চমু বিৱৰণ: এজমা হ’ল এবিধ শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা, বহুদিনীয়া, পুৰণি কষ্টদায়ক ৰোগ। এই ৰোগৰ ফলত ৰোগীয়ে শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ উপৰি বেছিকৈ কফ বা খেকাৰ ওলায়। চিকিৎসা বিজ্ঞানত এই ৰোগক অতি বেছি কফ জমা হোৱা, শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা এবিধ ৰোগ বুলি কোৱা হয়। কাৰণঃ এজমা ৰোগৰ প্ৰধান কাৰণ হ’ল ৰোগীৰ শ্বাস-প্ৰশ্বাস গ্ৰহণৰ ক্ষেত্ৰত থকা জন্মগত আসোঁৱাহ আৰু ইয়াৰ সৈতে পৰিৱেশৰ প্ৰভাৱ। এজমা ৰোগৰ ক্ষেত্ৰত আটাইতকৈ বিপজ্জনক কথাটো হ’ল মুকলিত বেছিকৈ ঘূৰা-ফুৰা কৰা, ঘৰৰ তুলি, কাৰ্পেট আদিৰ ধূলি-বালি বা অন্য এলাৰ্জী নাকেৰে সোমোৱা, মেকুৰী, পইতাচোৰা আদিৰ পৰা সংক্ৰমণ হোৱা এলাৰ্জী ইত্যাদি। ঠাণ্ডা বতৰ, অতি বেছি আৱেগিক মুহূৰ্ত অথবা শাৰীৰিক ব্যায়ামৰ বাবেও এজমা ৰোগ বেছি হ’ব পাৰে। এজমা ৰোগৰ কেতবোৰ বিপজ্জনক কথা- পৰিয়ালত পূৰ্বতে কোনোবাই এই ৰোগত আক্ৰান্ত হ’লে। এলাৰ্জীৰ বাবে জ্বৰ হ’লে। শৈশৱত শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ ৰোগত আক্ৰান্ত হ’লে। মেদ বহুলতা। আৰ্থ-সামাজিক ক্ষেত্ৰত দুৰ্বল হ’লে। লক্ষণঃ এজমা ৰোগৰ লক্ষণ প্ৰথমে কমকৈ হাঁচি অহাৰ পাছত ক্ৰমাৎ বিপজ্জনকভাৱে হাঁচি অহা, এই পৰিস্থিতিক ষ্টেটাছ এজমেটিকছ বুলি কোৱা হয়। এজমা ৰোগৰ আক্ৰমণ হঠাৎ হয়। শেষ নিশা বা পুৱতি নিশা ইয়াৰ আক্ৰমণ বেছি হয়। এই সময়ত উশাহ লোৱাত কষ্ট হোৱাৰ লগতে অস্বস্তি লগা, হাঁচি অহা, মুকলিৰ বায়ু গ্ৰহণৰ বাবে প্ৰৱল ইচ্ছা জাগা আদি দেখা যায়। চিকিৎসাঃ হোমিঅ’পেথিক পদ্ধতিত ইয়াৰ লক্ষণ ভিত্তিক চিকিৎসা কৰা হয়। এইচ আই এন আই সাধাৰণতে ছোৱাইন ফ্লু বুলিহে জনা যায়। এই ৰোগৰ ভাইৰাছ চিনাক্ত কৰা টান বাবে সেয়ে লক্ষণৰ ওপৰত ভিত্তি কৰিয়ে চিকিৎসা কৰা হয়। উৎসঃ অসমীয়া খবৰ