আমি বহুতে মেক আপ কৰাৰ আগতে এটা কথা সদায় পাহৰি যাও, সেইটো হ’ল মুখখন ভালকৈ পৰিষ্কাৰ কৰা। গৰমৰ দিনত তেলেতীয়া ছালৰ গৰাকীৰ বাবে ক্লিনজিং হ’ল খুব প্ৰয়োজনীয় কাম। কাৰণ অইন বতৰতকৈ তুলনামূলকভাৱে গৰমৰ দিনত বেছি তেল আৰু ঘাম ওলায়। গতিকে ভাল ব্ৰেণ্ডৰ তেলবিহীন ক্লিনজাৰ আৰু ট’নাৰ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। প্ৰত্যেক ছালৰ গৰাকীকে ময়শ্বাৰাইজাৰৰ দৰকাৰ। বহুতে তৈলাক্ত ছালত ঘাম ওলায় বাবে একো ময়শ্বাৰাইজাৰেই গৰমৰ দিনত ব্যৱহাৰ নকৰে। তৈলাক্ত ছালত তেল নোলাবলৈ ভাল ব্ৰেণ্ডৰ তেলবিহীন ময়শ্বাৰাইজাৰ ব্যৱহাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয়। ফাউণ্ডেচন ব্যৱহাৰ কৰাৰ আগতে গৰমৰ দিনত প্ৰাইমাৰ চকু আৰু মুখত লগাবলৈ নাপাহৰিব। প্ৰাইমাৰে মেকআপ বহু দেৰিলৈ থকাত সহায় কৰে। মেকআপটো দীৰ্ঘস্থায়ী হয়। এইবাৰ হ’ল পাউদাৰ। পাউদাৰে এটা মেটফিনিছ লুক দিয়ে। যেনেকৈ ময়শ্বাৰাইজাৰ তেলবিহীন লোৱা হয়, সেই একে ধৰণে গৰমৰ দিনত পাউদাৰৰ অৰ্থাৎ কমপেক্ট পাউদাৰৰ তেলবিহীন ব্যৱহাৰ কৰিব। বজাৰত এয়া উপলব্ধ। গৰমৰ দিনত কোনো ধৰণৰ হাইলাইটাৰ ব্যৱহাৰ নকৰিব। যাৰ ছাল তৈলাক্ত, তেওঁলোকৰ এনেয়ো তেল ওলাই ছালখনত প্ৰাকৃতিক উজ্জ্বলতা আনি দিয়ে। গতিকে ছালৰ গৰাকীয়ে গৰমত ব্যৱহাৰ নকৰাটোৱে ভাল। গৰমৰ দিনত তেলেতীয়া ভাব কমাবলৈ বা মেটলুক দিবলৈ ব্লটিং পেপাৰে খুব গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই পেপাৰ বজাৰত সহজে উপলব্ধ। ক্লিন এণ্ড ক্লিন, নেট্ৰ’জেনো এইবোৰ ব্ৰেণ্ডৰ ব্লটিং পেপাৰ ল’ব পাৰে। এই পেপাৰে অতিৰিক্ত তেল নিৰ্মূল কৰে। য’ত তেল ওলায়, তাত এই পেপাৰেৰে লাহেকৈ হেচুঁকি দিলে তেলখিনি শুহি আনে আৰু সতেজ লুক দিয়ে। লেখিকা: কল্যাণী বৰ্মন, সম্ভাৰ।