কি ৰং ব্যৱহাৰ কৰা উচিত/অনুচিত আমি সদায় প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিব লাগে, যাৰ ফলত ফাকু খেলাৰ লগতে ছাল আৰু চুলিৰ স্বাস্থ্য ভালহে হয়। প্ৰাকৃতিক ফাকু নাথাকিলে বজাৰৰ অৰ্গেনিক ফাকুৰ পাউদাৰ কিনি আনিব লাগে। বজাৰৰ অৰ্গেনিক ৰণজ্ঞৰ ভিতৰত ৰঙা আৰু গুলপীয়া ৰংটো বেছিকৈ ব্যৱহাৰ কৰিব লাগে। এই ৰং আমাৰ ছালত লগালেও তৎক্ষণাৎ এৰি যায়। তদুপৰি ছালৰ কোনো ক্ষতি নকৰে। বেঙুনীয়া, হালধীয়া, কমলা, সেউজীয়া ৰংসমূহ ছালৰ বাবে অপকাৰী। ইয়াত অনিষ্টকাৰী ৰাসায়নিক দ্ৰব্য থাকে। এনে ৰঙৰ পৰা আতৰত থাকিব লাগে। ফাকুৰ ৰঙত সাধাৰণতে মাৰ্কিউৰিক অক্সাইড থাকে। সেউজীয়া, হালধীয়াত টক্সিন থকাৰ উপৰি কপাৰ ছালফেট থাকে। এনে ধৰণৰ অক্সাইড ৰঙৰ বাবে কাঁহ, হাপানী, খজুৱতি, ছাল ৰঙা পৰা, ছাল আৰু চুলি শুকান হোৱা দেখা যায়। ক’লা ৰং একেবাৰে লগাবই নালাগে। কাৰণ লিড থাকে। ফাকুৱাত কেনেধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা উচিত আগৰ দিনত মানুহে পূৰৈ শাকৰ গুড়িৰে খুব ফাকুৱা খেলিছিল। চন্দনৰ পাউদাৰ, জবা ফুলৰ পাউদাৰ বা ৰস, হালধিৰ পাউদাৰ আৰু নেমুৰ ৰস, বীটৰ ৰস, পলাশ ফুল সিজোৱা, নিম আৰু গেন্ধাই ফুল সিজোৱা, বেছন আৰু হালধিৰ পাউদাৰ, অপৰাজিতা ফুল আৰু প্ৰাকৃতিক সামগ্ৰীৰ দ্বাৰাও ফাকুৱা খেলিব পাৰি। হালধিৰ পাউদাৰ, টেলকম পাউদাৰ, নীলৰ গুড়িৰে খুব ফাকুৱা খেলিছিল। ফাকুৱা খেলাৰ পিচত কেৱল পানীৰেই মুখ, হাত, ভৰি ধুই লৈ পনীয়া চাবোন বা ফেচৱাশ্ব ব্যৱহাৰ কৰিব লাগে। তাৰ পিছত গাখীৰ, ক্ৰীম আৰু ওটমিল মিহলাই লগাই পাঁচ মিনিটৰ পিচত হাতেৰে ঘঁহি ধুই দিব লাগে। ফাকুৱাৰ পিচত লোৱা যতন গা ধোঁৱাৰ পিচত ময়শ্বাৰাইজাৰ বেছিকৈ লগাব লাগে। ফলত ছালখন কোমল আৰু সতেজ কৰে। চুলিত শ্বেম্পু কৰি ডীপ কণ্ডিচনাৰ কৰিব লাগে। পিচদিনা কণীৰ কুহুম তিনিটা, গাখীৰৰ ক্ৰীম, তিল, তেল বা অলিভ অইল মিহলাই ৪০ মিনিটৰ বাবে লগাব। এটা শ্বাৱাৰ ক্ৰীম লগাব। ফাকু খেলি থকাৰ সময়ত বাৰে বাৰে মুখখন ধুই থাকিব নালাগে। এনে কৰিলে মুখৰ ছাল এৰাই যোৱাৰ সম্ভাৱনা থাকে। তদুপৰি ছাল শুকান হৈ এলাৰ্জি হৈ ফুলি যাব পাৰে। ছালত যদি এলাৰ্জি থাকে কেতিয়াও ফাকুৱা খেলিব নালাগে। বিশেষকৈ খৰ, খজুৱতি থাকিলে। ফাকুৱা যিহেতু উৎসৱ, নিজেই ঘৰৰ ব্যক্তিসকলৰ লগত খেলিব। আনক আমনি নকৰিব। ই বৰ বিৰক্তিকৰ। আনক ৰং লগাই কাজিয়াৰ সৃষ্টি নকৰিব। প্ৰাকৃতিক সামগ্ৰীৰে ফাকু খেলি ফাকুৱা উৎসৱ আনন্দৰে উদযাপন কৰক। নিজে আনন্দ কৰি আনকো আনন্দ বিলাওক। ফাকুৱা খেলৰ আগতে কি কৰিব লাগে সদায় আমি ফাকুৱা খেলাৰ আগতে শৰীৰ, চুলি, মুখ, ডিঙি, হাতত নাৰিকল তেল বা ক্ৰীম ব্যৱহাৰ কৰিব লাগে। তাৰ ওপৰত ছানস্ক্ৰীণ লগাব লাগে। এনে সোমোৱাৰ সম্ভাৱনা নাথাকে। দীঘল চুলি হ’লে অলিভ অইল লগাই বেণী কৰি ৰাখিব লাগে। নখত সদায় বেছি ডাঠ ৰঙৰ নেইল পলিচ লগাব লাগে। চকুৰ ভিতৰত যাতে ফাকুৰ ৰং নালাগে তাৰ বাবে ছানগ্লাছ পিন্ধিব লাগে। চুলিখিনিত কেপ বা স্কাফ এখন টানকৈ বান্ধি ল’ব লাগে। ফাকুৱা খেলোতে ছানস্ক্ৰীন লগালে ছালত ৰাসায়নিক ক্ৰিয়া কম হয়। ক্ষতি নহয়। আমাৰ ওঁঠযুৰি ফাকুৱাৰ ৰঙৰ পৰা বচাবলৈ লিপষ্টিক ব্যৱহাৰ কৰিব লাগে। ওঁঠযুৰি ফটাৰ পৰা ৰক্ষা পৰিব। লেখিকা: ভানু শৰ্মা, সম্ভাৰ।