এডাল-দুডাল চুলি সৰাৰ পৰা সম্পূৰ্ণ তপা হোৱাকৈ চুলি সৰিব পাৰে৷ বিভিন্ন কাৰণত চুলি সৰিব পাৰে৷ চিকিত্সাগতভাৱে চুলি সৰা কাৰণবোৰ বিভিন্ন ভাগত ভাগ কৰা হৈছে৷ এইবোৰ হ’ল: সাধাৰণতে কোনো জতিল শাৰিৰীক অসুস্থতাৰ দুই তিনি মাহৰ পাছত চুলি সৰে৷ যেনে, বহুদিন ধৰি হোৱা ৰোগ, ডাঙৰ অপাৰেচন, জতিল সংক্ৰমণ আদি৷ শিশু জন্মৰ পাছত হঠাতে হোৱা হৰম’নৰ পৰিবৰ্তনৰ বাবে মাকৰ কেতিয়াবা চুলি সৰিব পাৰে৷ অলপ অচৰপ চুলি সৰাটো স্বাভাবিক কথা৷ কিন্তু বেছিকৈ চুলি সৰি তপা হৈ যোৱাটো সাধাৰণ কথা নহয়৷ ঔষধৰ প্ৰতিক্ৰিয়া: কিছুমান বিশেষ ঔষধৰ প্ৰভাৱতো হঠাতে চুলি সৰিব পাৰে৷ ইয়াৰ ফলত মূৰৰ সকলো চুলি সৰি নোহোৱা হ’ব পাৰে৷ কিছুমান শাৰিৰীক অসুস্থতাৰ বাবেও চুলি সৰিব পাৰে৷ থাইৰডৰ বিসংগতি (হাইপ’থাইৰ’ডিজিম বা হাইপাৰ থাইৰ’ডিজিম), যৌন হৰমনৰ সমতা নষ্ট হোৱা, পুষ্টিৰ অভাৱৰ বাবে আৰু আইৰণ, জিংক আদিৰ অভাৱত চুলি সৰে৷ খুব সীমিতভাবে খোৱা, বিশেষ কিছুমান খাদ্য নোখোৱা আৰু বেছিকৈ ঋতুস্ৰাৱ হোৱা মহিলাৰ ক্ষেত্ৰত চুলি সৰাটো প্ৰায়েই দেখা যায়৷ মূৰত ভেকুৰৰ সংক্ৰমণ হ’লেও চুলি সৰিব পাৰে৷ যি অংশত ভেকুৰৰ সংক্ৰমণ হয়, সেই ঠাইৰ চুলি সম্পূৰ্ণভাবে সৰি যায়৷ বহু সৰু ল’ৰা-ছোৱালীৰ এনে হোৱা দেখা যায়৷ বংশগত: পুৰুষসকলৰ এক বিশেষ ধৰণে চুলি সৰে (প্ৰথমে কপালৰ ফালে চুলি সৰে আৰু লাহে লাহে তালুৰ ফাললৈ গতি কৰে৷ বহুলোকৰ এই কাৰ্য্য কম বয়সতে আৰম্ভ হব পাৰে৷ তিনিটা কাৰণৰ বাবে এনে হব পাৰে৷ বংশগত, হৰম’ন আৰু বয়স বঢ়াৰ বাবে৷ মহিলাসকলৰ চুলি তালুৰ পৰা সৰিবলৈ আৰম্ভ কৰে৷ লক্ষণ দৈনিক ৫০ৰ পৰা ১০০ ডাল চুলি সৰাটো স্বাভাবিক কথা৷ ইয়াতকৈ বেছি চুলি সৰিলে চিন্তাৰ কাৰণ৷ কেনেকৈ চুলিসৰা বন্ধ কৰিব পাৰি? দেহৰ বাবে প্ৰয়োজনীয় খাদ্য সঠিকভাবে গ্ৰহণ, চুলিত উপযুক্ত তেল, চাবোন, চেম্পু আদি ব্যৱহাৰ কৰিলে, চুলি সৰা বন্ধ কৰা ঔষধ আদি গ্ৰহণ কৰি চুলি সৰাটো কিছু পৰিমাণে কমাব পাৰি৷ ভেকুৰৰ সংক্ৰমণ হ’লে চুলি পৰিষ্কাৰ কৰি ৰাখিব লাগে৷ এনে হোৱা লোকৰ ফণি, টুপি আদি ব্যৱহাৰ কৰিব নালাগে৷ বংশগতভাবে সৰা চুলিৰ ক্ষেত্ৰত উপযুক্ত চিকিত্সা কৰিব পাৰি৷ উৎস: আইএনডিজি দল।