গৰমৰ দিনত যিবোৰ মানুহৰ ছাল ৰঙা পৰে আৰু ঘামচিৰ সমস্যা বেছিকৈ হয়, তেওঁলোকে যিমান পাৰে ঠাণ্ডা ঠাইত থাকিব পাৰিলে ভাল। এদিন বা দুদিন এয়াৰ কণ্ডিশ্যণ্ড ঘৰত থাকি গা শীতল কৰিলেও ঘামচিৰ সমস্যা এৰাই চলিব পাৰি। গৰমৰ দিনত ঢিলা সাজ-পোচাক পিন্ধিব। যি ধৰণৰ সাজ-পোচাকে শৰীৰত ঘাম জমা হ’বলৈ নিদিয়ে আৰু ছালখন শুকুৱাই ৰাখে, তেনে পোছাকেই গৰমৰ দিনৰ কাৰণে বেছি উপযোগী। নাইলন আৰু পলিয়েষ্টাৰৰ পোছাক নিপিন্ধিব। ঢিলা কপাহী পোছাকেই আটাইতকৈ ভাল। গৰমৰ দিনত কোমল আৰু বেক্টেৰিয়ানাশক চাবোনেৰে গাটো ভালকৈ ধুব। গামোচাৰে ভালকৈ মচি গাটো শুকুৱাই পেলাব। গা ধোৱা পানীত কেইটেবুল চামুচমান বেকিং ছ’ডা মিহলাই ল’লেও ঘামচিৰ পৰা ৰক্ষা পোৱা যায়। ঢিলা পোছাক পিন্ধাৰ উপৰি গাত পাউডাৰ ছটিয়াব। ঘামচি নোহোৱা কৰিবলৈ আজিকালি বহুত ঔষধযুক্ত পাউডাৰ পোৱা যায়। সেইবোৰো যথেষ্ট উপকাৰী। ওজন কমাই ৰাখিব। শকত বা লোদোৰ-পোদোৰ হ’লে গাৰ পৰা বেছিকৈ ঘাম ওলায়। ছালৰ ভাঁজে ভাঁজে ঘামবোৰ জমা হয়, অৰ্থাত্ ছালখন সহজে শুকাব নোখোজে। শকত মানুহৰ গাৰ উত্তাপো বেছি হয় আৰু ফলত ঘামচি বেছি হয়। জিএনআৰচি স্বাস্থ্য।