পূৰ্ণ নোহোৱালৈকে উতলা পানীৰে ধুব লাগে। ঘনাই পৰিষ্কাৰকৈ হাত-ধুৱা, নিসিজা আৰু কেঁচা মাংস খাব নালাগে; শাক-পাছলি আৰু ফল-মূল ভালদৰে ধুব লাগে, উতলাই চেঁচা কৰা পানী খাব লাগে। উৎস: আইএনডিজি দল।