এলাৰ্জি চিনাক্তকৰণ স্কিন প্ৰিকটেষ্টঃ এই ব্যৱস্থাত যিবিধ পদাৰ্থৰ বাবে এলাৰ্জি পৰীক্ষা কৰা হয় সেই পদাৰ্থবিধ পাতল কৰি এক ড্ৰপ হাতৰ ছালৰ ওপৰত দি বীজাণুমুক্ত লেন্সেটেৰে ঠাই টুকুৰাত বিন্ধাই দিয়া হয়। যদিহে পৰীক্ষা ধনাত্মক হ’ব লাগে, তেন্তে ঠাইডোখৰ ১০ মিনিট পিচতে ঋণাত্মক কণ্ট্ৰ’লতকৈ ২ মিঃ মিঃ বেছিকৈ ফুলি উঠিব লাগিব। পৰীক্ষা কৰাৰ দুই দিনমান আগৰ পৰাই যদি এণ্টি হিষ্টামিন দৰব খাই থাকে, বন্ধ কৰিব লাগিব। নিৰ্দিষ্ট IgE test (Specific IgE test)ঃ এই ব্যৱস্থাত পদাৰ্থবিধে সৃষ্টি কৰা নিৰ্দিষ্ট IgE বিধ পৰীক্ষা কৰা হয়। ইয়াৰ সুবিধা হ’ল যে ছালৰ্ ৰোগতো ইয়াক চাব পাৰি। আনহাতে এনাফাইলেক্সিছ হৈ মৃত ব্যক্তিৰ পোষ্টমৰ্টেম কৰিও এই পৰীক্ষাৰ দ্বাৰা এলাৰ্জি সৃষ্টি কৰা পদাৰ্থবিধ থিৰাং কৰিব পাৰি। চেলেঞ্জ টেষ্টঃ এই ব্যৱস্থাত এলাৰ্জি সৃষ্টি কৰা দ্ৰব্যবিধ পাতলকৈ চিকিৎসকৰ তত্বাৱধানত সংস্পৰ্ষ দিয়া হয়। Mast cell tryptase এলাৰ্জিৰ সৃষ্টি হ’লে Mast cell বোৰে কেইবাটাও ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে। ইয়াৰ কিছুমান ২-৩ ঘণ্টা থাকে। ট্ৰিপ্টেজ প্ৰায় ২৪ ঘণ্টা থাকে। চিকিৎসা-প্ৰতিৰোধ এলাৰ্জি সৃষ্টি কৰিব পৰা পদাৰ্থৰ পৰা আঁতৰত থাকিব লাগে। বৃত্তি বিশেষজ্ঞ আৰু খাদ্য বিশেষজ্ঞৰ পৰামৰ্শ্ লৈ, সেইমতে বৃত্তি ঠিক কৰি ল’ব লাগে আৰু খাদ্য খাব লাগে। অৰ্থাৎ যিবোৰ ব্যক্তিৰ যিটো বৃত্তিত পদাৰ্থৰ সংস্পৰ্শ পাই এলাৰ্জি হয়, তেনে বৃত্তি এৰিব লাগে। চিকিৎসকৰ পৰামৰ্শ মতে Antihistamine (Long acting) আৰু Non sedative দৰব গ্ৰহণ কৰিব পাৰি। তদুপৰি চিকিৎসকে ক’লে ষ্টেৰইড, ছ’ডিয়াম ক্ৰমোগ্লাইকেট আদি নাকেৰে সেৱন কৰি এজমা, ৰবাইনাইটিছ আদি প্ৰতিৰোধ কৰিব পাৰি। চিকিৎসকৰ তত্বাৱধানত এণ্টিজেন নিৰ্দিষ্ট ইমুন থেৰাপি (এই ব্যৱস্থাত এলাৰ্জি সৃষ্টি কৰা পদাৰ্থবিধ dilute কৰি দীৰ্ঘদিন সংস্পৰ্শ দিয়া) আৰু Mast cell ষ্টেবিলাইজ কৰি ৰাসায়নিক দ্ৰব্য নিৰ্গমণ নকৰাৰ বাবে Omalizumab দৰব ল’ব পাৰি। আগতীয়াকৈ এড্ৰিনেলিন বেজী লৈও এলাৰ্জি প্ৰতিৰোধ কৰিব পাৰি। এনাফাইলেক্সিছ, এজমাত যিহেতু জৰূৰীকালীন চিকিৎসা লাগে, সেয়েহে ৰক্তচাপ নিয়ন্ত্ৰণ, অক্সিজেন যোগান আদি তততৈয়াকৈ হ’ব লাগে। লিখকঃ ডা: ধৰ্মকান্ত কুম্ভকাৰ