এয়া শীত। শীতৰ দিনকেইটাত জলবায়ুত আৰ্দ্ৰতা কম থাকে। শীতল শুকান বতাহে হাত-ভৰিৰ ছাল শুকান কৰি তোলে। ছাল ফটা সমস্যাৰো সৃষ্টি হয়। নিয়মিত যতনৰ দ্বাৰা এনেবোৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। আগবঢ়াইছো কেইটামান টিপছ- শীতৰ দিনকেইটাত গা-ধোৱাৰ পূৰ্বে জলফাই তেল আৰু বাদাম তেল সমপৰিমাণে মিহলাই ল’ব। হাত-ভৰিৰ ছালত লগাই মালিচ কৰিব। ২০ মিনিটৰ পাছত ধুব। দৈনিক গা-ধোৱাৰ পাছত হাত-ভৰিৰ ছালত ডিপ মইশ্বাৰাইজাৰ লগাব। ভৰিত কপাহী সূতাৰ কোমল মোজা পিন্ধি থাকিব। দুটা পকা কল, গাখীৰৰ ক্ৰীম আৰু নাৰিকলৰ তেল একেলগে লৈ মিক্সিত পেষ্ট তৈয়াৰ কৰি ল’ব। হাত-ভৰিৰ ছালত লগাই ২০ মিনিটৰ পাছত কুহুমীয়া পানীৰে ধুই পেলাব। সপ্তাহত এবাৰকৈ কৰিলেও সুফল পাব। হাত-ভৰিৰ ছালত জমা হোৱা মৃত কোষ নাইকিয়া কৰিবলৈ দুচামুচ ঘেঁহুৰ গুড়ি, গাখীৰ আৰু গ্লিচাৰিন একেলগে মিহলাই হাত-ভৰিৰ ছালত লগাই আঙুলিৰে ঘঁহি ঘঁহি মালিচ কৰিব। ১৫ মিনিটৰ পাছত কুহুমীয়া পানীৰে ধুই পেলাব। এই সময়ছোৱাত হাত-ভৰিৰ ছালৰ সৌন্দৰ্যৰ বাবে বিউটি ক্লিনিকত প্ৰতি দুসপ্তাহত এবাৰকৈ হেণ্ড আৰু ফুট স্পা কৰক। (উৎসঃ অসমীয়া খবৰ, মালা মহন্ত ভূঞা, অধ্যক্ষ, ইমাজিক বিউটী ক্লিনিক, ৰাজগড় ৰোড, গুৱাহাটী-৩)।