বগাচোম হ'ল একপ্ৰকাৰ সততে দেখা দিয়া চৰ্মৰোগ ৷ অসম আৰু উত্তৰপূৰ্বাঞ্চলৰ সেমেকা জলবায়ুৰ পৰিবেশত গীষ্মকালত বগাচোম বহুলোকৰ শৰীৰত দেখা যায় ৷ বগাচোম গ্ৰীষ্মপ্ৰধান দেশৰ ৰোগ হলেও জাতি ধৰ্ম নিৰ্বিচাৰে আন দেশৰ লোকৰো হোৱা দেখা যায় ৷ অলপতে এটি চিকিৎসা বিষয়ৰ প্ৰৱন্ধ পঢ়োতে পালোঁ - বিলাতত প্ৰতি ১০০জনৰ ভিতৰত এজনে বগাচোমত ভোগে ৷ ডাক্তৰী ভাষাত বগাচোমক টেনিয়া ভাৰচিকলাৰ বা পাইটাৰিঅ'চিচ ভাৰচিকলাৰ বোলে ৷

বগাচোমৰ লক্ষণসমূহ কি ?

গাত বিশেষকৈ ডিঙি,বুকু, পিঠি,কাষলতিৰ তল,পেট,কৰঙণ আৰু বাহুত পখৰাপখৰি দাগ হোৱা ৷
দাগসমূহৰ ৰঙ ছালৰ স্বাভাবিক ৰঙৰ তুলনাত ডাঠ বা পাতলো হব পাৰে ৷
সাধাৰণতে দাগসমূহ বগা, গুলপীয়া, ৰঙচুৱা, হালধীয়া-মুগা বৰণৰ হব পাৰে ৷
পোনতে দাগবিলাকৰ আকাৰ সৰু সৰু হয়, কিন্তু পিছলৈ দাগবোৰ একত্ৰহৈ বহল দেখা যাব পাৰে ৷
দাগবিলাকৰ স্পষ্ট সীমা দেখা যায় ৷
দাগবিলাক সামান্য ছাল এৰাব খোজাৰ নিচিনা (Scaly)৷
চৰ্মখন সাধাৰণতে শুকান হৈ থাকে ৷
কাচিৎ কাৰোবাৰ সেই অঞ্চলসমূহত খজুৱতি থাকিব পাৰে ৷
গ্ৰীষ্মকালত বগাচোমৰ লক্ষণসমূহ বৃদ্ধি পায় আৰু শীতকালত ৰোগৰ প্ৰাদূৰ্ভাৱ কমি যোৱা পৰিলক্ষিত হয় ৷

সংক্ৰমণশীলতা- এই ৰোগ এজনৰ পৰা আনজনলৈ বিয়পা সোঁচৰা ৰোগ নহয় ৷

বগাচোম কাৰ হয় ?

সাধাৰণতে কম বয়সৰ লোকৰ ( ১৫বছৰৰ পৰা ৩০বয়সৰ) বেচিকৈ হোৱা দেখা যায় ৷
বগাচোমত মহিলাৰ তুলনাত পুৰুষ বেচিকৈ আক্ৰান্ত হয় ৷
সকলো বৰণৰ ছালৰ বৰণৰ লোকৰে বগাচোম হব পাৰে ৷
বেচিকৈ ঘাম ওলোৱা (Hyperhydrosis) মানুহৰ বগাচোম বেচিকৈ হয় ৷
যাৰ ছাল বেচি তেলেতীয়া(oily) তেওঁৰ বগাচোম বেচিকৈ হয় ৷
বেচিকৈ গৰম পৰিবেশত কৰ্মৰত লোকৰ বগাচোম বেচিকৈ হয় ৷
দূৰ্বল শৰীৰৰ লোকৰ অৰ্থাৎ দেহৰ ৰোগ প্ৰতিৰোধ (ইমিউনিটি) কম থাকিলে বগাচোম বেচিকৈ হয় ৷

আনহাতে এই ৰোগ মুঠেই চিৰিয়াচ বা বিপদজনক নহয় ৷ তথাপিও ৰোগীয়ে চিন্তাগ্ৰস্ত হৈ পৰে ৷ মানসিকভাবে কোনোজন হতাশাত বা হীনমন্যতা বোধত ভোগে ৷

বগাচোম কিয় হয় ?

৯০শতাংশৰো অধিক মানুহৰ শৰীৰৰ ছালত স্বাভাবিকভাবে এবিধ ফাংগাছ বা ভেঁকুৰে বসতি কৰে – যাৰ নাম হ'ল Pityrosporum ovale ৷ আন এটা নাম হ'ল- Malassezia ৷ এই ভেঁকুৰৰ পৰা সাধাৰণতে মানুহৰএকো ক্ষতি নহয় ৷ কিন্তু আচম্বিতে একোজন ব্যক্তিৰ দেহত এইবিধ ভেঁকুৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে ৷ এইদৰে ভেঁকুৰৰ সংখ্যা বঢ়াৰ ফলত ছালত পৰিবৰ্তন ঘটি চকলা চকল দাগ উৎপন্ন হব ধৰে ৷ কিয় ভেঁকুৰৰএই অস্বাভাবিক আচৰণ আৰম্ভ হয় কোৱা টান ৷ বহু ক্ষেত্ৰত কৰ্মস্থলীৰ পৰিবেশ,শাৰীৰিক দূৰ্বলতা,ছাল তেলতেলীয়া হোৱা আৰু আভ্যন্তৰীন হৰমোনৰ প্ৰভাৱ আদিৰ ফলত এনে হব পাৰে বুলি ভবাৰ থল থাকে ৷

বগাচোমৰ চিনাক্তকৰণ :

এই ৰোগ তেনেই সহজে চিনাক্ত কৰিব পৰা যায় ৷ আলট্ৰাভায়োলেট-ৰেৰ ৰশ্মি পৰিলে বগাচোমৰ দাগবিলাক হালধীয়া-সেউজ বৰণৰহৈ জিলিকি উঠে ৷ সন্দেহ হোৱা ছালৰ অংশ আঁচুৰি(skin scraping) মাইক্ৰস্কোপত চালে ভেঁকুৰ দেখা যাব ৷

ভিটিলিগো (Vitiligo) বা ছালৰ বগা পৰা ৰোগৰ পৰা কেনেকৈ পৃথক কৰিব ?

