কিলাকুটিটো খহটা যেন লাগিলে নেমু ৰসত এচিকুট নিমখ বা চেনি লৈ মোহাৰিলে মৃসণ হৈ পৰিব। অলিভ অইলৰ লগত নিমখ মিহি কৰি বটি লৈ মালিচ কৰি কুহুমীয়া পানীৰে ধুই শুকান টাৱেলেৰে মোহাৰি মুখত ঘঁহা ক্ৰীম সানক। এনেদৰে এসপ্তাহমান কৰিলে নিমজ আৰু উজ্জ্বল হ’ব। অলপমান মুখত ঘঁহা ক্ৰীম, কেইটোপালমান নেমুৰ ৰস, গ্লিচাৰিণ আৰু পিহা বাদাম কিলাকুটিটোত ঘঁহিলে ঠাইডোখৰ সুন্দৰ হৈ পৰিব। পিউমিক ষ্টোনেৰে কিলাকুটিটো লাহে লাহে ঘঁহি কুহুমীয়া পানীৰে ধুই পেলাব লাগে। তাৰ পিছত কুহুমীয়া গৰম তেলেৰে মালিচ কৰিলে ক’লা দাগ আঁতৰ হোৱাৰ লগতে খহটা ভাবো নোহোৱা হ’ব। পকা কল, সিজোৱা আলু, বিলাহীৰ ৰসেৰে পেক বনাই লগাই, পিছত গ্লিচাৰিনেৰে কিলাকুটিটো পৰিষ্কাৰ কৰিলে ক’লা আৰু খচখচিয়া ভাৱ দূৰ হ’ব। আটা বা ময়দা, গাখীৰৰ সৰ মৌৰ লগত মিহলাই কিলাকুটিত লেপ লগাই আধা ঘণ্টা পিছত কুহুমীয়া পানীৰে ধুই পেলাব। তাৰ পিছত মইশ্বাৰাইজাৰ লগালে পাৰ্থক্য নিজে ধৰিব পাৰিব। লেখিকা: ললিতা শৰ্মা লহকৰ, দৈনিক অসম।