চকুযুৰি উজ্বল কৰি ৰাখিবলৈ হ’লে বাৰে বাৰে চকুত ঠাণ্ডা পানী ছটিয়াব। মাজে মাজে গোলাপজল মিহলোৱা পানীৰে চকুযুৰি ধুব। চকুৰ গুৰি ক’লা পৰিলে প্ৰচুৰ পৰিমাণে পানী খাব। ৰাতি টোপনি খতি নকৰিব আৰু ৫ মিনিটমান তিয়হৰ ৰস চকুৰ গুৰিত লগাই থ’ব। চকুৰ চাৰিওফালে বলিৰেখা হ’লে দেখিবলৈ বেয়া লাগে। তেনে অৱস্থাত লেঁচা আলু থেতেলিয়াই বলিৰেখাৰ ওপৰত লগাই থৈ ২০/২৫ মিনিট সময় ওপৰ মুৱাকৈ শুই থাকক। নিয়মিতভাৱে কিছুদিনলৈ এই নিয়ম চলাই থাকিলে ৰেখাবোৰ নোহোৱা হ’ব। পাওৰুটী বা লোফ এটুকুৰাৰ চাৰিওকাষে কাটি পেলাই দি ভিতৰৰ কোমল অংশখিনি সামান্য গৰম গাখীৰত ভিজাই এখন পাতল কাপোৰত বান্ধি পেলাওক। এই কাপোৰৰ টোপোলাটি এতিয়া চকুৰ কাষৰ ৰেখাবোৰত লাহে লাহে বোলাই যাওক। এইদৰে কিছুদিন কৰিলে ৰেখাবোৰ নাইকিয়া হৈ যাব। চকুৰ পতা ঘন আৰু দীঘল কৰিবলৈ হ’লে সদায় ৰাতি শোৱাৰ আগতে চকুৰ পতাত কেইটোপালমান ‘কেষ্টৰ অইল’ বা নাৰিকলৰ তেল লগাব। এইদৰে কিছুদিন কৰাৰ ফলত উপকাৰ পাব। মাজে মাজে ভিটামিন ‘এ’, কেলচিয়াম জাতীয় ঔষধ আৰু ফল খাব। দুয়ো চকুৰ পতাৰ ওপৰত তিয়হৰ ঘূৰণীয়াকৈ কটা টুকুৰা বা ঠাণ্ডা পানীত ভিজোৱা তুলা দি ওপৰমুৱাকৈ ২০ মিনিট শুই থাকক। চকু উজ্জ্বল আৰু সতেজ হ’ব। চকু ভালে ৰাখিবলৈ কেইটা মান ব্যায়াম (ক) চকু এবাৰ সোঁফালে, এবাৰ বাওঁফালে, চক্ৰাকাৰে ঘূৰাওক। কিছুসময় বিশ্ৰাম লৈ পুনৰ একেদৰে ঘূৰাওক। (খ) ১০ বাৰ মান সঘনাই দ্ৰুতগতিত চকু জপোৱা আৰু মেলা কৰক। (গ) খুউব ডাঙৰকৈ ডাঙৰকৈ চকুযুৰি মেলক আৰু আকৌ লাহে লাহে বন্ধ কৰক। এনেদৰে ১০ বাৰমান কৰক। হিঙচে শাক চকুৰ কাৰণে ভাল। এই শাক প্ৰায়েই খাই থাকিব লাগে। পিঁয়াজ মিহলাই এই শাকৰ ‘চুপ’ তৈয়াৰ কৰি নিতৌ খালে টনিকৰ নিচিনা কাম কৰে। মাজে মাজে চকুত এটোপালমান পিঁয়াজৰ ৰস দিয়া ভাল। গোটেই দিনটো লিখা-পঢ়া, অন্য পৰিশ্ৰম কৰিলেও চকুৰ গুৰি ক’লা পৰা দেখা যায়। ইয়াক দূৰ কৰিবলৈ চাহৰ বাবে সিজোৱা চাহপাতখিনি ব্যৱহাৰ কৰাৰ পিছত গাখীৰ নিদিয়া অৱস্থাত ফটাকানি এখনেৰে টোপোলা বান্ধি টোপোলাটো চকুৰ গুৰিত লগাকৈ হেঁচি হেঁচি ধৰিলে বেছ সজীৱ আৰু পৰিষ্কাৰ লাগিব। সেউজীয়া ৰঙটো চকুৰ বাবে বৰ উপকাৰী। অসমত গছ-গছনি ভৰা পাহাৰ, সেউজীয়া পথাৰৰ অভাৱ নাই। পুৱা শুই উঠি দূৰণিৰ সেউজীয়া গছ-গছনিৰ ফালে কিছুপৰ চাই থাকিব। চকুৰ বাবে ভিটামিন ‘এ’ৰ বিশেষ প্ৰয়োজন। সেয়েহে গাখীৰ আৰু গাখীৰৰ তৈয়াৰী সকলো বস্তু, বিট্, গাজৰ, সেউজীয়া শাক-পাচলি, নেমু জাতীয় ফল বেছিকৈ খাব। চকুৰ চাৰিওফালে হোৱা ক’লা দাগ আঁতৰাবলৈ হ’লে ‘আলমণ্ড অইল’ বা ‘অলিভ অইল’ সামান্যকৈ গৰম কৰি দুটোপালমান চকুৰ চাৰিওফালে নিতৌ ৰাতি শোৱাৰ আগতে মালিচ কৰি শুব; চকুৰ তলৰ কোঁচখোৱা ছালখনে সজীৱতা লাভ কৰিব। উৎস: ইন্টাৰনেট।