মুখখনক লৈ মানুহৰ চেনেহ-যতনৰ অন্ত নাই। ব্যক্তিত্ব আৰু সৌন্দৰ্যক উজলাই তোলাত মুখনৰ গুৰুত্ব অপৰিসীম। ৰ’দত ক’লা, লাজত ৰঙা মুখখনহে পৰে। শৰীৰৰ আন অংশৰ তুলনাত মুখৰ ছালখন মিহি আৰু পাতল। ছেবাছিয়াছ গ্ৰন্থিৰ ঘনত্বও মুখত সৰ্বাধিক। দাড়ি-গোঁফৰ অৱস্থিতিও মুখমণ্ডলত প্ৰকট। তেনেকৈ উন্মুক্ত অংগ বাবে তাপ আৰু বতাহৰ ভৰটোও মুখখনেই সহিব লগা হয়। ফলত মুখণ্ডলত কেতবোৰ ছালৰ সমস্যা সঘনাই দেখা দিয়ে। মেলজমা গাল দুখনত দেখা দিয়া ক’লা বা মুগা বৰণীয়া দাগে মুখৰ সৌন্দৰ্য ম্লান কৰে। এইবোৰক কোৱা হয় মেলজমা। বিশেষকৈ মধ্যবয়স্কৰ মহিলা তথা অধিক ৰ’দত কটোৱা মানুহৰ মুখত এনে দাগ সহজলভ্য। কেতয়াবা কপাল বা চেলাউৰিৰ ওপৰতো এনে দাগ পৰে। বহিত্বকত থকা মেলান’চাইট নামৰ কোষবোৰৰ পৰা অত্যধিক হাৰত নিৰ্গত হোৱা মেলানিন নামৰ পদাৰ্থ ছালত জমা হৈ এনে দাগ কৰে। এই প্ৰক্ৰিয়াক ৰ’দৰ পোহৰক আন কৃত্ৰিম ৰশ্মিত থকা অতি বেঙুনীয়া পোহৰে তীব্ৰতৰ কৰে। বহু লোকে ভবাৰ দৰে এনে দাগ যকৃতৰ ৰোগৰ ফলত নহয়। গৰ্ভাৱস্থাত এনে দাগ প্ৰায়ে দেখা যায়। যাক কোৱা হয় ক্লোৱাজমা (chloasma)। প্ৰসৱৰ পাছত এনে দাগ লাহে লাহে নোহোৱা হ’বগৈ যদিও কেতিয়াবা দীৰ্ঘস্থায়ী হয়। চেনি পৰা বা Freckles নামৰ সমস্যাবিধ জিনীয় কাৰকৰ দ্বাৰা নিৰ্ধাৰণ হয়। কৈশোৰ বা প্ৰাক্ যৌৱনাৱস্থাৰ পৰা মুখত সৰু সৰু ঈষৎ ৰঙচুৱা দাগ সৃষ্টি হয় আৰু সময়ৰ সৈতে সংখ্যা, আকাৰ আৰু গাঢ়তা বৃদ্ধি পায়। যিকোনো দাগৰ সমস্যা ৰোধৰ আমাৰ প্ৰধান কাম হ’ল – অত্যধিক ৰ’দ আৰু ৰশ্মিৰ পৰা মুখৰ ছালখনক সুৰক্ষিত কৰা। পৰিত্ৰাণ পোৱাৰ উপায় পুৱা ৯ বজাৰ পৰা ২ বজালৈ সূৰ্যৰ পোহৰত ‘ক’ শ্ৰেণীৰ অতি বেঙুনীয়া ৰশ্মিৰ তীব্ৰতা অধিকতম হয়, যিবোৰ ৰশ্মি মুখত পৰা দাগৰ মূল কাৰক। এই সময়ত আমি সাৱধান হোৱা যুগুত। ছাতি, ওৰণি, বহল টুপী, হেলমেট, ছানগ্ৰাছ পৰিধান কৰাটো প্ৰয়োজনীয়। পোন্ধৰৰ পৰা ত্ৰিশ মাত্ৰা (SPF) ছানস্ক্ৰীন প্ৰতি তিনি-চাৰি ঘণ্টাৰ অন্তৰালত ব্যৱহাৰ কৰা ভাল। বাহিৰলৈ ওলোৱাৰ বিশ-ত্ৰিশ মিনিট আগেয়ে ছানস্ক্ৰীন ব্যৱহাৰ কৰিব লাগে। বৰফাবৃত অথবা উপকূল অঞ্চলৰ অতি বেঙুনীয়া ৰশ্মি তীব্ৰ হেতুকে তেনে অঞ্চল ভ্ৰমণ কৰিলে ছানস্ক্ৰীন অধিক মাত্ৰাৰ আৰু অধিক সঘনাই ব্যৱহাৰ কৰা উচিত। টি. ভি. পৰ্যাপ্ত দূৰত্বৰ পৰা চোৱা উচিত। কম্পিউটাৰৰ সন্মুখত বিৰতিহীনভাৱে কাম নকৰিব। তীব্ৰ চোকা পোহৰযুক্ত টেবুল লাইট ব্যৱহাৰ নকৰিব। শালমইনাৰ পৰা হোৱা কলা দাগ গালত