পোন প্ৰথমে ভিজা কপাহেৰে নখকেইটা ভালদৰে পৰিষ্কাৰকৈ মচি ল’ব। ইয়াৰ পিছত প্ৰয়োজন অনুসৰি আপুনি বিচৰামতে নখৰ শ্বেপ/আকৃতি প্ৰদান কৰিব। ক্ৰীম বা মৌৰে ভৰি দুখনত কিছু সময় মালিচ কৰাৰ পিছত চাবোন বা শ্বেম্পুৰ পানীত ভৰি দুখন কিছু সময় ডুবাই ৰাখিব। পাৰিলে এই পানীত গোলাপৰ পাহি বা নেমুৰ শ্লাইচ কেইটুকুৰামান দি ল’ব। এনেদৰে ডুবাই ৰখাৰ দহ মিনিটমানৰ পিচত ভৰিৰ নখ ব্ৰাছেৰে স্ক্ৰাব কৰিব আৰু পিচত ধুই পেলাব। যিসকলৰ গোৰোহা অত্যধিক ফাটে, তেওঁলোকে ফটা অংশত নেমু সানিলে গোৰোহা কোমল হয়। ইয়াৰ পিছত টাৱেলেৰে ভৰি দুখন মোহাৰি নখত আপোনাৰ ভাল লগা নেইল পলিচ ব্যৱহাৰ কৰক। ভৰিত সৃষ্টি হোৱা নখচুকীয়াৰ সমস্যা এটা ডাঙৰ সমস্যা। সাধাৰণতে নখত বোকা, বালি সোমাই থাকিলে বা নখ কটাৰ দোষত নতুবা জোতা ব্যৱহাৰ নকৰিলে ভৰিৰ নখৰ চুকত ঘা হ’ব পাৰে। এনে ঘাক সাধাৰণতে নখচুকীয়া বুলি কোৱা হয়। এই নখচুকীয়া হ’লে অত্যন্ত বিষ হয়। নখচুকীয়াৰ চিকিৎসা নিজে নকৰাই ভাল। চিকিৎসকক দেখুৱাব। সময়মতে চিকিৎসা নকৰালে নখচুকীয়া সংক্ৰমিত হৈ নখৰ সম্পূৰ্ণৰূপে ক্ষতি হ’ব পাৰে। তদুপৰি মনত ৰখা দৰকাৰ নখচুকীয়া নহ’বৰ কাৰণে সকলো সময়তে কোণীয়াকৈ ভৰিৰ নখ নাকাটি পোন কৰি কাটিব। কোণীয়াকৈ বা গোল কৰি কাটিলে নখৰ কোণ বা চুক ডাঙৰ হৈ উঠে আৰু তাত ধূলি, বালি লাগি তীব্ৰ বিষৰ সৃষ্টি হয়। উৎস: অসমীয়া প্ৰতিদিন।