কল যদি ছাল শুকান হয়, তেন্তে পকা কলৰ লগত পাউদাৰ গাখীৰ আৰু মৌ মিহলাই লৈ পাঁচ মিনিটমান থৈ দিয়াৰ পাছত লগাব লাগে। মুখত ১৫ মিনিটমান লগাই হাতেৰে ঘঁহি ঘঁহি ঠাণ্ডা পানীৰেই ধুই দিব লাগে। এই প্ৰলেপ সদায় লগাব পাৰে। ই পৰিষ্কাৰকৰণৰ কামো কৰে। বেছি শুকান ছাল আৰু যিসকলৰ থাইৰয়ড থাকে, তেওঁলোকে পকা কলৰ লগত মৌ আৰু গাখীৰৰ ক্ৰীম সমান পৰিমাণে মিহলাই লগালে অতি সোনকালে ছালৰ মৃসণতা ঘূৰাই পাব। কাৰণ কলত ভিটামিন বি, চি আৰু ই থাকে। ইয়াৰ মৃসণতাই ছালক কোমল, মিহি আৰু সতেজ কৰে। ছালৰ বৰণ বগা কৰে। আম পকা আমৰ লগত দৈৰ ওপৰত পৰা চামনি মিহলাই ছালত লগালে ছাল মিহি আৰু কোমল হয়। ছালৰ বৰণ বগা হয়। অমিতা যিসকলৰ শালমইনা থাকে আৰু শালমইনাৰ দাগ থাকি যায় তেওঁলোকে পকা অমিতা ধুই বাকলি এৰুৱাই ল’ব। সমান পৰিমাণত মিথি পাউদাৰ মিহলাই গোটেই মুখ, ডিঙি আৰু হাতত লগাব। ১৫ মিনিটৰ পাছত পানীৰেই ধুই দিব। পকা অমিতাত পাপেইন এনজাইম থাকে। ই ছালৰ বৰণ বগা কৰে। ছালৰ বেক্টেৰিয়া নাশ কৰে। ফলত শালমইনা নাইকিয়া হ’বলৈ লয় আৰু তাৰ দাগো কমি আহে। আঙুৰ তেলেতীয়া ছালৰ বাবে আঙুৰৰ ৰসো উত্তম। আঙুৰ ভালদৰে ধুই পিটিকি ল’ব। ইয়াৰ লগত মৌ মিহলাব। দুয়োটাৰ মিশ্ৰণ ছালত ১৫/২০ মিনিটমান লগাব। পাছত ঠাণ্ডা পানীৰে ধুই দিব। সদায় ব্যৱহাৰ কৰিলেও ছালৰ ক্ষতি নহয়। ইয়াক পৰিষ্কাৰকৰণৰ আহিলা হিচাপেও ব্যৱহাৰ কৰিব পাৰি। আনাৰস যিসকলৰ পিগমেণ্টেচনৰ দাগ থাকে তেওঁলোকে আনাৰসৰ ৰসৰ লগত দৈৰ পানী সমানে মিহলাই ল’ব। পাছত কপাহ তিয়াই অলপ চেপি মুখ, ডিঙি আৰু হাতত লগাব। এইদৰে দিনটোত দুবাৰকৈ লগালেও দাগৰ পৰিমাণ কমিব। কিন্তু পিগ্মেণ্টেচন আমাৰ শৰীৰৰ বিভিন্ন অসুবিধাৰ বাবেও হয়। এবাৰ ডাক্তৰৰ পৰামৰ্শ লৈ ভিতৰুৱা অসুবিধা দূৰ কৰাৰ বাবে চেষ্টা কৰিব। ষ্ট্ৰ’বেৰী ষ্ট্ৰ’বেৰী খুব বেছিকৈ অসমত পোৱা নাযায় যদিও শীতৰ দিনত শ্বিলঙৰ পৰা অসমলৈ ষ্ট্ৰ’বেৰী আহে। ষ্ট্ৰ’বেৰী হৈছে প্ৰাকৃতিক ব্লিচ। ইয়াত ছেলিচাইলিক এচিড থাকে। ই আমাৰ নোমছিদ্ৰসমূহ সৰু কৰে। বয়সৰ ছাপ কমায়। মুখৰ ক’লা দাগ আঁতৰাই বগা কৰে। ষ্ট্ৰ’বেৰী পাতলকৈ কাটি নাইবা পিটিকি মুখত লগাব পাৰে। ১৫ মিনিটমান লগাই ধুই দিব। ষ্ট্ৰ’বেৰী এণ্টি এক্সিডেণ্ট। ই আমাৰ মৃত কোষসমূহ পৰিষ্কাৰ কৰি পেলোৱাত সহায় কৰে। শালমইনাও নাইকিয়া কৰাত ই সহায় কৰে। ইয়াক খালে দাঁত বগা হয়। মুখৰ বেক্টেৰিয়া দূৰ হয়। মুখৰ দুৰ্গন্ধ নাশ কৰে। আপেল মুখৰ ছালত থকা অতিৰিক্ত তেল নাশ কৰাৰ বাবে এটা আপেল ৰুকি লৈ মৌৰ লগত নিতৌ লগাব। ছালৰ বৰণ বগা আৰু মিহি হ’ব। ছালৰ মৃসণতা বাঢ়িব। ছালত তেলেতীয়া ভাৱ নাথাকিব। কিৱি কিৱি যদিও অসমত পোৱা নাযায়, ইয়াক ব্যৱহাৰ কৰিও ছালৰ ৰং বগা কৰিব পাৰি। তৰমুজ তৰমুজৰ ৰস কপাহৰ দ্বাৰা ছালত ১৫ মিনিটমান লগাব। পাছত পানীৰেই ধুই দিব। ই আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে। ছাল সতেজ কৰি বগা কৰাত সহায় কৰে। ইয়াৰ লাইকোপেন (DLYCOPENE) থাকে। ফলত ছালক সূৰ্যৰ আল্ট্ৰা ভায়’লেট ৰে’ৰ পৰা ৰক্ষা কৰে। আটলছ আটলছৰ দ্বাৰা ছালৰ স্ক্ৰাব কৰিব পাৰি। আখৰোট আখৰোটৰ দ্বাৰা ছালৰ মৃত কোষ পৰিষ্কাৰ কৰিব পাৰি। লেখিকা: ভানু শৰ্মা, অসম বাণী।