ডিঙি আৰু গলধনৰ ছাল বৰ কোমল, অতি সহজেই কোঁচ খায় আৰু বলিৰেখা পৰে। ইয়াৰ যত্ন তলত দিয়া ধৰণে কৰিব পাৰি- নিয়মিতভাৱে ক্ৰীম ব্যৱহাৰ কৰক। ডিঙি আৰু গলধন ধোওঁতে বৰ জোৰেৰে নঘঁহিব, তাৰ পৰিৱৰ্তে ভাল কোম্পানীৰ ক্লিনজিং মিল্ক ব্যৱহাৰ কৰিব পাৰে। ডিঙি আৰু গলধন শুৱনিকৈ ৰাখিবলৈ হ’লে কান্ধটো চিধা ৰাখি ডিঙিটো এবাৰ আগফালে, এবাৰ সোঁফালে, এবাৰ বাওঁফালে, এবাৰ পাছফালে এনেদৰে হলাই ৬/৭ বাৰমান কৰিব। সকলো সময়তে ডিঙি চিধাকৈ ৰাখি খোজ কাঢ়িব। ডিঙি তললৈ হলাই খোজকঢ়া অভ্যাস থাকিলে সোনকালে ডিঙি আৰু গলধনত বলিৰেখা পৰিব। ৰাতি শোৱাৰ আগতে প্ৰত্যেকদিন ‘বেবি অইল’ ডিঙি আৰু গলধনত মালিচ কৰিব। ই ডিঙি মিহি, কোমল আৰু উজ্জ্বল কৰে। উৎস: ইন্টাৰনেট।