ভিটিলিগোৰ শ্বেতদাগ সাধাৰণতে মুখমণ্ডল,চকু,আঙুলি, মণিবন্ধন,কৰঙণ আদিত বেচিকৈ হোৱা দেখা যায় ৷
ভিটিলিগোৰ শ্বেতদাগ সাধাৰণতে শৰীৰ দুয়ো দিশে সমানে (Bilaterally symmetrical ) হয় ৷
ভিটিলিগোৰ শ্বেতদাগৰ ছালৰ অংশ সদায় মিহি হৈ থাকে ৷

বগাচোমৰ চিকিৎসা :

সাধাৰণতে ইয়াৰ চিকিৎসা বৰ ফলপ্ৰসু হোৱা দেখা যায় ৷
বজাৰত চেম্পু, লোচন,মলম, ক্ৰিম,চাবন আৰু খোৱা টেবলেট পোৱা যায় ৷
কেনাজল শ্বেম্পু আৰু মলম বৰ উপকাৰী দেখা যায় ৷ দৈনিক ১০বা ১৫মিনিট সময় এবাৰকৈ এসপ্তাহ লগালেই ৰোগ আৰোগ্যৰ ফাললৈ আহে ৷
চেলেনিয়াম চাল্ফাইড শ্বেম্পু একেদৰে প্ৰয়োগ কৰিব পাৰি ৷
চিকিৎসকে সততে প্ৰয়োগ কৰা এন্টিফাংগেল টেবলেট কিছুমান হ'ল- ফ্লুকনাজল, ইট্ৰকনাজল,টাৰফিনড্ৰিন, গ্ৰাইচিয়'ফালভিন, মাইকোনাজল আদি ৷

বগাচোমৰ ৰোগীসকলে লবলগীয়া সতৰ্কতা-

চিকিৎসালৈ আৰোগ্য হোৱাৰ পিছত পুনৰাই নহবলৈ সাবধানে থকাতো বাঞ্চনীয় ৷
গমাৰ্ত হৈ নাথাকিব - ভিজা কাপোৰ পিন্ধি নাথাকিব ৷ চিন্থেটিক কাপোৰ পৰিহাৰ কৰি কপাহী কাপোৰ ব্যৱহাৰ কৰক ৷
সদায় যথেষ্ট পৰিমাণৰ পানী খাব - শৰীৰৰ বিষাক্ত দ্ৰব্য নিষ্কাষণত পানী অতি উপযোগী ৷ শৰীৰত ভিটামিন আৰুএন্টিঅক্সিডেন্টৰ অভাৱ নহবলৈ সেউজীয়া শাক-পাচলি আৰু ৰঙীন ফলমূল নিয়মীয়াকৈ গ্ৰহণ কৰক ৷ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে ৰোগ প্ৰতিৰোধ কৰা আপোনাৰ ইমিউন প্ৰণালী সবল থকাটো জৰুৰী কথা ৷

বগাচোমৰ গৃহ চিকিৎসা :

কেইটিমান সহজ ফলপ্ৰসু ঘৰুৱা চিকিৎসা হ'ল-

১-মহানিমৰ পাত - এমুঠি নিমপাত দুকাপ পানীত উতলাই চেচা কৰি বগাচোম হোৱা অংশত নিতৌ ১০মিনিট সময় এসপ্তাহলৈ লগাওক ৷ ইয়াৰ পৰিবৰ্তে কেঁচা নিমপাত মিক্সি বা খুন্দনাত মিহিকৈ পিচিলৈয়ো একেদৰে লগাব পাৰে ৷

২-এৰোভেৰা- এলোভেৰাৰ পাত মিক্সি বা খুন্দনাত মিহিকৈ পিচিলৈয়ো একেদৰে লগাব পাৰে ৷ এলোভেৰাত থকা চেলিচাইলিক এচিড, চালফাৰ, চিনামিক এচিড,ফেনল,য়ুৰিয়া আৰু নাইট্ৰজেনে ভেঁকুৰ বৃদ্ধি হবলৈ নিদিয়ে ৷ এৰোভেৰাত থকা ১৪কেডিএ (14kDa ) নামৰ প্ৰটিনে এন্টিফাংগেলৰ দৰে ক্ৰিয়া কৰে ৷

৩-বেকিং চোডা- বগাচোমত ছালৰ অৱস্থা বেচ এচিডিক হৈ পৰে ৷ চোডা খালে পেটৰ এচিডিটি কমাৰ ওপৰিও বগাচোম হ্ৰাস হব ধৰে ৷ খোৱাৰ পৰিবৰ্তে ব্ৰাছেৰে খচি খচি ছাল মাজিলৈ বেকিং পাউদাৰ গাত ৫৷১০মিনিট ঘঁহি গা ধুব লাগে ৷ এসপ্তাহমানত ফল দেখা যাব ৷

উৎস:ডা০ ভূপেন শইকীয়া