কেঁচা আম এটা এক লিটাৰমান পানীত সিজাই অকণমান তাল মিছিৰি দি এটা বটলত থৈ দিব। ঠাণ্ডা হোৱাৰ পিছত দিনটোত অলপ অলপকৈ খাই থাকিব। শৰীৰ শীতল কৰি ৰাখিব।

ৰঙা জলকীয়া, চীজ, ক্ৰীম আৰু দৈত পিত্ত বাঢ়ে। গতিকে এনে খাদ্যৰ পৰা বিৰত থকাই ভাল।

খুব বেছি নিমখীয়া খাদ্যই শৰীৰত পানীৰ পৰিমাণ কমায়। ফলত ছাল আৰু চুলি খুব শুকান হয়। চুলিৰ আগ ফাটে। চকুৰ গুৰি ক’লা পৰে। ছালত ক’লা চামনি পৰে। যাক আমি ‘ফ্লিক্ছ’ বুলি কওঁ।

জ্বলা খাদ্যৰ ভিতৰত আদা, জালুক-জিৰা, ডালচেনি খালে অপকাৰ নকৰে। ই দেহৰ বিষ অৰ্থাৎ টক্সিন নাশ কৰে। চুলি সৰা কমে, শালমইনা কমে।

গৰম চাহ, কফি, খোৱাৰ সলনি ঠাণ্ডা চাহ খাব পাৰি।

মিঠা, তিতা, কেঁহা আদি খাব লাগে।

সূৰ্যমুখী ফুলৰ গুটি, নাৰিকল তেল, নৰসিংহৰ পাত আদিয়ে শৰীৰৰ গৰম নাশ কৰে।

চেৰী, প্লাম, আঙুৰ, আনাৰস, লিচু, আম, পদিনা, সেউজীয়া শাক-পাচলি নিয়মিত খাব লাগে।

ৰাতি শোৱাৰ আগেয়ে নিয়মীয়াকৈ এগিলাছ নাৰিকলৰ পানী খালে ছালৰ দাগ আঁতৰি যায়। যদি দাগ আছে গালত বা শৰীৰত, তেন্তে প্ৰায় এবছৰ সদায় ৰাতি এদিনো বাদ নিদিয়াকৈ খালে ছালৰ উজ্জ্বলতা বাঢ়ে আৰু দাগবিহীন ছালৰ অধিকাৰী হ’ব পাৰি।

সদায় সময়মতে খাদ্য খাব লাগে।

বাহিৰলৈ যোৱাৰ আগেয়ে সদায় এগিলাছ নেমুৰ চৰবত খালে ছালখন শুকান নহয় আৰু ৰ’দে ক্ষতি কৰিব নোৱাৰে।

এই সময়ত প্লাম আৰু জাম খাব লাগে। ই এণ্টি এক্সিডেণ্ট, ছাল সতেজ কৰে।

নাৰিকলৰ পানী আৰু পানী সমানে মিলাই জিৰা কেইটামান নৰসিংহৰ পাত আৰু সৈন্ধৱ নিমখ মিহলাই খালে শৰীৰ আৰু মনক শীতল কৰি ৰাখে। চুলি নপকে। উফি নহয়, চুলিৰ গুড়ি সবল হয়।

তেঁতেলিৰ পানী সিজাই দুটামান নৰসিংহৰ পাত আৰু সৰিয়হ ফোৰণ দি খাব। ই ছালক সতেজ আৰু মৃসণ কৰি ৰাখে।

চফগুটি সিজাই ঠাণ্ডা কৰি পুৱা খালে ঘামচি নহয়। দেহৰ গৰম আঁতৰে। ছালত খজুৱতিও নহয়। এয়া খালে শৰীৰৰ পৰা ঘামৰ মাজেৰে পটাছিয়াম আৰু মেগনেছিয়াম ওলাই যায়।

পুৱা ছালকুঁৱৰীৰ ৰস আৰু আমলখিৰ ৰস নিয়মিত খালে ছাল শোটোৰা নহয়। দেহ শীতল হৈ থাকে। চুলি নসৰে, চুলি নপকে, চুলি নাফাটে, ছালত দাগ নহয়, শালমইনা নহয়, চকুৰ গুৰি ক’লা নপৰে।

অৰিয়েণ্টেল পৰিষ্কাৰক ব্যৱহাৰ কৰিব পাৰে। তাৰ বাবে দুকাপ তিল, প্ৰয়োজন অনুসৰি মৌ আৰু এমুঠি পদিনাৰ পাত মিলাই মিক্সিত পেষ্ট কৰি গোটেই শৰীৰত ঘঁহি ঘঁহি লগাব। প্ৰায় ৩০ মিনিট থকাৰ পাছত ধুই দিব। ফলত ছালৰ ৰং উজ্জ্বল হ’ব।

নেমুৰ ৰসত হালধি আৰু চেনি মিহলাই গোটেই গাত ঘঁহি ঘঁহি ধুই দিলে ছালখন বগা আৰু মিহি হয়। শালমইনা বা ধূলিৰ এলাৰ্জী নহয়। হালধিয়ে বীজাণু নাশ কৰে আৰু ছালক বগা কৰে। চেনিয়ে নোমছিদ্ৰসমূহ পৰিষ্কাৰ কৰি স্ক্ৰাৱৰ কাম কৰে। নেমু ৰসত ভিটামিন ‘চি’ থকাৰ বাবে ছালখন বগা আৰু মিহি কৰে। এইকেইদিন এণ্টিনেন, মেলানিন ফেচিয়েল কৰি ছালক উজ্জ্বল কৰি ৰাখিব লাগে।

ছালৰ উজ্জ্বলতা আৰু মৃসণতা বঢ়াবলৈ পুৱা-গধূলি যোগাসন কৰিব লাগে। ই কেৱল ছালৰ উজ্জ্বলতা বঢ়ায়, এনে নহয়, ছালত গ্লোও দিয়ে। শৰীৰৰ বেমাৰ নাশ কৰে।

লেখিকা: ভানু শৰ্মা, অসম বাণী।