শালমইনাই দেখা দিলেই, তাক চিকুণি চেপি ভাঙি সিহঁতক সিফলীয়া কৰাৰ প্ৰৱণতাই এনে বিপদ বেছিকৈ মাতে। ছালত থকা ছেবাচিয়াছ গ্ৰন্থিৰ তৈলাক্ত নিঃসৰণ নিৰ্গত হোৱা পথ জীৱাণু আৰু তৈল পদাৰ্থৰ দ্বাৰা বন্ধ হোৱাৰ ফলত শালমইনা উৎপন্ন হয়। এই ক্ষেত্ৰত এন্দ্ৰ’জেন শ্ৰেণীৰ হৰ’মনৰ প্ৰভাৱো থাকে। গুটি, ফোঁহা, পূজ, দাগেৰে সৰ্বস্বান্ত মুখখন লৈ ৰোগীজন হতাশ হৈ পৰে। প্ৰতিৰোধৰ ব্যৱস্থা নিয়মিত কম চোকৰ চাবোন বা ফেচৱাছৰ দ্বাৰা মুখ ধোৱা। চুলিৰ তেল আৰু মুখৰ প্ৰসাধনৰ পৰা আঁতৰি থকা। মা-মছলাযুক্ত খাদ্য, কফি, চকলেট পৰিহাৰ কৰা উচিত। ৰজাচিয়াৰ লক্ষণ এই অসুখ পখিলাৰ মেলা পাখি দুখনৰ দৰে। নাকটোৰ দুয়োকাষে গাল দুখন ৰঙা পৰে, তাত সৰু গুটি উঠে, উত্তাপ বা পোৰণি অনুভৱ হয়। বিশেষকৈ ৰ’দ পালে, গৰম পানীৰে মুখ ধুলে, সেক-পোতক ল’লে, তপত মছলাযুক্ত খাদ্য সঘনাই গ্ৰহণ কৰিলে এই অসুখৰ লক্ষণে বেছিকৈ আমনি কৰে। এনে কাৰকবোৰৰ উপৰি ৰজাচিয়া ৰোগাক্ৰান্ত লোকে টোপনি ক্ষতি, উপবাস বা অনাহাৰে থকা, সুৰা আৰু ফাষ্ট ফুডৰ অভ্যাস, অত্যধিক মানসিক চাপ এৰাই চলা খুব প্ৰয়োজনীয়। পেৰি অৰেল ডাৰমাটাইটিছৰ লক্ষণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা এই অসুখত মুখগহ্বৰৰ চৌপাশে নাকৰ পৰা থুঁতৰিলৈকে সৰু সৰু গুটি বা ফোঁহা সিঁচৰিত হৈ পৰে। সামান্য খজুৱতি বা মৃদু পোৰণি অনুভৱ হয়। নখৰ আঘাতে তথা ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ অবিহনে ফাৰ্মাচীৰ পৰা কিনি আনি ব্যৱহাৰ কৰা ষ্টেৰয়ডযুক্ত মলমে ৰোগ জটিলতৰ কৰি তোলে। এনে ৰোগীয়ে খাদ্য বা পানীয় তপতে খোৱাৰ অভ্যাস এৰিব লাগে। লিপষ্টিক বা লিপগ্ল’ এৰিব লাগে। মছলাযুক্ত তথা পেকেজড্ খাদ্য পৰিহাৰ কৰিব লাগে। কনটেক্ট ডামাটাইটিছ এই শ্ৰেণীৰ অন্তৰ্গত এলাৰ্জিজনিত ছালৰ বিকাৰ কেতবোৰ ৰাসায়নিক আৰু ধাতৱ কণিকাৰ সংস্পৰ্শত হয়। কাৰক আৰু উপায় – বহু মহিলাৰ সেন্দূৰৰ ফোঁট লোৱা অংশত ছাল ৰঙা পৰি এৰায়, খজুৱায়, কেতিয়াবা বগা দাগ পৰে। বিয়াৰ বহু দিনৰ পাছতো এনে উপসৰ্গ হ’ব পাৰে। এনে মহিলাই গুড়ি সেন্দূৰ বৰ্জন কৰি আন বিকল্পৰ ব্যৱহাৰ কৰাৰ লগতে সঘনাই ফোঁটৰ স্থান সলাই থাকিব। ফোঁট লোৱা ঠাইত তৈলাক্ত পদাৰ্থ সনা আৰু চাবোন লগাব নালাগে। লিপষ্টিক, চুলিত সনা কলপ, নখ পালিচ, আই লাইনাৰ বা কাজল অথবা আন প্ৰসাধন সামগ্ৰীৰ পৰাও এনে প্ৰতিক্ৰিয়াশীল উপসৰ্গ হ’ব পাৰে। জেনথেলাজমা চকুৰ কোণত, তলফালে কিম্বা কাষলৈ উৎপন্ন হোৱা বগা-হালধীয়া উখহা বা মিহি চকলাবোৰক কোৱা হয় জেনথেলাজমা সহজ ভাষাত বহুতে কয় কলেষ্ট্ৰেৰল হোৱা বুলি। ছালৰ মাজত স্নেহজাতীয় পদাৰ্থ জমা হোৱাৰ ফলত এনে হয়, কিন্তু বহু ৰোগীৰ তেজত থকা কলেষ্ট্ৰেৰল, ট্ৰাইগ্লিচাৰাইড, লাইপ’প্ৰ’টিন আদিৰ মাত্ৰা ঠিকেই থাকে। একাংশৰ এই মাত্ৰা তেজতো বাঢ়ে। ভুক্তভোগীৰ কৰণীয়ঃ খাদ্যসূচীত অতিৰিক্ত মাত্ৰাত স্নেহৰ পৰিমাণ কমোৱা, নিয়মিতভাৱে শাক-পাচলি, ফলমূল, ভিটামিন ‘চি’যুক্ত খাদ্য আৰু প্ৰচুৰ পানী গ্ৰহণ কৰক। মেদবহুলতা আৰু মানসিক চাপ এৰাই চলাৰ প্ৰয়াস কৰিব লাগে। মলাস্কাম এবিধ ভাইৰাছজনিত ৰোগ সঘনাই দেখা পোৱা যায়। এই ৰোগত মুখৰ অ’ত-ত’ত সৰু সৰু টান মণিটোৰ নিচিনা গুটি হয়। গুটিটোৰ মাজত একোটা ছিদ্ৰ আৰু ভিতৰত চাউলৰ নিচিনা এটা শাল থাকে। বিষ-কোপ নাথাকে। কেতিয়াবা বেছ ডাঙৰো হয়। মহিলাৰ চেলাউৰিৰ ওচৰত আৰু পুৰুষৰ ডাড়ি থকা অংশত সঘনাই এনে গুটি আৰম্ভ হয়। দ্ৰুতভাৱে হাত কাপোৰত লাগি বিয়পি যোৱাবিধৰ ৰোগ ই। কৰণীয় অকৰণীয় মলাস্কামবোৰ চুই-চিকুটি থাকিব নালাগে। হোৱা অংশত ব্যৱহৃত টাৱেল, গামোচা অনাক্ৰান্ত অংশত লগাব নালাগে। ব্যৱহৃত কাপোৰ-কানি আনৰ সৈতে ভগাই ল’ব নালাগে। আচিনা ই আন এক শ্ৰেণীৰ ভাইৰাছৰ পৰা হোৱা ৰোগ। সৰু সৰু ক’লা বা ছাল বৰণৰ চেপেটা বা কেতিয়াবা দীঘলীয়া গুটি হিচাপে দেখা দিয়ে। এটা-দুটাকৈ বাঢ়ে। দুয়োবিধ ভাইৰাছজনিত ৰোগ ইলেক্ট্ৰকোটাৰাইজেশ্যন বা ক্ৰায়’থেৰাপীৰ দ্বাৰা আঁতৰাব পাৰি। কেতিয়াবা ৰেটিনয়িক বা চেলিচাইলিক এচিড, ফ্লৰইউৰাচিল, পডফাইলিন আদি প্ৰয়োগ কৰা হয়। হাৰপিছ জ্বৰ শুং হৈছে বুলি ভবা হাৰপিছ ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ। ওঁঠৰ এচুকত সৰু গুটি বা জোলাৰ থূপ এটা হয়, পিৰপিৰণি বা জ্বালা-পোৰা ভাৱ এটা হয়। নিজে নিজেই নিজনি পৰে। চিকিৎসা ল’লে সোনকালে শুকায়। ৰোগৰ কাৰক টোপনি খতি অত্যধিক শাৰীৰিক-মানসিক চাপ উদ্বিগ্নতা আদিয়েই প্ৰধান বৃদ্ধি কৰে। ছিৰিংগমা ছালৰ সূক্ষ্ম টিউমাৰ শ্ৰেণীৰ সমস্যাত চকুৰ তলৰফালে দুকাষে সৰু সৰু চেপেটা ছালৰ ৰঙৰ গুটি হয়। ই চিন্তনীয় অসুখ নহয়। সৌন্দৰ্য সচেতন লোকৰ বাবে কেমিকেল বা ইলেক্ট্ৰকোটাৰাইেজশ্যন বা ক্ৰায়’থেৰাপীৰ দ্বাৰা চিৰিংগমাবোৰ বিনাশ কৰিব পাৰি। সি যি নহওক, আমাৰ মুখমণ্ডলত হ’ব পৰা এনে ধৰণৰ ছালৰ সমস্যাবোৰৰ সম্পৰ্কে সম্যক জ্ঞাত হৈ সজাগ-সতৰ্ক হ’লে বহু ৰোগৰ পৰা হাত সাৰি থাকিব বা প্ৰকোপ লাঘৱ কৰিব পৰা যায়। লিখক; ডাঃ প্ৰাঞ্জলজ্যোতি দত্ত